জীৱনৰ লগৰী--ৰেডিঅ|| Radio

 


জীৱনৰ লগৰী--ৰেডিঅ

---------------------------------
ড° ৰ'জলীনা কলিতা

তই আৰু মই
মই আৰু তই
আমি আজীৱন লগৰী.....
শৈশৱত 'অকনিৰ মেল'
কৈশোৰত 'চেমনীয়াৰ চ'ৰা'
যৌৱনত 'গীতিমালিকা'
বিবিদ ভাৰতীৰ 'সখী সহেলী'
আকাশবাণীৰ 'যুৱবানী',
'সাতসৰী','সেউজী চ'ৰা',
'আইদেউৰ বুলনি'
তই মোৰ দিন আৰু ৰাতিৰ লগৰীI

ৰাতিৰ এন্ধাৰত দুচকু মুজি
বিচনাত এৰি দিও শৰীৰ
সাৱটি লঁও তোক দুবাহুত
তেতিয়া তোৰ তৰংগত
ভাহি আহে কানৰ চিনাকি
চকুৰ অচিনাকি কন্ঠস্বৰবোৰ
এই সম্পৰ্ক যোগ যুগান্তৰৰ....

পৰিৱৰ্ত্তন?
নহয়, এয়া সংযোজনI
মোৰ গাঁওৰ পেৰেদী পেহীৰ দৰে
তইও বিভিন্ন মাতেৰে
মোক ৰং দিবলৈ চাৱ
কেতিয়াবা আৰ. জে সুজিতা হৈ
কেতিয়াবা আৰ. জে মেন্দী হৈ
আমাৰ গাঁওৰ হৰেণৰ পুতেকে
আজিকালি খুহুতীয়া কথাৰে
মঞ্চ হেনো কপাই দিয়ে
তেতিয়া তোৰ 'ঢোলে-ডগৰে'লৈ মনত পৰে

তই আৰু মই
মই আৰু তই
আমি আজীৱন লগৰী........

*********************
@Published in Weekly Gana Stambha, 30/04/2021





Post a Comment

0 Comments