শিশুৰ মনোযোগ কিদৰে সৃষ্টি কৰিব
------------------------------ -------------------
ড° ৰ'জলীনা কলিতা
মনোযোগ কি? মনোযোগ হৈছে ব্যক্তি মনৰ এক ক্ৰিয়া প্ৰচেষ্টা I ই এক বিশিষ্ট মানসিক শক্তি I উলিয়াম মেকডুগেলৰ মতে ,' মনোযোগ হৈছে কেৱল মনৰ এক ক্ৰিয়া বৃত্তি বা ক্ৰিয়া প্ৰচেষ্টা, যাক ইয়াৰ সংজ্ঞানাত্মক প্ৰক্ৰিয়াৰ পৰিণতি স্বৰূপে বৰ্ণনা কৰিব পাৰি I উডৱৰ্থৰ মতে, ' সংক্ষেপে ক'বলৈ হ'লে মনোযোগ হৈছে কোনো বস্তুৰ নিৰীক্ষণ কৰিবৰ বাবে অথবা কোনো এটা কাম কৰিবৰ বাবে সাজু হোৱা কাৰ্য I' মনোযোগ স্হিতিশীল নহয় I ই গতিশীল আৰু পৰিৱৰ্তনশীল I এটা বস্তুৰ বা বিষয়ৰ পৰা আন এটি বস্তু বা বিষয়লৈ মনোযোগ দ্ৰুতভাৱে গতি কৰে I ইয়াৰ বিশেষ প্ৰভাৱ শিশুৰ ক্ষেত্ৰত দেখা যায় I কেনে ধৰণৰ বস্তু বা বিষয়ত মনোযোগ দিয়ে বা কোনবোৰ দিশে মনোযোগ আকৰ্ষণ কৰে কেতিয়াবা ভাবিছেনে? সাধাৰণতে কোনো বস্তু বা বিষয়ৰ আকৰ্ষণীয়তাই মন টানি নিয়ে I সেয়ে কোনো বস্তু ডাঙৰ হ'লে, উজ্জ্বল হ'লে অতি সহজতে মন আকৰ্ষণ কৰিব পাৰে I যি বিষয়- বস্তুত নতুনত্ব থাকে সেই দিশে মনোযোগ বৃদ্ধি পায় I সেয়ে নতুন কিতাপ পঢ়িবলৈ আগ্ৰহ জন্মে I গতিশীল বস্তুৱে মন আকৰ্ষণ কৰে I সেয়ে ফটোতকৈ ভিডিঅ চাই বেছি আমোদ পোৱা যায় I আপুনি মন কৰিব যে শিশুক কোনো এটা কাম নকৰিবলৈ ক'লে সিঁহতে সেইটো বেছিকৈ কৰিব ধৰে I ইয়াৰ মূলতে হৈছে সেই কামটোৰ প্ৰতি সিঁহতৰ মনৰ আকৰ্ষণ I গোপনীয়া অম্বলন কৰিলে সেই বিষয়টি জনাৰ আগ্ৰহ প্ৰৱল হৈ উঠে I পৰিপাটিকৈ সজাই থোৱা বস্তু, দুৰ্লভ বা সহজে নোপোৱা বস্তুৱে মন সোনকালে আকৰ্ষণ কৰে I হয়তো সেয়ে ওচৰৰ ঠাই এখনতকৈ দূৰৈৰ ঠাইত যোৱাৰ হেঁপাহ জন্মে বা যোৱা যায় I তাৰোপৰি মনোযোগ দিয়াৰ ক্ষেত্ৰত নিহীত হৈ থাকে ব্যক্তিৰ মনৰ মানসিক অৱস্হা আৰু অভিজ্ঞতা I
বয়সৰ লগত ব্যক্তিৰ ইচ্ছা শক্তি, আগ্ৰহ আদি সলনি হ'ব ধৰে I শৈশৱ কালত মনৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে I সেয়ে উজ্জ্বল বস্তু, গতিশীল বস্তুৰ প্ৰতি শিশুৱে মনোযোগ দিয়া দেখা যায় I বাল্য কালত শিশুৱে লাহে লাহে মনোযোগৰ বাবে নিজে বিষয়- বস্তু নিৰ্বাচন কৰিব পৰা হয় I পৰিৱেশৰ লগত শিশুটোৱে মিলি যাব ধৰে I এই সময়ত অবিভাৱকে লক্ষ্য কৰা উচিত যে শিশুটিয়ে কোনবোৰ বিষয় মনোযোগৰ বাবে নিৰ্বাচন কৰিছে I ভাল-বেয়াৰ পাৰ্থক্য জনাটো এই কাল উত্তম I কৈশোৰ কালত মানসিক পৰিসৰ বৃদ্ধি পাই, মনৰ নিয়ন্ত্ৰণ ক্ষমতা বাঢ়ে I কোনো বিষয়ত মনোযোগ দীৰ্ঘস্হায়ী হয়, ভাবুক হয়, বুদ্ধিদীপ্ত হয় I প্ৰাপ্তবয়স্ক কালত মনোযোগ গভীৰ হয়, জ্ঞান-চিন্তা, কল্পনা-অভিজ্ঞতা ভাৱ সাগৰৰ বহু গভীৰলৈ গতি কৰে I সৰ্ব সাধাৰণ লোক মনোযোগৰ এই স্তৰ আহি নাপায় I দাৰ্শনিক, বিজ্ঞানী আদি লোকহে এই মনোযোগৰ অধিকাৰী I
এতিয়া আহিছো শিশুৰ মনোযোগৰ কথালৈ I শিশুৰ মন পাতল, অস্হিৰ, দ্ৰুত আৰু পৰিৱৰ্তন প্ৰিয় I একেৰাহে শিশুৱে কোনো বিষয়তে মনোযোগ দিব নোৱাৰে I দৰাচলতে মনোযোগ অস্হায়ী বিধৰেই হয় I সেয়ে শিশুৰ তাত ইয়াৰ প্ৰভাৱ বেছি হয় I এই ক্ষেত্ৰত অবিভাৱক সকলে কিছুমান ব্যৱস্হা ল'ব পাৰে I
১/ মনোযোগ ধৰি ৰাখিবৰ বাবে প্ৰথমে অভ্যাস গঠন কেনেকৈ কৰিব শিশুটিক শিকাব লাগে I
২/ উন্নত অনুশাসনৰ ব্যৱস্হা কৰিব লাগে I কিয়নো অনুশাসনে শৃংখলতা, স্হিৰতা গঢ় দিয়েI
৩/ শিশুটিয়ে কেনে পৰিৱেশত পঢ়া-শুনা কৰি আছে বা খেল-ধেমালি কৰি আছে সেইটোৰ প্ৰতিও গুৰুত্ব দিয়া উচিত I প্ৰাকৃতিক পৰিৱেশ বা সেউজীয়া পৰিৱেশৰ মাজত ৰাখিলে মন নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি I
৪/ ক্রিয়াৰ যোগেদি পঢ়াশুনাৰ ব্যৱস্হা কৰিব লাগে I
৫/ যোগ চৰ্চাৰ জড়িয়তে মন আৰু দেহ সৱল কৰি ৰাখিব পাৰি I ইয়ে ইচ্ছা শক্তি বৃদ্ধি কৰে I শিশুটিক সৰুৰে পৰা যোগ চৰ্চাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে I
যিকোনো পদক্ষেপ লোৱাৰ আগত এইটোও মন কৰা উচিত যাতে শিশুৰ সহযোগিতা লাভ কৰিব পৰা অনুকুল পৰিৱেশহে সৃষ্টি কৰে I জোৰ কৰি কোনো কাম কৰাবলৈ চেষ্টা বা হেচা দিলে ওলোটা ফলাফলহে পোৱা যাব I
******************
@Published in Ganastambha, 23/07/2021
0 Comments