ডাইনী হত্যা- এক সামাজিক ব্যাধি-
-----------------------------
ড° ৰ'জলীনা কলিতা
বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত আমি বহু আগুৱাই আহিলো, বহু উন্নত হ'লো I কম সময়তে বহু টান কাম সহজে কৰিব পৰা হ'লো I ইন্টাৰনেট ব্যৱহাৰৰ দ্বাৰা হাতৰ মুঠিতে পৃথিৱীখন সোমাই পৰিল I দূৰ-দূৰণিৰ খবৰ নিমিষতে পোৱা হ'লো I কিন্তু ইমান উন্নত হোৱাৰ পিছতো আমি অন্ধবিশ্বাসৰ ভাৱধাৰা আঁতৰ কৰিব পৰা নাই I ডাইনী হত্যা, ভূতে ধৰা, ঔষধ কৰা আদি কিছুমান শব্দ আমাৰ সমাজৰ পৰা আঁতৰ হোৱা নাই I বিশেষকৈ গাঁও সমূহত ইয়াৰ প্ৰভাৱ বেছি I খোজকাঢ়ি গৈ থাকিলে মেকুৰী আগেৰে পাৰ হ'লে তিনিখোজ পিছুৱাই দিঁও I ৰাতি কেতিয়াবা সপোনত ভ্ৰম বকিলে ভূতে ধৰা বুলি কঁও I এঘৰ মানুহে আন এঘৰ মানুহক বেয়া পালে সেইঘৰ মানুহে হানি কৰিবলৈ ঔষধ কৰা বুলি কঁও I কি নকঁও বাৰু আমি? সকলোতকৈ ভয়ংকৰ ডাইনী বুলি কাৰোবাক কোৱা I কেতিয়াবা গাঁৱত অচিন ৰোগে দেখা দিলে, পথাৰত শস্য নহ'লে 'অমুকৰ বাবেই এনে হৈছে' বুলি উচটনি দিয়া মানুহো আছে I তেনে লোকৰ বাবেই ডাইনী হত্যা এতিয়াও আমাৰ সমাজত শিপাই আছে I শিক্ষাৰ পোহৰ নোপোৱা, ভিতৰুৱা গাঁও অঞ্চলত ডাইনীৰ সন্দেহত মানুহে মানুহক নিৰ্যাতন কৰা বা হত্যা কৰা ঘটনা বাতৰিকাকত, টি. ভিত সঘনে পোৱা যায় I অন্ধবিশ্বাসৰ বাবে মানুহে মানুহক অত্যাচাৰ কৰি হত্যা কৰিব পাৰে I কি আঁচৰিত !
ডাইনী হত্যা এক সামাজিক ব্যাধি I ই এক ভয়ংকৰ অন্ধবিশ্বাস I কোনো লোকক মায়াবী শক্তিৰ অধিকাৰী বুলি হত্যা কৰা, অত্যাচাৰ কৰা এয়া কেনেধৰণৰ মানসিকতা? যাদুকৰী শক্তিৰ দ্বাৰা বেমাৰ সৃষ্টি কৰা, জীৱ-জন্তু ধ্বংস কৰা আদি যে অসম্ভৱ সেয়া মানুহে ভাবি নাচায় I প্ৰতি বছৰে ডাইনীৰ নামত কিমান জন নিৰীহ লোকক নিৰ্মম ভাৱে হত্যা কৰা হৈছে I ইয়াক ৰোধ কৰিবলৈ আইন প্ৰণয়ন কৰা হৈছে যদিও অন্ধবিশ্বাস দূৰ হোৱা নাই I ডাইনী হত্যা প্ৰায়ে ঘটি থাকে I কোকৰাঝাৰৰ পলাশগুৰি গাঁৱত নিশা এহাল দম্পত্তিক কেনেদৰে নিৰ্মমভাৱে ডাইনীৰ সন্দেহত হত্যা কৰা হৈছিল সেয়া হয়তো এতিয়াও ৰাইজৰ মনত আছে I কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰিণতি সেয়া I ইয়াক সকলোৱে মিলি দূৰ কৰিব লাগিব I
ডাইনী হত্যাৰ প্ৰধান কাৰণ সমূহ হৈছে--
১/ অন্ধবিশ্বাস
২/ উপযুক্ত শিক্ষাৰ অভাৱ
৩/ আধুনিক স্বাস্হ্য সেৱাৰ অভাৱ
৪/ দৰিদ্ৰতা
৫/ চক্ৰান্ত
গাঁৱলীয়া অঞ্চল সমূহত এতিয়াও বিশুদ্ধ খোৱাপানীৰ অভাৱে এৰা দিয়া নাই I পানীৰ পৰা বহু ৰোগৰ সৃষ্টি হয় I অসুখ হ'লে চিকিৎসা কৰিবলৈ উন্নতমানৰ চিকিৎসা সেৱাৰ অভাৱ I তেনেদৰে খেতি পথাৰৰ বাবে জলসিঞ্চনৰ অভাৱI শস্যত পোকে ধৰিলে সাৰ দিবলৈ নাপাই কৃষক সকলে I শিক্ষাৰ অভাৱে মানুহক সকলো ফালৰ পৰাই কোঙা কৰি পেলায় I গতিকে তাত অন্ধবিশ্বাসে শিপা মেলিবলৈ সহজ I বেমাৰ-আজাৰ হ'লে তান্ত্ৰিক বা বেজৰ কাষলৈ যায় I সেই তান্ত্ৰিক বা বেজৰ কবলত পৰি নৰ বলি দিয়া কথা নুশুনা নহয় I আপোনালোকৰ নিশ্চয় মনত আছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ ঘটনাটি I কেনেদৰে এজন ভণ্ড বাবাৰ বাবে গোটেই পৰিয়ালটো মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল আৰু গাড়ী, ঘৰ ভাঙি গৈছিল এফালৰ পৰা I গাঁৱৰ হোজা আৰু অশিক্ষিত মানুহে প্ৰাকৃতিক কাৰণ সমূহৰ বাবে কাৰোবাক ডাইনী বুলি অপবাদ দি হত্যা কৰে I অৱশ্যে এনে ঘটনাত এক তৃতীয় পক্ষ জড়িত হৈ থাকে যিয়ে উচটনি দিয়ে I
ডাইনী হত্যা দূৰ কৰিবলৈ হ'লে সকলোৱে মিলি অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজিব লাগিব I গাঁৱৰ চুকে-কুণে সজাগতা সভা অনুষ্ঠিত কৰিব লাগিব I বিজ্ঞানমনস্ক চিন্তাৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে শিক্ষিত কৰি তুলিব লাগিব I চৰকাৰেও গাঁও সমূহত উন্নতমানৰ চিকিৎসা সেৱা প্ৰদান কৰক, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্হা কৰক, খেতি পথাৰলৈ জলসিঞ্চনৰ, উন্নতমানৰ সাৰৰ ব্যৱস্হা কৰক যাতে কোনো প্রাকৃতিক কাৰণক মানুহে অপায়-অমঙ্গল বুলি কাৰোবাক ডাইনী সজাই নিৰীহ লোকক হত্যা নকৰে I ডাইনী হত্যাৰ বাবে যি আইন, অসম ডাইনী হত্যা (নিষিদ্ধকৰণ, প্ৰতিৰোধ আৰু সুৰক্ষা ) প্ৰণয়ন কৰিছে সেয়া কঠোৰ কৰক আৰু তেনে ঘটনাৰ লগত জড়িত অপৰাধীক সেই আইনৰ অধীনত শাস্তি প্ৰদান কৰক I আহক, ডাইনী হত্যাৰ দৰে অমানৱীয় আৰু ঘৃণনীয় কামৰ বিৰুদ্ধে আমি সকলোৱে একেলগে থিয় হঁও I
**************
@Published in weekly newspaper 'Journalists Barta', 11th July 2021
0 Comments