
শিপিনী সকলৰ লগত তাঁতশালৰ এক অটুত সম্পৰ্ক আছেI শিপিনী সকলৰ পৰশত তাঁতশালত সৃষ্টি হয় হেঁপাহ, আশা, মৰম-চেনেহৰ চিনI তাঁতশালক লৈ কিমান গীতিকাৰে যে গীত ৰচিছে, কিমান কবিয়ে কবিতা লিখিছেI
"তাঁতৰে পাততে বহিবি সঘনাই
সুঁহুৰি মাৰিমগৈ মই তোকে শুনাই"- মহেন্দ্ৰ হাজৰিকা I
কোৱা যায় যে তাঁতশালত বহি শিপিনীজনীয়ে মাকো মাৰে কিন্তু চকু পদুলিত থাকেI বসন্তৰ সুৱাশে মনবোৰ চঞ্চল কৰেI চেনাইয়ে বিহুৰ আখৰা কৰি থাকে আঁহতৰ তলতI ঢোলৰ চাপৰ শুনি ৰ'বকে নোৱাৰেI মাকো সৰে, সূতা চিঙেI
অতীজৰ পৰাই তাঁতশালৰ লগত অসমীয়া সমাজৰ নিবিড় সম্পৰ্ক আছেI প্ৰতি ঘৰ মানুহৰ ঘৰতেই তাঁতশাল আছিলI বোৱা-কটাত সকলো মহিলাই পাকৈত আছিলI মহিলা সকলে নিজে বোৱা কাপোৰ পিন্ধিছিলI আজিৰ দৰে কোনো দোকান বা ছপিং মলত যাব লগা হোৱা নাছিলI সকলো সৰল আৰু সহজ আছিলI সেয়ে হয়তো মৰম ভালপোৱাও নিভাজ আছিলI মহিলা সকলৰ মনবোৰ শিল্পী সুলভI তেঁওলোকৰ সেই শিল্প প্ৰকাশ পাই তাঁতশালত বুলোৱা লিহিৰী আঙুলিৰ পৰশতI বসন্তৰ আগমনত সকলোৰে মনবোৰ উগুল থুগুল হয়I চেনেহৰ বহাগ বিহুৰ বাবেI বহাগে কঢ়িয়াই আনে চেনেহ, মৰম, ভালপোৱাI এই বহাগত শ্ৰদ্ধা আৰু মৰমৰ চানেকি আমাৰ বিহুৱানখনিI বিহুৱান বা গামোচা শিপিনী সকলৰ বহু আদৰৰI মাঘ-ফাগুন মানৰ পৰাই শিপিনীসকলে গামোচা ববলৈ যো-যা কৰেI শিপিনী সকলৰ মনৰ আৱেগ, আশা সকলো গামোচাখনত প্ৰাণ পাই উঠেI
তাঁতশালত কি সৃষ্টি নহয়! মেখেলা চাদৰ, গামোচা, ৰুমাল, চেলেং চাদৰ, ৰিহা, টঙালী, হাঁচতি, আদি বহুতোI দৈনন্দিন জীৱনত লাগতিয়াল সকলো কাপোৰেই বব পাৰিI বজাৰত কপাহী কাপোৰ কিনিলে কেতিয়াবা ঠগ খোৱা যায়I কি সূতা লগ কৰি বোৱা হৈছিল গম পোৱা নাযায়I কিন্তু তাঁতশালত লগোৱা কাপোৰখন নিভাজ থাকেI যি ধৰণৰ লাগে বই লব পাৰিI পাট, মুগা, কপাহ সকলো বব পাৰিI তাঁতশালক শিপিনী সকলে গোঁসাইৰ দৰে পূজেI সাত বিহুৰ চতুৰ্থ দিনটি তাঁত বিহুI তাঁতশালৰ চালিৰ তলত চাঁকি জ্বলাই সেৱা লোৱা হয়I
তাঁতশালখন দৈনন্দিন জীৱনত প্রয়োজনীয় সম্পদI বৰ্তমান সময়ত প্ৰতি ঘৰ মানুহৰেই তাঁতশালখনি নাই যদিও ইয়াৰ চাহিদা ব্যৱসায়িক ক্ষেত্ৰত বহু আগবাঢ়ি গৈছেI বিভিন্ন এন. জি.অ সকলে হস্ত শিল্পক গুৰুত্ব দিয়া দেখা গৈছেI আনহাতে হাতে বোৱা কাপোৰৰ চাহিদাও বহু বাঢ়িছেI বস্ত্ৰ মেলাত হাতে বোৱা কাপোৰ বিচাৰি মানুহৰ ভিৰ পৰিলক্ষিত হৈছেI কেৱল অসমতে নহয় বিশ্বৰ দৰবাৰত চাহিদা বাঢ়িছে তাঁতশালত বোৱা অসমীয়া সাজপাৰৰI বহু দৰিদ্ৰ মহিলাই তাঁতশাল খনকে জীৱিকা হিচাপে লৈছেI তেনে মহিলা সকলক চৰকাৰৰ ফালৰ পৰা এখনি সহায়ৰ হাত আগবঢ়ালে উপকৃত হ'বI সহায় আৰু উৎসাহ পালে শিপিনী সকল ওলাই আহিব নিজাকৈ কিবা কৰাৰ বাবেI শিপিনী সকলৰ পৰিচয় গঢ়াৰ বাবে উত্তম পথ তাঁতশালI তাঁতশালখন অসমীয়া জন-জীৱনৰ স্বাভিমানI চিন্তনীয় বিষয় এয়ে যে যুগৰ পৰিৱৰ্ত্তনৰ লগত যাতে ইয়াক হেৰুৱাই পেলাব লগীয়া নহয়I সেইটো নহ'বৰ বাবে আমি বোৱা কাপোৰ ক্ৰয়ৰ ওপৰত গুৰুত্ব দিব লাগিবI থলুৱা শিপিনী সকলে বোৱা গামোচা ক্ৰয় কৰিব লাগিবI বিহুগীতত ব্যৱহাৰ হোৱা কেৱল এটি শব্দ হ'ব দিব নোৱাৰি তাঁতশালI
0 Comments