আহাৰ মাহৰ এখন জীয়া ছবি
-----------------------------------------
ড° ৰ'জলীনা কলিতা
আহাৰ মাহ আৰু অসমৰ গ্ৰাম্য জীৱনৰ এক নিবিড় সম্পৰ্ক আছে I আহাৰ মাহ আহিলেই মনলৈ আহে ৰ'দৰ ভমক আৰু সেই ৰ'দৰ চমক I আহাৰ মাহ মানেই পথাৰ সেউজীয়া হোৱাৰ সময় I এইটো মাহত খেতিয়ক সকলৰ ব্যস্ততা ভৰা সময় I খেতি পথাৰ চহাই কঠীয়া ৰুবৰ বাবে পথাৰৰ মাটি সাজু কৰাৰ সময় I আহাৰ মাহ মানেই বৰষুণ I সেই বৰষুণৰ পিছতেই মানুহবোৰে মাছৰ উজন চাব যায় I খাল, নৈ, বিল, পানীৰে ভৰি পৰে I ডৰিকনা, পুঠি, খলিহনা, কাৱৈ, গৰৈ, চেঙেলী আদি মাছেৰে ভৰি পৰে I পথৰ দাঁতিত থকা সৰু সৰু খালবোৰৰ কাষে কাষে মানুহে জুম বান্ধে I তাত কোনোবাই বৰশী পাতে, কোনোবাই জাল, কোনোবাই পথাৰত পাতে কাৱৈলাঙী জাল নতুবা চেপা I দোপাল পিটা বৰষুণত গাঁৱৰ ৰাস্তা বোকাময় হৈ পৰে I সেই বাটেৰে বোৱাৰী-জীয়ৰী সকলে পেটিকোটতো কলাফুললৈ কোচাই, মূৰত গামোচাখন মাৰি জাকৈ আৰু কঁকালত খালৈটো খুচি লৈ পথাৰত নামে I ডৰিকনা, পুঠি, খলিহনা, কাৱৈ আদি সৰু-বৰ মাছেৰে খালৈ ভৰি পৰে I কৃষক সকলো কান্ধত নাঙল লৈ খেতি পথাৰত নামে I জাকৈ মাৰি থকা বোৱাৰী-জীয়ৰী সকলৰ হাঁহিৰে পথাৰত প্ৰভাতী সূৰুজৰ কিৰণ নামে I
আহাৰ মাহৰ ভৰ দুপৰীয়া খেতি পথাৰত ব্যস্ত কৃষক সকল, ৰোৱনী সকলৰ বাবে ঘৰৰ পৰা পঠাই দিয়া হয় দুপৰীয়াৰ আহাৰ I সেই আহাৰ সাজত থাকে ভাত, মাটি ডালি, কল পচলা, লেবেৰা বা তৰকাৰী, ভোট জলকীয়া আদি I বহুতে আকৌ জুতি লয় বৰা চাউলৰ জলপানৰ সৈতে কঠালৰ I পথাৰৰ কাষত থকা সৰু জান, নৈ বা খালত মুখ-হাত ধুই আহি সকলোৱে আহাৰ খাবলৈ বহে I ডাঙৰ গছৰ ছাঁয়াত, ৰিব্ ৰিব্ বতাহৰ পৰশত এসাজ তৃপ্তিৰে খাই ভাগৰ জুৰ পেলায় I আহাৰ মাহ ভৰপূৰ মাহ I প্ৰায় সকলোবোৰ ফলেই এই মাহত পকিব ধৰে I আম, কঠাল, জাম, লেটেকু, পনিয়ল আদি পকি গোন্ধত আমোল-মোলাই থাকে I সেয়ে পথাৰৰ মাজত বা পথৰ দাঁতিত থকা আম গছ আৰু জাম গছৰ তলত সৰু ল'ৰা-ছোৱালী, ডেকা-গাভৰুৰ ভিৰ দেখা যায় I ফৰ্মূটি মাৰি আম বা জাম খোৱাৰ মজাই যে বেলেগ I আহাৰ মাহে অংকণ কৰে গ্ৰাম্য জীৱনৰ এখন জীয়া ছবি I
আহাৰ মাহত পৃথিৱী ঋতুমতী হয় I এই সময়খিনিক অম্বুবাচী বা আমতি চুৱা বোলে I অম্বুবাচী এক লোকাচাৰ I অসমৰ ৰাইজে বিভিন্ন নীতি নিয়মৰ মাজেৰে এই সময়খিনি পালন কৰি আহিছে I অম্বুবাচীৰ আৰম্ভণি দিনটোক ' অম্বুবাচী প্ৰবৃত্তি' আৰু শেষৰ দিনটোক 'অম্বুবাচী নিবৃত্তি' বোলে I এই ধৰা সকলোৰে আই I লোক বিশ্বাস মতে আমতিৰ সময়ত ধৰিত্ৰী আইৰ ৰজস্বলা হয় I সেয়ে এই দিন কেইটাত মাটি খন্দা, ফল-মূল চিঙা, গোঁসাই ঘৰত সোমোৱা নিষেধ I আমতিৰ চুৱাৰ দিন কেইটাত প্ৰয়োজনীয় খোৱা বস্তু খিনি ৰাখি বাকী সকলো বস্তুবোৰ একাষৰীয়াকৈ ৰাখে যাতে কোনেও চুব নোৱাৰে I অম্বুবাচীৰ শেষৰ দিনা কানি-কাপোৰ ধুই, পাকঘৰৰ সকলো বাচন-বৰ্ত্তন ধুই ঘৰৰ গোটেই চৌপাশ পৰিষ্কাৰ কৰা হয় I আহাৰ মাহত অনুষ্ঠিত হোৱা অসমৰ এক জনপ্ৰিয় উৎসৱ হ'ল 'অম্বুবাচী মেলা' I এই মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয় I লোক বিশ্বাস মতে আমতি চুৱাৰ সময়ত কামাখ্যা দেৱী ঋতু প্ৰাপ্ত হয় I সেয়ে এই সময়ত মন্দিৰৰ দুৱাৰ বন্ধ থাকে I অম্বুবাচীৰ শেষৰ দিনা দেৱীক ৰীতি-নীতিৰে স্নান আৰু পূজা কৰি ভক্তৰ বাবে দুৱাৰ খুলি দিয়া হয় I পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু, সন্ন্যাসী, ভক্তৰ সমাগম হয় I অম্বুবাচীৰ দিনটোত নীলাচল পাহাৰৰ বুকু ভক্তি ভাৱেৰে উপচি পৰেI
*****************
@Published in weekly Gana Stambha, 18/06/2021
0 Comments