কৈশোৰ কাল আৰু সমস্যা সমূহ
------------------------------ ----------
ড° ৰ'জলীনা কলিতা
১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈকে কৈশোৰ কাল বুলি কোৱা হয় I এই কালছোৱা বিকাশৰ সময় I এই সময়ছোৱাত দৈহিক, মানসিক, আৱেগিক, সামাজিক আদি সকলো দিশতে পৰিৱৰ্তন আহে I শ্লটাৰৰ মতে যৌৱনৰ প্লাৱনে এক মহানদীৰ ৰূপ ধাৰণ কৰি এই সময়ত ব্যক্তিৰ বিস্তিৰ্ণ জীৱন উপত্যকা সাৰুৱা কৰি তোলে I কৈশোৰ কালত ল'ৰা-ছোৱালীয়ে প্ৰজননিক ক্ষমতা লাভ কৰে I যৌন জীৱনৰ অভিজ্ঞতাই মনত খেলি মেলি সৃষ্টি কৰে I বুজা নুবুজা কথাৰ বাবে মনত পীড়নৰ সৃষ্টি হয় I যিহেতু কৈশোৰ কাল বিকাশৰ সময়, এই সময় হয় দ্ৰুত আৰু ৰঙচঙীয়া I বেগী আৰু ৰঙীন হোৱা হেতু কৈশোৰ কাল চঞ্চল আৰু সংবেদনশীল হৈ পৰে I এই সময়ত অনুভৱ কৰা প্ৰয়োজন সমূহ পূৰ্ণ নহ'লে মনলৈ ব্যৰ্থতা, উত্তেজনা, হতাশা, নিৰাশা আহি পৰে I যদি অবিভাৱক সকল বা শিক্ষক সকল এই সময়ত তেঁওলোকৰ প্ৰতি সহানুভূতিশীল নহয় তেন্তে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লগা হয় আৰু পৰিস্হিতি জটিলতাৰ মাজলৈ সোমাই পৰে I
কৈশোৰ কালত দৈহিক, মানসিক পৰিবৰ্তনৰ বাবে বহু সমস্যাৰ সন্মুখীন হয় I তেঁওলোক তেতিয়া ফুল কুমলীয়া শিশু হৈ নাথাকে I কৈশোৰ কালত নিজা ৰুচি-অভিৰুচি, চিন্তা, ভাৱনাৰ সৃষ্টি হয় I নিজাকৈ সিদ্ধান্ত ল'ব পৰা হয় I কিন্তু ভাল-বেয়াৰ পাৰ্থক্য বুজাত অপৈণত হৈ থাকে I সেয়ে বহু নকৰিবলগীয়া কামো কৰি পেলায় I ঈৰ্ষা, হিংসা, ঘৃণা আদিয়ে বাহ লয় মনত I নিয়ম-নীতি নমনা হয়, বিদ্ৰোহী হয় I
কৈশোৰ কালৰ প্ৰধান সমস্যা হৈছে যৌন সমস্যা I শৰীৰৰ পৰিৱৰ্তনে কিশোৰ-কিশোৰী সকলৰ মন উত্তেজনা, লাজ, সংকোচ ভাবেৰে আৱৰি ধৰে I কৈশোৰ কালত যৌন বিষয়ৰ ওপৰত জ্ঞান নাথাকে বুলিয়ে ক'ব পাৰি I সেয়ে কেতিয়াবা বহুতে যৌন অপৰাধ জনিত কাৰণত জড়িত হৈ পৰে I বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হয়, তেঁওলোকৰ লগত সময় পাৰ কৰিব বিচাৰে I গোপনীয়তা অম্বলন কৰিব বিচাৰে I লাহে লাহে তেঁওলোক প্ৰেম-প্ৰীতিৰ মায়াময় পৃথিৱীত সোমাই পৰে I কৈশোৰ কালত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা নাথাকে I কেতিয়াবা আৱেগিক হৈ হেৰুৱাৰ বেদনাত, নোপোৱাৰ বিৰহত আত্মহত্যা কৰাৰ উদাহৰণো আছে I এই বয়সত অবিভাৱক সকল বন্ধুৰ দৰে হোৱা উচিত I যিমান পাৰি তেঁওলোকৰ লগত সময় অতিবাহিত কৰিব লাগে I যিমান পাৰি কথাৰ আদান-প্ৰদান হ'ব লাগে I কৈশোৰ কালৰ আন এটি সমস্যা হৈছে সমাযোজন সমস্যা I আগতেই কৈ আহিছো যে এতিয়া তেঁওলোক ফুল কুমলীয়া শিশু নহয় যে পিতৃ-মাতৃয়ে কোৱা মতেই কাম কৰিব I তেঁওলোকৰ নিজৰ ইচ্ছা, আগ্ৰহ, ৰুচিৰ সৃষ্টি হ'ব I বয়স্হ সকলৰ লগত তেঁওলোকৰ মনৰ ভাৱ অমিল হ'ব I তেনে পৰিস্হিতি খুব সাৱধানে অবিভাৱকে চম্ভালিব লাগিব I তেঁওলোকৰ মনত দুখ পোৱাকৈ একো কথা ক'ব নালাগিব I কাৰণ এনে সময় প্ৰত্যকজন ব্যক্তিয়ে অতিবাহিত কৰি আহিছে I সেয়ে বয়সৰ খেলিমেলিৰ বাবে সম্পৰ্কৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি যাতে নহয় সেয়া দায়িত্ব কেৱল অবিভাৱকৰ I
আন এটি সমস্যা হৈছে সামাজিক সমস্যা I কৈশোৰ কাল নতুন পুৰুষ কাল I এই সময়ছোৱাত দেহ-মন উদ্যমী হৈ থাকে I সমাজৰ বাবে, মানুহৰ বাবে কিবা এটা কৰাৰ মন থাকে I কিশোৰ-কিশোৰী সকল নিস্বাৰ্থভাৱে আগবাঢ়ি আহে সমাজৰ বাবে I কিন্তু বহু সময়ত অগ্ৰজ সকলে নিজৰ স্বাৰ্থৰ বাবে নতুন পুৰুষক সহযোগিতা নকৰে I আনহাতে দমন মূলক আইন, নিবনুৱা সমস্যাই তেঁওলোকৰ জীৱনত প্ৰভাৱ পেলাই যিয়ে মন বিদ্ৰোহী, বিকৃত কৰি তোলে I ই এক চিন্তাৰ বিষয় I কাৰণ এনে সময় আৰু পৰিস্হিতিয়েই তেঁওলোকক ভয়ংকৰ বিপদৰ গহ্বৰলৈ থেলি দিব পাৰে I
পিতৃ-মাতৃৰ ভূমিকা:-
--------------------------
১/ নিজৰ সন্তানৰ লগত বন্ধুৰ দৰে কথা পাতক I তেঁওলোকৰ মনৰ মাজত দোলা দি থকা দোমোজাবোৰ দূৰ কৰাৰ চেষ্টা কৰক I
২/ যৌন জীৱনৰ বিষয়ে শুদ্ধ আৰু সঠিক জ্ঞান দিয়ক I
৩/ সৰুৰে পৰাই আপোনাৰ সন্তানৰ মনত দেশ প্ৰেম, সংহতিৰ ভাৱ জগাই তুলিব চেষ্টা কৰিব I
৪/ নৃত্য, গীত, সাহিত্য, খেল-ধেমালিৰ সৈতে ব্যস্ত ৰাখিব I নিজৰ প্ৰতিভাৰ মূল্য বুজি উঠিলে বিপথে কেতিয়াও নাযায় I
৫/ নৈতিক শিক্ষা দিয়ক যাতে জীৱন সুন্দৰ হৈ পৰে I ভাল-বেয়া বিচাৰ কৰিব পাৰে I
অবিভাৱক, শিক্ষক আৰু সমাজৰ বয়স্হ সকলে এইটো পাহৰি যাব নালাগিব যে তেঁওলোকেও এই কাল পাৰ কৰি আহিছে I গতিকে নিজৰ অভিজ্ঞতা সুঁৱৰি কিশোৰ-কিশোৰী সকলক সহায়-সহযোগিতা কৰিব লাগে I তেঁওলোকে কৰা কামক সমালোচনা নকৰি, নেতিবাচক বাখ্যা নকৰি ভাল-বেয়াৰ দিশটো দেখুৱাই দিয়াটোহে উচিত I
********
@Published in Gana Stambha, 01/10/2021
0 Comments