আকাশৰ বুকুত উৰি ফুৰা চৰাইজাক
-------------------------------------------------
ড° ৰ'জলীনা কলিতা
বনৰীয়া আমি বনৰ চৰাই
বনে বনে ফুৰো অনাই বনাই
---- জ্যোতিপ্ৰসাদ আগৰৱালা
নীল আকাশৰ বুকুত উৰি ফুৰে চৰাই I ইঁহত মুক্ত, ৰঙীন, আনন্দিত I মানৱ জীৱনৰ দৰে নহয় ইঁহতৰ জীৱন জটিল I সেয়ে কেতিয়াবা চৰাই হ'ব মন যায় I পাখি মেলি উৰিব মন যায় মুক্তভাৱে I চৰাইৰ মাতত আছে উৎফুল্লতা, হিয়া জুৰ পৰি যোৱা মাদকতা I কবি, গীতিকাৰৰ ইঁহতক লৈ বহু জল্পনা-কল্পনা I কত কবিতা, গীত সৃষ্টি হয় চৰাইৰ মাত, বৰণ, ঠোঁট, পাখি আদিক লৈ I যিমান বৰ্ণনা কৰিলেও যেন অন্ত নহয় ইঁহতৰ কথা I প্ৰতিটো ঋৃতুত বেলেগ বেলেগ চৰাইৰ মাত শুনিব পোৱা যায় I চৰাই-চিৰিকতিৰ মাতেই ঋৃতু পৰিৱৰ্তনৰ বাৰ্তাবাহক I বিশেষকৈ বসন্ত কালত কুলি, কেতেকী চৰাইৰ মাতে অমিয়া ৰহন সানে I চৰাইৰ ৰং, ৰূপ আদিয়ে বিয়ানাম, বিহুনাম, ধাইনাম, লোকগীত সমুহত এক সুকীয়া স্হান লাভ কৰিছে I অসমত দেখা পোৱা চৰাইৰ ভিতৰত কুলি, কেতেকী, ফেঁচা, বতাহী, ভাটৌ, বালিমাহী, টুনি, শালিকা, বাঢ়ৈটোকা, মাছৰোকা, শগুন, হাইঠা, দেওহাঁহ, হাড়গিলা, কাউৰী, শৰালি হাঁহ, চিলনী, বগলী, কামচৰাই, ডাউক, হুদু, পাটমাদৈ, দিনকণা, পাটমাদৈ, পাৰ, ঘনচিৰিকা, বাদুলী, মইনা, টোকোৰা, দহিকতৰা আদিয়ে প্ৰধান I এই চৰাই সমূহে অসমীয়া ফকৰা যোজনা, সাধু, গীত, কবিতাত বিশেষ চৰ্চা লাভ কৰি আহিছে I
'হুৰ হুৰ বতা চৰাই, মোৰ ধান নাখাবি, তোক দিম গোটা কৰাই' -- লক্ষ্মীনাথ বেজবৰুৱাৰদেৱৰ 'চম্পাৱতী' নামৰ সাধুটিত আমি বতা চৰাইৰ বিষয়ে পাঁও I সেইদৰে 'ঢোঁৰা কাউৰী আৰু টিপচী চৰাইৰ সাধু' , 'চিলনী জীয়েকৰ সাধু' আদিয়ে চৰাইৰ কথাৰে আমোদ দিয়ে I আকৌ অৰ্চনা মহন্তৰ কন্ঠত মন প্ৰাণ চুই যোৱা গীতটিয়ে শালিকা চৰাইৰ বতৰা দিয়ে --
'শালিকী অ, অবুজন চৰাইজনী
তৰা তাঁতত বহি
কেলেই চিঙিলিহি সূতা 'I
সেইদৰে ৰঘুনাথ চৌধুৰীৰ কবিতাই দহিকতৰা চৰাইৰ কথা কয় --
'আছিলি নিমাতী হই কত দিন ধৰি
বলিল শীতল বাৱ
কুৰুৱাই দিলে ৰাৱ
আহিল বসন্ত দৰা লাহ বাহ কৰি
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি' I
এনেদৰেই সাধু, গীত, কবিতা আদিৰ মাজেৰে বহু নামী-অনামী চৰাই আমাৰ আপোন হৈ পৰিছে I বিভিন্ন পৰিভ্ৰমী চৰাইৰ মাতে পৰিৱেশ মধুৰ কৰি তোলে I আকাশেদি জাক পাতি উৰি যোৱা চৰাইৰ কলৰোলে মনলৈ এক প্ৰশান্তি আনে I
কিন্তু এই চৰাইবোৰৰ কথা আমি কিমান চিন্তা কৰো? ইঁহতৰ বাবে আমি কি কৰিছো? ক্ৰমান্বয়ে চৰাইৰ প্ৰজাতিৰ সংখ্যা হ্ৰাস পাই আহিছে I নেদেখা হৈ আহিছো বহু চিনাকি চৰাই I নুশুনা হৈ আহিছো সিহঁতৰ কলৰোল I বাসস্থানৰ অভাৱত, খাদ্যৰ সংকটত চৰাই৷ সৰুকালিৰ কথা এটি মনত পৰি গ'ল৷ নীলা বিশাল আকাশ। সেউজীয়া পথাৰ। পথাৰৰ মাজে মাজে ডাঙৰ আম গছ, আঁহত গছ, ঔটেঙা গছ। আহাৰ মাহ।মোৰ বয়স তেতিয়া ১০/১১ বছৰ।ককাৰ লগত পথাৰত গৈছিলো ৰোৱনীক জলপান দিব।নীলা আকাশত বৃত্তকাৰে বিভিন্ন চৰাই উৰি ফুৰা দেখা পাইছিলো।মোৰ মনটোও উৰিব ধৰিছিল পাখি মেলি।সকলোতকৈ আকৰ্ষণীয় চৰাই আছিল হাড়গিলা।ইমান ডাঙৰ ঠোঁট।সকলোতকৈ প্রিয় চৰাই আছিল মাছৰোকা।আৰু ভাটৌ!!আমাৰ ঘৰৰ কৰদৈ গছডালত আহি কৰদৈ খাইছিলহি।কিন্তু এতিয়া ক’ত গ’ল সেইবোৰ চৰাই?একেই নীলা বিশাল আকাশ অথচ নাই চৰাই।বিলুপ্তিৰ পথত বিভিন্ন প্রজাতিৰ চৰাই।বছৰি বিলুপ্ত হোৱা চৰাইৰ প্রজাতিৰ সংখ্যা বৃদ্ধি পাই আহিছে।খাদ্য,থকা ঠাইৰ অভাৱত,চোৰাং চিকাৰীৰ অত্যাচাৰত চৰাইৰ প্রজাতি বিলুপ্তিৰ পথত।
গছ অবিহনে চৰাই নাই
--------------------------------
চৰাই জীয়াই থাকিবলৈ আহাৰ আৰু আশ্রয়ৰ প্রয়োজন।চৰাইৰ প্রজাতিৰ লুপ্ত হোৱাৰ মূল কাৰণ বনাঞ্চল ধ্বংস।মানুহে ঘৰ বনাবলৈ,ডাঙৰ ডাঙৰ উদ্যোগ স্হাপন কৰিবলৈ বনাঞ্চলৰ ধ্বংস যজ্ঞ চলোৱা দেখা যায়।তেল আৰু খনিজ পদাৰ্থৰ সন্ধানতো বনাঞ্চলৰ ধ্বংস কৰা হয়।ইয়াৰ ফলত তাত থকা চৰাইবোৰৰ আশ্রয়ৰ স্হান নাইকিয়া হৈ যায়।খাদ্যৰো সংকট হয়।এনেদৰেই লাহে লাহে এটা এটা কৈ বহুতো প্রজাতিৰ চৰাই লুপ্ত হয়।গছৰ অভাৱত নগৰত চৰাইবোৰে জিৰণিৰ বাবে বিদ্যুতৰ তাঁৰতেই আশ্রয় লয়।বহুতো চৰাই কাৰেন্ট লাগিও মৃত্যুমূখত পৰে।
চৰাই চিকাৰ আৰু ব্যৱসায়
-------------------------------------
মানুহৰ বাবে চৰাইৰ চিকাৰ এটা খেলৰ দৰে।বহুতে চৰাইৰ চিকাৰ কৰি আমোদ পায়।বগলী,হাইঠা,শৰালি আদি চৰাইৰ মাংসৰ বাবে মানুহে ইহঁতৰ চিকাৰ কৰে।আনহাতে চৰাইৰ ব্যৱসায়ো আন্তৰ্জাতিক ব্যৱসায়ত পৰিণত হৈছে।চৰাইৰ ৰপ্তানি কৰাৰ বাবে সিহঁতক সজাত বন্দী কৰি ৰখা হয়।উশাহ-নিশাহ লোৱাত কষ্ট পায়ো চৰাইৰ মৃত্যু হয়।
কিছুমান জনগোষ্ঠীয় লোকে টুপীত চৰাইৰ পাখী লগাই লোৱা দেখা যায় সৌন্দৰ্য্য বৃদ্ধিৰ বাবে।এই টুপী বনাবৰ বাবেও মানুহে চৰাই মাৰে।বহুতো ঠাইত চৰাইৰ প্রতিযোগিতাও পতা হয়।জয়ী হোৱা চৰাইবোৰ বহুত দামত বিক্রী হয়।বানিজ্যিক মেলা সমূহত ময়ূৰ চৰাইৰ পাখিৰ বিক্রী কৰা দেখা যায়।বহু লোকে এই পাখী কিনি গৌৰৱবোধ কৰে।কিন্তু তেনে লোকে পাহৰি যায় যে এনে এটা পাখীৰ বাবে এটা চৰাইৰ প্রজাতি ধ্বংস হোৱাৰ পথত।পিছৰ প্রজন্মক জাতীয় চৰাই বুলি দেখুৱাবলৈ এটা ময়ূৰো নাথাকিব যদি ইহঁতক এনেকৈয়ে মাৰি পেলোৱা হয়।
উদ্যোগীকৰণ,কীটনাশকো চৰাইৰ বিলুপ্তিৰ কাৰণ
--------------------------------------------------------------------
নানান ধৰণৰ ব্যৱসায়িক কেন্দ্র,উদ্যোগ চহৰে নগৰে গঢ়ি উঠিছে।ইয়াৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থবোৰ নলাৰে নৈ,বিল,পুখুৰীত পেলায় দিয়া হয়।অকল সেয়াই নহয়,মানুহৰ ঘৰৰ মল-মূত্রও তেনেদৰেই পেলোৱা হয়।ইয়ে জলজ প্রদূষণৰ সৃষ্টি কৰে।এই পানী খোৱাৰ ফলতো বহুতো চৰাইৰ মৃত্যু হোৱা দেখা যায়।
উদ্যোগৰ পৰা ওলোৱা ধোৱা বায়ু প্রদূষণৰ কাৰণ।এই ধোৱাৰ বাবে চৰাইয়ে উশাহ-নিশাহ লোৱাত কষ্ট পাই আৰু মৃত্যুবৰণ কৰে।খেতি পথাৰত ব্যৱহাৰ হোৱা কীটনাশকৰ বাবেও চৰাইৰ মৃত্যু হয়।
চৰাইৰ চিকাৰ নকৰি চৰাইক বন্ধু হিচাপে ভবাহে উচিত।গছ অবিহনে চৰাই নাই আৰু চৰাই অবিহনেও গছ নাই।চৰাইয়ে বিভিন্ন গছৰ ফল খায়।সেই ফলৰ গুটিসমূহ সিহঁতৰ বিস্তাৰ লগত মাটিত পৰে আৰু তাৰ পৰা পুনৰ গছ হৈছিল।আমিও গছ নহলে জীয়াই থাকিব নোৱাৰো।সেয়ে চৰাই,গছ আৰু মানুহৰ মাজত এক সম্পৰ্ক আছে।আৰ্থিক দিশটোলৈ চাই কেৱল শাল,চেগুন,গামেৰি আদি সুকাঠী গছহে ৰোৱা যায় তেন্তে সেই ঠাইত ফলহাৰী আৰু শস্যহাৰী চৰাইৰ মৃত্যু হোৱাটো নিশ্চিত।অন্য প্রাণীৰ তুলনাত চৰাইয়ে আমাক অধিক আনন্দিত আৰু ৰোমাঞ্চকৰ কৰি তোলে।ইহঁতৰ সংৰক্ষণ অতি প্রয়োজনীয়।
কেনেকৈ চৰাইৰ সংৰক্ষণত সহায় কৰি
-------------------------------------------------------
১.খেটি পথাৰত,নদীৰ কাষত বা মুকলি ঠাইত ওখ গছ ৰোৱ লাগে।
২.শাল,চেগুন,গামেৰি আদিৰ উপৰিও ফল-মূলৰ গছ ৰোৱ লাগে।
৩.ঘৰৰ চৌপাষত ফল-মূলৰ গছ ৰোৱ লাগে।কৰদৈ,প্লাম,লিচু,বগৰী আদি গছত বেছিকৈ চৰাই অহা দেখা যায়।শাক-পাচলিও ৰোৱ লাগে।
৪.ঘৰৰ চালিৰ ওপৰত এটা পাত্রত পানী ৰাখিব লাগে যাতে ভ্রমণকাৰী চৰাইয়ে পিয়াহ লাগিলে সেই পানী খাব পাৰে।
৫.প্রদূষণ ৰোধৰ পদ্ধতি উন্নতমানৰ হব লাগে।ৰাসায়নিক পদাৰ্থবোৰ নৈ,বিল আদিত পেলাব নালাগে।ব্লেড,পুৰণি ঔষধ আদি য’তে-ত’তে পেলাব নালাগে।
৬.ৰাতি শোৱাৰ আগত বাহিৰৰ লাইট নুমুৱাই শুৱ লাগে।পোহৰৰ চকমকনিতো বহু চৰাইয়ে মৃত্যুক আকোৱালি লয়।
আহক,চৰাইবোৰক জীয়াই থাকিবলৈ সহায় কৰো।নহলে সিহঁত অবিহনে এই আকাশ খালী হৈ পৰিব।সুৰবিহীন হৈ পৰিব প্রকৃতি।
@Published in Asomiya Khabar, 14th june, 2021
0 Comments