অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্য ||Bhada Maah

 
 

 অসমীয়া লোকজীৱনত ভাদ মাহৰ তাৎপৰ্য

ৰ'জলীনা কলিতা


অসমীয়া বাৰটা মাহৰ প্ৰতিটো মাহেই গ্ৰাম্য জীৱনৰ নানান ছবি অংকণ কৰে I বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত I এই বাৰটা মাহৰেই আছে নিজা নিজা বৈশিষ্ট্য I বহাগত প্ৰকৃতিৰ মনোমোহা ৰূপ আকৌ শাওণৰ পথাৰৰ সেউজীয়া, কৃষকৰ ব্যস্ততা I মাহবোৰৰ কথা আহিলে শৈশৱত পঢ়া কুঁহিপাতৰ 'মাহবোৰৰ গীত' কবিতাটি মনলৈ আহে - 'বহাগ মাহত গছৰ ডালত/ফুলে কপৌ ফুল/ জেঠমহীয়া ৰ'দৰ তাপত/ শৰীৰ বিয়াকুল' I গ্ৰাম্য জীৱনৰ এখনি ধুনীয়া ছবি প্ৰতিটো মাহেই কঢ়িয়াই লৈ ফুৰে I

    বহাগ, জেঠ, আহাৰ, শাওণ গ'ল I আৰম্ভ হ'ল ভাদ মাহ I শাওণৰ পথাৰত ব্যস্ততাৰ অন্ত নাছিল I ভাদ মাহে যেন লৈ আহিছে জিৰণিৰ বতৰা I পৱিত্র ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে নাম-প্ৰসংগৰে মুখৰিত হয় নামঘৰ-সত্ৰ সমূহ I ভক্তপ্ৰাণ ৰাইজ নামৰ তালে তালে ভক্তিৰসত বুৰ যায় I এনে নহয় যে আন মাহত নামঘৰত নাম-কীৰ্ত্তন নহয় I খেতি পথাৰৰ ব্যস্ততাৰ বাবে সকলোৱে মিলি প্ৰতিদিনে নামঘৰ যাব নোৱাৰে I ভাদ মাহত পথাৰত ব্যস্ততা নাথাকে I সেয়ে সকলো মিলি প্ৰতিদিনে নাম-প্ৰসংগ কৰে I ভাদমহীয়া নাম বুলি কলেই মনলৈ আহে প্ৰশান্তি I এই পৱিত্ৰ ভাদ মাহতেই আহে অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি I ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীও পৰে এইটো মাহতে I কেৱল গ্রামঞ্চলতেই নহয় অসমৰ চহৰ-নগৰৰ নামঘৰতো আৰম্ভ হয় নাম-প্ৰসংগ I এই পৱিত্ৰ ভাদ মাহত সকলোৱে নামঘৰত শৰাই দিবলৈ 'মানস' কৰে I যিহেতু প্ৰতিদিনে নাম-প্ৰসংগ হয় সেয়ে একোটা দিনত এঘৰ বা দুঘৰ মানুহে শৰাই আগবঢ়াই I কল, বুট, নাৰিকল, নাচপতি, কুঁহিয়াৰ, ৰবাব টেঙা, পিঠাগুৰিৰ লাড়ু আদি প্ৰসাদ হিচাপে শৰাইত আগবঢ়াই I নাম-প্ৰসংগ শেষ কৰি সকলোৱে সেৱা লোৱাৰ পিছত নিৰ্দিষ্ট কেইজনমান লোকে প্ৰসাদ বিতৰণ কৰে I ভাদমহীয়া নামৰ প্ৰসাদৰ সোৱাদেই সুকীয়া I

    মাজুলী, বৰদোৱা, বৰপেটাৰ সত্ৰ সমূহতো আৰম্ভ হয় ভাদমহীয়া অনুষ্ঠান I পুৱাৰ পৰা নিশালৈ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে মাজুলীৰ আকাশ বতাহ I বৰদোৱাতো পুৱাৰ পৰা নিশালৈ চলে তাল-প্ৰসংগ, মঞ্জিৰা নাম, আই সকলৰ নাম, ঘোষা-কীৰ্তনৰ নাম I আনহাতে মহাপুৰুষ দুজনাৰ তিথিত অনুষ্ঠিত হয় ভাওনা I বৰপেটা সত্ৰৰ এক আকৰ্ষণীয় অনুষ্ঠান 'কৰভাৰ' I ভক্তসকলে গীত গাই, খোল-তাল বজাই, হৰিধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি শোভাযাত্ৰাৰে কৰভাৰ নিয়ে সত্রলৈ I শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তন মহোৎসৱৰ দিনা বৃন্দাৱনহাটীৰ বাপুসকলে কৰভাৰ প্ৰদান কৰে I শ্ৰীশ্ৰীমাধৱদেৱৰ কীৰ্ত্তনত দক্ষিনহাটীৰ বাপুসকলে কৰভাৰ প্ৰদান কৰে আৰু বুঢ়া আতাৰ কীৰ্ত্তনত নহাটীৰ বাপুসকলে কৰভাৰ প্ৰদান কৰে I মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱে মথুৰাদাস বুঢ়া আতাক বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ পাতি সত্ৰলৈ কৰ আগবঢ়াইছিল৷ এই আদৰ্শৰ ভিত্তিতেই কীৰ্ত্তন মহোৎসৱত সত্ৰত কৰভাৰ প্ৰদান কৰা প্ৰথা প্ৰৱৰ্তিত হয়৷ বৰপেটাৰ ২২খন হাটীৰ তিনিখন থূল হাটীয়ে কৰভাৰ দিয়াৰ দায়িত্ব পালন কৰি আহিছে I কৰভাৰত হাটীৰ নিয়মানুযায়ী চাউল, তেল-নিমখ, কোমোৰা, ঔটেঙা, পূৰাকল আদি ভাৰ বান্ধি লৈ আনি সত্ৰৰ মঠৰ চোতালত প্ৰদান কৰে৷

    সময়ৰ লগত পৰিৱৰ্তন আহিলেও ভাদ মাহৰ মহত্ব একেই আছে I অসমৰ গ্ৰামঞ্চলত নামঘৰত ভাদমহীয়া নাম ধৰা হয় I পুথি-পাঠ কৰা হয় I গাঁৱৰ দৰে প্ৰতিদিনে নোৱাৰিলেও চহৰ আৰু নগৰতো পালন কৰে এই পৰম্পৰা I অসমৰ বাহিৰত বাস কৰা বহু অসমীয়া লোকেও ভাদমহীয়া নাম আৰু ভাওনা অনুষ্ঠিত কৰা দেখা যায় I তেনে এক উদাহৰণ- লুইত, দ্য আছামীজ ছ'চাইটি ইন পুনে I এই পৱিত্ৰ মাহত সকলোৱে ভগৱানৰ আশীষ লয়, কুশল-মঙ্গল কামনা কৰে I আমিও এই ধৰ্ম মাহত ভগৱানৰ ওচৰত সেৱা জনালো সকলোৰে কুশল কামনাৰ্থে I

_________________________________________

@Published in Weekly newspaper 'GanaStambha' on 21st Aug, 2020

Post a Comment

0 Comments