তই অহাৰ বাতৰি || Poem

 

 

তই অহাৰ বাতৰি
--------------------------
ড° ৰ'জলীনা কলিতা

তই অহাৰ বাতৰি তেনেকৈয়ে পাম
যেতিয়া,
বৰষুণত তিতি তিতি
প্ৰকৃতি সেউজীয়া হ'ব,
কুলিয়ে গছৰ ডালত বহি
কুঁ-কুঁ কৈ মাতিব,
তাঁতশালত মাকোৱে খিট্‌খিটাব
গাভৰুৱে হাতত জেতুকাৰ বোল লগাবl

তই অহাৰ বাতৰি তেনেকৈয়ে পাম
যেতিয়া,
মলয়াই নাহৰৰ পাতত
চুমা যাচিব,
গছৰ ডালত কপৌ পাহিয়ে
মিঁচিকিয়াই হাঁহিব,
ঢোল, পেঁপা, গগনাই ৰিণিকিয়াই মাতিবI

তই অহাৰ বাতৰি তেনেকৈয়ে পাম
যেতিয়া আহাৰ মাহৰ বৰষুণত
পানীৰে উপচি পৰা
খাল, বিল, নৈত মাছে খলকনি তুলিব,
ৰোৱনীয়ে ভুঁই ৰোৱাত ব্যস্ত হ'ব
আম, জাম, কঠাল, লেটেকু, পনিয়ল পকিব I
@published in Dainik Gana Adhikar, 16/06/2021

Post a Comment

0 Comments