
মোৰ গাঁওখনিলৈ সোমোৱাৰ মূল পথতেই আছে এজোপা জামৰ গছ। ডাল ভৰি লাগিছে চাগৈ। মোৰ বগা ফ্ৰকটো তাৰ কলা দাগেৰে ফুট ফুটিয়া কৰি দিছিল। পথৰ কাষত থকা খালটোত হাঁহ বোৰে কি যে সাঁতুৰিছিল। সিঁহতৰ পাখিৰ কোবত পানীবোৰ চিটিকি পৰিছিলহি গাত। খেজুৰৰ গছ কেইডাল, আমৰ গছ কেইডাল এতিয়া মাথো স্মৃতি। বাকাৰাৰ তেতেলী জোপা, বগৰী জোপা আৰু বেত গছৰ জোপোহা কেইটাৰ পৰা বেত গুটি খোৱা সকলোবোৰ স্মৃতি মাথো। শৈশৱত উমলি ফুৰা ঠাইবোৰে আমনি কৰে ফ্লেটৰ দৰ্জাৰ ইপাৰে।
জেঠ মাহI ৰ'দে পুৰা গাত ঘামে তিৰবিৰাই। কেইদিনমান পিছত পথাৰখনো সেউজীয়া হ'ব। পথাৰলৈ চাহ জলপান লৈ যোৱা দিনবোৰ কিমান ভাল আছিল। তেতিয়া বুজিব পৰা নাছিলো এদিন সেই গাঁও খনি এৰিব লাগিব। পথাৰখনলৈ ঘনে ঘনে লৰ দিছিলো কঠিয়াৰ পৰা কিমান দিনত ধান হয় চাবলৈ। সৰি থকা শিলিখা, ঔ টেঙা গোটাই আনিছিলো। এতিয়া সেই ঠাইৰ প্ৰতিচ্ছবি চকুৰ আগত ভাহি থাকে।
এৰি অহাজনেহে অনুভৱ কৰিব পাৰিব কিমান বেদনাদায়ক নিজৰ প্ৰিয় ঠাইখন এৰি অহাটো। যেতিয়া তাৰ বুকুৰ উমত আছিলো হয়তো বুজা নাছিলো তাৰ মৰম, চেনেহI এতিয়া তাৰ বুকুত এবাৰ মুৰ থৈ শুৱ মন যায়। এবাৰ সুধিব মন যায় এতিয়াও সোনাৰুৰে হাঁহেনে, এতিয়াও তেতেলীজোপাত ভুত ওলাইনে? মোৰ সেই আপোন ঠাইখনেই সাহস দিয়ে জীয়াই থকাৰI তথাপি কেতিয়াবা নীৰৱে উচুপি উঠো।
@Published in Assamese Daily Newspaper'Asomiya Khabar',18/05/2020
5 Comments
ধুনীয়া হৈছে ৷
ReplyDeleteThanks
Deleteধুনীয়া হৈছে ৷
ReplyDeleteধুনীয়া হৈছে ৷
ReplyDeleteVery nice
ReplyDelete