নাৰী || Nari Poem

 

 



   নাৰী
-----------------------
ড° ৰ'জলিনা কলিতা

মমতাৰ, সাহসৰ, ধৈৰ্যৰ, 
ত্যাগৰ প্ৰতীক নাৰী I
কাৰোবাৰ কন্যা, কাৰোবাৰ পত্নী,
কাৰোবাৰ মাতৃ, কাৰোবাৰ আইতা
নাৰী, তুমি অনন্যা I
তুমি নীৰা I
নৈৰ দৰে চিৰপ্ৰৱাহমান
বিলৰ দৰে বিশাল
সাগৰৰ দৰে গভীৰ
নাৰী, তুমি প্ৰকৃতি I
তুমি আদিশক্তি I

তথাপি ধৰ্ষিতা হয়
এগৰাকী নাৰী I
পাষণ্ড পুৰুষৰ কামনাৰ বলি হয়
নিৰ্লজ সকলে লুলুপ দৃষ্টিৰে
চেলেকিয়াই শৰীৰৰ সোৱাদ বিচাৰি....

হলেও আমি লিখো কবিতা
নাৰী নহয় অৱলা I
হাজাৰ হাজাৰ ভাষণত
চিঞৰি চিঞৰি কঁও
নাৰীৰ নহয় তুলনা I
   ***********
@Published in Gana Adhikar, 01/07/2021

Post a Comment

0 Comments