মাদক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ || Drugs and its effects



 মাদক দ্ৰব্য আৰু ইয়াৰ প্ৰভাৱ

-------------------------------------------
ড° ৰ'জলীনা কলিতা


      ৰাগিয়াল বস্তু বা মাদক দ্ৰব্যই সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে I ইয়াৰ ব্যৱহাৰে মানুহৰ জীৱনলৈ অন্ধকাৰ নমাই আনে I মদ, ভাং, বিড়ি, ড্ৰাগছ আদিৰ ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে I কিশোৰ কিশোৰীয়ে হঁওক বা অন্য বয়সৰ কোনো লোক, সকলোৱে ৰাগিয়াল বস্তুৰ প্ৰতি আকৰ্ষিত হ'ব ধৰিছে I ইয়াৰ ভয়াবহতাই সৰ্বত্ৰ ছানি ধৰিছে I বহুতেই মাদক দ্ৰব্যৰ ব্যৱহাৰ অভ্যাসৰ ফলতেই কৰে I প্ৰথমে এদিন বা দুদিন খাৱ মনোৰঞ্জনৰ বাবে আৰু লাহে লাহে ই অভ্যাসত পৰিণত হ'ব I কিছু সংখ্যক লোকে অশান্তিৰ পৰা পৰিত্ৰাণ পাবলৈ মাদক দ্ৰব্যৰ আশ্ৰয় লয় I তেঁওলোকৰ তেনে যুক্তিৰ একো মূল্য নাই I কবিয়ে কৈয়ে গৈছে -' সুখ নাই সুখ নাই কত ধৰুৱা, সুখ নাই সুখ নাই চিৰ ৰুগীয়াৰ' I মাদক দ্ৰব্যৰ ব্যৱহাৰে জীৱনলৈ কেতিয়াঁও শান্তি আনিব নোৱাৰে I তেনে লোক সকলে সময় থাকোতেই বুজা উচিত যে হতাশা, দুখ, কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে নিজকে কৰ্মত ব্যস্ত কৰি ৰাখিব লাগিব I কৰ্মৰ কথা কোৱাৰ লগে লগে হয়তো কাৰণ দৰ্শাব যে , 'এই কামটোৰ দ্বাৰা উপাৰ্জন বেছি নহয়, ইয়াতকৈ ডাঙৰ কাম এটা পোৱা হ'লে ! এইবোৰ চিন্তাৰ পৰা মুক্ত হ'বলৈ মদ খাঁও' I কি আঁচৰিত, মানুহে টকা কম থাকিলেও ৰাগিয়াল বস্তু খায়, বেছি থাকিলেও খায় I স্বামী বিবেকানন্দই কোৱা কথাষাৰ সদায় মনত ৰখা উচিত যে, 'আমি সামান্য কামকো ঘৃণা কৰা উচিত নহয় I যি মানুহে অতি সৰু কাম কৰে তেঁও ডাঙৰ কাম কৰা জনতকৈ অলপো সৰু নহয় I কৰ্তব্যৰ ধৰণ দেখি নহয়, কৰ্তব্য সাধনৰ ধৰণ দেখিহে মানুহক বিচাৰ কৰিব লাগে' I

        সামাজিক জীৱনলৈ লক্ষ্য কৰিলে দেখা যায় যে যুৱ সমাজে মাদক দ্ৰব্যৰ অধিক ব্যৱহাৰ কৰিবলৈ লৈছে I কোৱা হয় যুৱ শক্তি বৃহৎ শক্তি I কিন্তু এই যুৱ শক্তিক মাদক দ্ৰব্যৰ ব্যৱহাৰে অস্হিৰ কৰি পেলাইছে I যুৱ উচ্ছৃংখলতাৰ বাবে বহু কাৰণ আছে I সামাজিক পৰিৱেশ, অস্হিৰ ৰাজনৈতিক পৰিৱেশ, পৰিৱৰ্তিত শিক্ষা ব্যৱস্হা আৰু ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ I সবাতোকৈ ভয়াবহ হৈ পৰিছে ৰাগিয়াল দ্ৰৱ্য সেৱন কৰা I কাৰণ কিছু সংখ্যক মানুহে জীৱনত যি সমস্যা হলেও পৰিত্ৰাণ পাবলৈ মদ, ভাং, ড্ৰাগছ আদিৰ আশ্ৰয় লয় Iতৰুণ প্ৰজন্মৰ বাবে মাদক দ্ৰব্য অভিশাপ হৈ পৰিছে I আজিৰ যুৱ প্ৰজন্মই বলীউদৰ তাৰকা সকলক অনুসৰণ কৰে I বলীউদী ষ্টালইক প্ৰকৃত বুলি মানি লৈছে I সস্তীয়া জীৱন যাপন কৰিব লৈছে I কিছুমান অশ্লীল নৃত্য গীত চাই তাত দেখুৱা ধৰণে সাজ-পোছাক পৰিধান কৰিব লৈছে I বহু গীতত মাদক দ্ৰব্য সেৱন কৰি মাতাল হৈ নৃত্য কৰা দেখা যায় I যুৱ প্ৰজন্মই তাকে সত্য বুলি মানি নিজৰ জীৱনতো তাকেই আৰম্ভ কৰে I ইয়াৰ ফলতেই হত্যা, ধৰ্ষণ আদি বহুতো অপৰাধে সমাজখন ছানি ধৰিছে I মনোৰঞ্জনৰ নামত শেষ হৈছে বহুতো জীৱন I

মাদক দ্ৰব্যৰ অপকাৰিতা সমূহ :-
১/ অত্যাধিক ৰাগিয়াল দ্ৰব্যৰ সেৱনৰ ফলত পাকস্হলী, যকৃত, বৃক্কৰ ৰোগ হয় I
২/ ধুমপানৰ ব্যৱহাৰে কন্ঠনলীত হানি কৰে I
৩/ শৰীৰ আৰু মন দুৰ্বল হৈ পৰে I
৪/ কামৰ প্ৰতি অনিহা আহে I
৫/ স্নায়ু ৰোগ আৰু হৃদ ৰোগ হয় I
৬/ স্মৃতি শক্তি হ্ৰাস পায় I
৭/ যৌন শক্তি হ্ৰাস পায় I সন্তান জন্ম দিব পৰা ক্ষমতা কমি আহে I
৮/ খোৱাৰ ৰুচি কমি আহে I
৯/ খিংখিঙীয়া স্বভাৱৰ হয় I
১০/ ঘৰ সংসাৰত অশান্তিময় পৰিৱেশৰ সৃষ্টি হয় I

        ড্ৰাগছ আৰু মদ খোৱা লোক সকলে পৰিয়ালৰ মান-সন্মান হানি হোৱা, অপমান পালেও সেই কথা উপলব্ধি কৰিব নোৱাৰে I তেনে লোকে হিতাহিত জ্ঞান হেৰুৱায় I লাজ, মান, ভয় সকলো নোহোৱা হৈ যায় I তেনে লোকক নিচাযুক্ত দ্ৰব্যৰ পৰা মুক্ত কৰিবলৈ পৰিয়াল, ওচৰ চুবুৰীয়া, বন্ধু-বৰ্গৰ সহায়ৰ প্ৰয়োজন I কিন্তু সেয়া ইমান সহজ নহয় I পৰিয়ালৰ সদস্যৰ বিৰক্তি ভাৱ আহিব, ঘৃণা উপজিব I কিন্তু ধৈৰ্য্য সহকাৰে তেনে লোকৰ মানসিক স্হিৰতা ঘুৰাই আনিব লাগিব I Rehabilation Centre সমূহতো চিকিৎসা কৰা হয় I নিচাসক্ত লোকক সোনকালে চিকিৎসা কৰোৱা ভাল আৰু অকালতে জীৱন বন্তি নুমাই যোৱাৰ পৰা ৰক্ষা কৰক I

             ********************
@Published in Asomiya Khabar, 12.07.2021

Post a Comment

0 Comments