মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ
------------------------------ ------
ড° ৰ'জলীনা কলিতা
নৱবৈষ্ণৱ ধৰ্মৰ একান্ত সাধক শ্ৰীমন্ত শংকৰদেৱৰ লগত সমভাবে জড়িত ব্যক্তি গৰাকীয়ে হ'ল মহাপুৰুষ মাধৱদেৱ I এইজনা মহাপুৰুষে বহুতো গীত, নাট, ভক্তিতত্ত্ব মূলক ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰাত তেখেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল I মহাপুৰুষ মাধৱদেৱৰ জন্ম হয় ১৪৮৯ খৃষ্টাব্দত নাৰায়ণপুৰৰ লেতেকু পুখুৰীৰ পাৰত I তেখেতৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা আছিল I মহাপুৰুষ মাধৱদেৱ আছিল কবি, নাট্যকাৰ, গীতিকাৰ, ধৰ্মপ্ৰচাৰক আৰু সুগায়ক I শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে লৈ তেখেতৰ আদৰ্শ সৰোগত কৰি সাহিত্য ৰচনা কৰি গৈছিল I শ্ৰীকৃষ্ণৰ শিশু ৰূপটো তেখেতৰ প্ৰিয় আছিল I সেয়ে তেঁওৰ বেছি ভাগ গীততেই শ্ৰীকৃষ্ণৰ বাল্য জীৱনৰ ৰূপেই প্ৰকাশ পাইছে I মাধৱদেৱে ৰচনা কৰা নাট সমূহ হ'ল - 'চোৰধৰা', 'পিম্পৰা গুচোৱা', 'ভোজন বিহাৰ', 'ভূমি লেটোৱা', 'অৰ্জুন ভঞ্জন' I ইয়াৰ উপৰিও আন কেইখনমান ভণিতা পোৱা নাট হ'ল - 'ৰাসঝুমুৰা', 'কোটোৰা খেলা', 'ব্ৰহ্মমোহন', 'ভূষণ হৰণ' আদি I তেখেতৰ আখ্যানমূলক ৰচনা হ'ল - 'ৰামায়ণ'ৰ আদিকাণ্ড আৰু 'ৰাজসূয় কাব্য' I আনহাতে তত্ত্বমূলক ৰচনা সমূহ হ'ল - 'জন্মৰহস্য', 'ভক্তি ৰত্নাৱলী', 'নাম মালিকা', 'নামঘোষা' I
নামঘোষা হৈছে অসমীয়া বৈষ্ণৱ সমাজৰ নামঘৰৰ থাপনাত স্হাপন কৰা চাৰিখন পুথিৰ ভিতৰত অন্যতম I নামঘোষাক হেজাৰী ঘোষাও বোলা হয় I এই পুথিখন ছয়টা ছন্দত লিখা I সেয়া হৈছে ছবি, দুলড়ী, লেছাৰি, পদ, ঘোষা আৰু নাম ছন্দ I নামঘোষা অপূৰ্ব কাব্য সৌন্দৰ্যৰে পৰিপূৰ্ণ I ভাষাৰ মধুৰতা আৰু ছন্দৰ প্ৰাঞ্জলতাৰ এক অদ্ভুত সমাহাৰ I এফালে সাহিত্যৰ পাঠ আৰু আনফালে সাংগীতিক পৰিৱেশ I নামঘোষাৰ প্ৰথম শ্লোকটোত ভক্তিৰ ৰস সুন্দৰ ভাৱে প্ৰকাশ পাইছে--
'মুক্তিতো নিস্পৃহ যিটো, সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি
সমস্ত মস্তক মণি, নিজ ভকতৰ বৈশ্য
ভজো হেন দেৱ যদুপতি'
যিদৰে 'কীৰ্তন' আৰু 'দশম'ত শ্ৰীমন্ত শংকৰদেৱক বিচাৰি পাম, সেইদৰে 'নামঘোষা' আৰু 'ৰত্নাৱলী'ত মহাপুৰুষ মাধৱদেৱক বিচাৰি পাম I
মণি-কাঞ্চন সংযোগ
----------------------------
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ শাক্ত ধৰ্মী লোক আছিল I এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনী জোঁৱায়েকক ক'লে, ভনীজোঁৱায়েকে তেওঁৰ কথা নুশুনি ক’লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল নাপায়। ভনী জোঁৱায়েকে তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা ক’লে আৰু তেওঁকো শংকৰদেৱৰ ওচৰত শৰণ ল’বৰ বাবে উপদেশ দিলে। এই কথা শুনি মাধৱদেৱে শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। শেষত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি তেওঁ শংকৰদেৱে প্ৰৱৰ্তন কৰা একশৰণ ধৰ্মত দীক্ষা ল’লে। শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণি-কাঞ্চন সংযোগ বুলি জনা যায় I
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ১৫৯৬ চনত কোচবিহাৰত দেহাৱসন ঘটে I নামঘৰ আৰু সত্ৰত মহাপুৰুষজনাৰ তিৰোভাৱ তিথি আধ্যাত্মিকতাৰে উদযাপন কৰা হয় I আকাশ-বতাহ হৰি নামৰ লগতে নাম, ঘোষা, খোল-তাল, নাগাৰা আদিৰ সুৰেৰে মুখৰিত হৈ পৰে I কি এক আধ্যাত্মিক পৰিৱেশ ! নামঘৰ সমূহত সকলোৱে শৰাই, নৈবদ্য আগবঢ়াই I সকলো বয়সৰ লোকে ভক্তিভাৱে নামঘৰত সমবেত হয় I সেই নান্দনিক পৰিৱেশে সকলোৰে মন পুলকিত কৰি তোলে I কৃষ্ণ II
***********
@Published in Gana Stambha, 03/07/2021
0 Comments