আমি নিজেই নিজৰ জীৱনৰ পৰিচালক:-
ড° ৰ'জলীনা কলিতা
আমাৰ জীৱনত ঘটা প্ৰতিটো ঘটনা, জীৱনত কৰা প্ৰতিটো কাম আমাৰ অনুমতি অবিহনে নহয় I প্ৰতিটো সময়ৰ তদাৰক কৰে মনে I সচেতন মনৰে ভবা কথা অবচেতন মনে ধৰি ৰাখে I পিছত আমাৰ চিন্তা অনুসাৰে সেয়া প্ৰকাশ পায় I
কেতিয়াবা সচেতন মনৰ অজ্ঞাতেও অচেতন মনে ক্ৰিয়া
কৰে I অবচেতন মন বহু শক্তিশালী হয় I সেয়ে ইয়াৰ সদ
ব্যৱহাৰৰ বহু আৱশ্যক I কেতিয়াবা মনে আমাক দোমোজাত পেলায় I কি বিচাৰি আছো, কি কৰিব ওলাইছো ঠিৰাং
কৰিব নোৱাৰো I ভাবো কিবা এটা, কৰো কিবা এটা I এইবোৰৰ কাৰণ মনৰ দ্বৈধতা I গতিকে মনক নিয়ন্ত্ৰণ কৰাৰ কৌশলো জানিব লাগিব I মন সকলোতকৈ বেগী I পলকতে আমি বহু দূৰলৈ গতি কৰো I কিন্তু বাস্তৱ জীৱনত সেয়া
সম্পূৰ্ণ কৰোতে বহু সময়ৰ প্ৰয়োজন হয় I সাধনা, একাগ্ৰতা, সংগ্ৰামৰ প্ৰয়োজন I জীৱনৰ গোপন খাজানাৰ ভাণ্ডাৰ
পাবলৈ এখন দুৱাৰৰ পিছত আন এখন দুৱাৰ খুলিব লাগে I প্ৰতিখন দুৱাৰ খোলাৰ কিটিপ বেলেগ বেলেগ I ঠিক সেই সাধুকথাত দেখোৱাৰ দৰে I বুদ্ধি, জ্ঞান, সাহস, ধৈৰ্য, আত্মবিশ্বাস, ইচ্ছা আদি সকলো আহৰণ কৰিব লাগিব I জীৱনৰ প্ৰতিখন দুৱাৰৰ ছাবিকাঠি একে নহয় I
আত্মবিশ্বাস হৈছে আপোনাৰ দক্ষতা আৰু সামৰ্থ্যৰ বিষয়ে এক মনোভাৱ I আত্মবিশ্বাসে আপোনাক প্ৰতিষ্ঠাৰ দিশে আগুৱাই যোৱাত সহায় কৰে I আত্ম-কাৰ্যকাৰীতা আৰু আত্মসন্মান কেতিয়াবা আত্মবিশ্বাসৰ সলনি ব্যৱহাৰ কৰা হয় যদিও একে নহয় I নিজৰ দক্ষতাৰে লাভ কৰা প্ৰাপ্তিকে আত্ম-কাৰ্যকাৰীতা বুজায়। ই আমাক বিশ্বাস কৰিবলৈ উদগনি দিয়ে যে, কঠোৰ পৰিশ্ৰমে সফলতাৰ দিশে লৈ যায়। এই ধৰণৰ আত্মবিশ্বাসৰ ফলত মানুহে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আনহাতে আত্মসন্মান হৈছে নিজৰ অনুভূতি I ইয়াৰ লগত চিন্তা আৰু আৱেগ দুয়োটা জড়িত থাকে I সমাজৰ চিন্তা ধাৰাৰ লগত কেনেদৰে নিজক খাপ খুৱাই গতি কৰিব পাৰি তাকে প্ৰকাশ কৰে।
বহু মানুহে নিজকেই বিশ্বাস নকৰে বা কৰিব নাজানে I নিজৰ ওপৰত বিশ্বাস নাথাকিলে জীৱনত আগবাঢ়ি যাব কেনেকৈ? এবাৰ দুবাৰ অসফল হলেই নিৰাশ হয় I হতাশাত ভুগে I বহুতে আত্মহননৰ পথ বাচি লয় I কিয়? কাৰণ তেঁওলোকৰ মনৰ দ্বৈধতাই কৰা দোমোজাৰ ওপৰত নিয়ন্ত্ৰণ নাই I তেঁওলোক আত্মবিশ্বাসী নহয় I মোৰ বন্ধু এজনে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছিল I এবছৰ সম্পূৰ্ণ নহ’লেই সি ব্যৱসায়ৰ সামৰণি মাৰিলে I এদিন তাক সন্ধিয়া লগ পাইছিলো I তাৰ ওচৰত থিয় হোৱাৰ লগে লগে নাকত মদৰ গোন্ধ আহি লাগিছিলহি I তাক সুধিলো কিয় মদ খাইছে, কি সমস্যা হৈছে I সি কলে যে বেপাৰত একো লাভ নহ’ল I মূল ধন খিনি এনেই যোৱাৰ দৰে হ’ল I তাক বুজালো যে মদ খালে জানো সমস্যাৰ সমাধান হ’ব! নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰি যোৱা I বন্ধু জনক সেইখিনি কথা কৈ থাকোতে মোৰ অন্য এজন বন্ধুলৈ মনত পৰিছিল I সৰুকৈ চাহৰ দোকান এখন দিয়ে গুৱাহাটীৰ বেলতলাত I লাভ-লোকচানৰ মাজেৰে সি আগবাঢ়িছে I লগতে পৰিয়ালৰ পোহ পালও দি আছে I দুয়োজন বন্ধুক তুলনা কৰি চালে গম পোৱা যায় যে দ্বিতীয়জন বন্ধু আত্মবিশ্বাসী।সি বিশ্বাস কৰে যে এদিন সি নিশ্চয় সফল হ’ব।
এতিয়া প্ৰশ্ন হয় সফল মানে কি? বহুত টকা-পইছা, ডাঙৰ অট্টালিকা, দামী গাড়ীয়ে সফলতাক বুজাই নেকি? মোৰ প্ৰথম বন্ধুজনে টকা-পইছা থাকিলে, বিলাসী জীৱন অতিবাহিত কৰিব পাৰিলে সফল হোৱা বুজিছিল I সেয়ে মনে বিচৰা ধৰণে নাপাই হতাশ হৈছিল আৰু মদ খাব লৈছিল I আনহাতে দ্বিতীয় বন্ধুজনে সফল মানে এটা সুখী জীৱনক বুজে I নিজৰ পৰিয়ালৰ লগত হাঁহি-ধেমালিৰে জীৱনটো উপভোগ কৰাকেই জীৱনৰ অনাৱিল প্ৰাপ্তি বুলি ভাৱে I আচলতে মানুহ বহু আশাবাদীও হব নালাগে I সকলোৰে অতিমাত্ৰা বেয়া I অধিক আশাবাদী লোকে পৰাজয় সহিব নোৱাৰে I
সুখ I ইমান সহজ আৰু সৰল শব্দ I অথচ সুখ বিচাৰি মানুহৰ হয় হাহাকাৰ I কবি আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ কবিতাটি সকলোৱে জানো- 'সুখ সুখ বুলি মানুহ বলিয়া/ নেদেখে সুখৰ মুখ/ সুখ বিচাৰোতে পাই জীৱনত/ দুখৰ উপৰি দুখ ' I সঁচাকৈয়ে ক'ত আছে সুখ? জীৱনটোত যে কিমান যন্ত্রণা, কষ্ট, অভাৱ! নেদেখাজনকেই খং কৰো, অভিমান কৰো কিয় কেৱল দুখকেই কপালত লিখি পঠিয়ালে I
সুখ বস্তু নহয় যে কিনিব পাৰি I সুখ বিচাৰি ফুৰো বাবেই সুখী নহয় I সুখী হ'বলৈ কোনো কাৰণৰ প্ৰয়োজন নাই I কিন্তু আমি সুখী হ'বলৈ কাৰণ বিচাৰি থাকো I মজবুত অৰ্থনৈতিক অৱস্হা, পাৰিবাৰিক সম্পৰ্কত মধুৰতা, কৰ্মত সফলতা আদি বিচাৰি ফুৰো I মনে বিচৰা আশাবোৰ পুৰণ হোৱাটো বিচাৰো I সকলোতে প্ৰাপ্তি আৰু সফলতা বিচাৰো I চাকৰি নোপোৱাৰ দুখ, পৰীক্ষাত বিফল হোৱাৰ দুখ, পাৰিবাৰিক অশান্তিৰ দুখ, সন্তান অপ্ৰাপ্তিৰ দুখ, পদোন্নতি নোহোৱাৰ দুখ ইত্যাদি মনত পুহি ৰাখো I এবাৰ যদি শান্ত মগজুৰে চিন্তা কৰো, দৃষ্টিভংগী সলনি কৰো মনে সাজি লোৱা সকলো দুখ আঁতৰ কৰিব পৰা যাব I মানৱ জীৱন এবাৰহে পোৱা যায় I তেন্তে এই জীৱনটো আনন্দৰে উপভোগ কৰিব নোৱাৰিনে? নোপোৱাৰ বিষাদ লৈ কিয় সময়বোৰ নষ্ট কৰো I কোনো কাৰণ নোহোৱাকৈ কিয় সুখী হৈ থাকিব নোৱাৰো I যদি মনে বিচৰা বস্তু পাইছো, হাঁহিছো , ফুৰ্তি কৰিছো I যেতিয়া নাপাও নিজক কষ্ট দিঁও I কেতিয়াবা অন্ত পৰিব জানো মনে বিচৰা বস্তুৰ? নপৰে I এটাৰ পিছত এটা আমাৰ বিচৰা বস্তুবোৰৰ তালিকা দীঘলীয়া হৈ গৈ থাকিব I অপ্ৰাপ্তিক লাখুটি হিচাপে লৈ পুনৰ থিয় দিব চেষ্টা কৰিব লাগে I জীৱনটো শেষ কৰি দিয়াৰ চিন্তা মনলৈ আহিব দিব নালাগে I মই ভাবো অভাৱ, অপ্ৰাপ্তি দুখৰ কাৰণ হ'ব নোৱাৰে I সকলোতকৈ ডাঙৰ কাৰণটো হৈছে নিজক ভালপাৱলৈ নিশিকাৰ I নিজৰ জীৱনটো যাৰ প্ৰিয় নহয় সেইজনে বেলেগ কোনো বস্তুৰ মূল্য বুজি নাপায় I যিমান ধনী হলেও সি জীৱনটো উপভোগ কৰিব নাজানিব I দামী গাড়ী, ডাঙৰ অট্টালিকা, দামী পোছাকে এজন মানুহক ভিতৰৰ পৰা সুখী কৰিব নোৱাৰে I প্ৰতিজন মানুহৰ হাঁহি জিলিকি নাথাকে I ওঁঠৰ হাঁহি জিলিকিব তেতিয়াহে, যেতিয়া অন্তৰ আত্মাই হাঁহিব I যিদৰে বিচনাৰ লগত টোপনি কিনিব নোৱাৰি সেইদৰে সুখো কিনিব নোৱাৰি I নিজৰ আত্মাক ভালপাৱ জানিলে সি কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰিলেও সুখী হ'ব পাৰিব I সুখী হোৱাৰ উপাই নিজক ভালপাবলৈ শিকক I
নিজক ভালপাবলৈ শিকক:-
প্ৰেমত বিফল হৈ কেতিয়াবা হাত কাটিছে নেকি? আপোনাৰ শৰীৰৰ ৰং কলা হোৱাৰ বাবে লাজ পাই নেকি? আপোনাৰ বন্ধুজনে আপোনাতকৈ অধিক উপাৰ্জন কৰে বাবে আপুনি নিজকে হেয় জ্ঞান কৰে নেকি? যদি এনে কৰিছে জানিব যে আপুনি নিজক কোনোদিন ভালপোৱাই নাই I আপুনি কেৱল আনৰ জীৱনটোৰহে প্ৰেমত পৰিছে যিটো আনে আপোনাক দেখুৱাব বিচাৰে I সকলো মানুহৰ জীৱনৰ দুটা অংশ থাকে I এটা যিটো আমি দেখা পাঁও আৰু আনটো দেখা নাপাঁও I আপুনি আনৰ জীৱনত যি সুন্দৰ দেখি আছে আৰু নিজৰ জীৱনটো তেনে নোহোৱাৰ বাবে নিজক কষ্ট দি আছে সেয়া সঁচা নহ’বও পাৰে I অৰ্থাৎ দেখি থকাৰ দৰে সুন্দৰ, ৰঙীণ নহ’বও পাৰে I উদাহৰণ দিয়াৰ প্ৰয়োজনেই নাই I কিমান অভিনেতা-অভিনেত্ৰীয়ে আত্মহত্যা কৰিছে I তেঁওলোকৰ জীৱনটো দেখিলে কিমান সুখৰ হ'ব যেন লাগে I কিমান টকা-পইচা, সা-সম্পত্তি থাকে I কিন্তু চাঁওক, তেঁওলোকেও নিজৰ জীৱনটো কেতিয়াবা শেষ কৰি পেলায় I অথচ এনে লাগে তেঁওলোকৰ দৰে যদি আমাৰো জীৱনটো হ'ল হয়! আনে কৰা ভাল কামবোৰ অনুসৰণ কৰিব লাগে, আনৰ জীৱনটো নহয় I
বহুতেই প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে সহিব নোৱাৰে I কোনোবাই ব্লেডেৰে হাত কাটে, কোনোবাই আত্মহত্যা কৰে I কিন্তু প্ৰেম মানেইটো জীৱন নহয় I প্ৰেম হৈছে জীৱনৰ এটা অংশ I আপুনি প্ৰেমত পুনৰ পৰিব পাৰে বা আপোনাক কোনোবাই প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে I কোনোবাই না কোৱাৰ বাবে নিজক কষ্ট কিয় দিব লাগে I দৰাচলতে এনে কাৰ্য সেইজনেহে কৰে যিয়ে নিজৰ জীৱনক ভালপাব শিকা নাই I নিজৰ জীৱনক ভালপোৱাজনে কেতিয়াও ইমান সৰু সৰু কথাত নিজক কষ্ট দিয়াৰ কথা নাভাবে I পৰিশ্ৰম কৰক, কষ্ট কৰক জীৱনত আগুৱাই যাবলৈ I সৰু সৰু বিফলতাক লাখুটি হিচাপে ধৰি লৈ জোৰ দি উঠক যৰ পৰা উঠিব পৰা নাই I কেতিয়াও নিজৰ জীৱনক কষ্ট নিদিব I
নিজক ভালপোৱাটো এক প্ৰকাৰ কলা I যিয়ে নিজক ভালপাই তেঁও পৃথিৱীৰ সকলো বস্তুকে সুন্দৰ দেখে, আনৰ বাবে ভাল চিন্তা কৰিব পাৰে I অসফলতা, অপ্ৰাপ্তিবোৰৰ বাবে নিজক কষ্ট দিব নালাগে I টকা-পইছা, সা-সম্পত্তি, প্ৰেম আদিয়ে আপোনাক মায়া-মোহত বান্ধি ৰাখে I যি নাপালে আপুনি সকলো শেষ বুলি ভাবে I সেই সময়ত আপুনি নিজক চিনি নোপোৱা হৈ যায় I চণ্ডাল ৰূপী খঙে আপোনাক উত্তেজিত কৰে I কঠিনতকৈ কঠিন পৰিস্হিতিৰ সন্মুখত থিয় দি থাকিব পৰাজনেই নিজৰ জীৱনক ভালপাব জানে I জীৱন নেদেখাজনৰ দান I ইয়াক আমি অত্যাচাৰ কৰিব নালাগে I আন বস্তুতকৈ জীৱনটোহে শ্ৰেয় I কষ্ট কৰিলে সকলো বস্তু পুনৰ লাভ কৰিব পাৰি I কিন্তু জীৱন পুনৰ পাব নোৱাৰি I
নিজক ভালপোৱাৰ উপায়:-
প্ৰাৰ্থনা কৰক :- পুৱা-গধূলি একান্ত মনেৰে প্ৰাৰ্থনা কৰক I প্ৰাৰ্থনাই আধ্যাত্মিক শক্তি প্ৰদান কৰে I ইয়ে মন-মগজু শান্ত কৰি ৰাখে I কষ্টৰ পৰা আৰোগ্য লাভ কৰাত সহায় কৰে I প্ৰাৰ্থনা হৈছে হৃদয় অন্বেষণ কৰাৰ সুযোগ I প্ৰাৰ্থনা হৈছে এক অস্ত্ৰ যিয়ে অশুভ শক্তিক আক্ৰমণ আৰু পৰাজিত কৰিব পাৰে I
প্ৰকৃতিৰ লগত সময় কটাঁওক :- প্ৰকৃতিয়ে এক অনন্য আনন্দ আনে মনলৈ I প্ৰকৃতিৰ লগত সময় কটাঁওক যিমান পাৰে I ঘৰতে ফুলৰ বাগিচা, পাচলিৰ বাগিচা কৰিব পাৰে I তাত সদায় পানী দিয়ক, লালন-পালন কৰক I বিভিন্ন ৰাজহুৱা ঠাইত গছ পুলি ৰোপন কৰিব পাৰে I প্ৰাকৃতিক ঠাইলৈ ফুৰিব যাঁওক I নৈ, বিল, জান-জুৰি, পাহাৰৰ লগত কথা পাতক I
আনৰ লগত নিজক তুলনা নকৰিব :- আপুনি আনতকৈ আৰু আপোনাতকৈ আন এজন ভাল বা বেয়া নহয়, সুন্দৰ বা কুৎচিত নহয় I সকলো ভিন্ন মাথো I আপুনি যেনেকুৱা হয় যেনেদৰে আছে তেনেদৰেই নিজক আঁকোৱালি লঁওক I
নিজৰ শৰীৰৰ যত্ন লঁওক :- দেহা থাকিলেহে বেহা I নিজক সুষ্ঠ-সবল কৰি ৰাখিবলৈ যত্ন কৰক I ভাল খাদ্য খাঁওক, যোগাসন কৰক, ভাল লগা গীত শুনক । নিয়মিতভাৱে টোপনি যাঁওক ।
সুপ্ত প্রতিভাক জাগ্ৰত কৰক :- সকলো ব্যক্তিয়েই প্ৰতিভা সম্পন্ন I কিন্তু বহুতেই নিজৰ প্ৰতিভাৰ বিষয়ে অজ্ঞাত I আপুনি নিজক জানিব চেষ্টা কৰক I কি কৰি ভালপাই , কি কৰিব জানে সেয়া কৰি যাবলৈ চেষ্টা কৰক I কৰি ভালপোৱা কামে জীয়াই থকাৰ প্ৰেৰণা দিয়ে ।মনলৈ উৎসাহ-উদ্দীপনা আনে I
হেঁপাহৰ পৰা জন্মে উৎসাহ :-
এডাল গছক যিদৰে পানীৰ প্ৰয়োজন সেইদৰে মানুহৰ জীৱনতো উৎসাহৰ প্ৰয়োজন I হেঁপাহৰ পৰা জন্মে উৎসাহ I নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'বলৈ হ'লে উৎসাহ থাকিব লাগিব I ই লক্ষ্য আৰু উদ্দেশ্য প্ৰাপ্ত কৰাৰ সম্ভাৱনা বৃদ্ধি কৰে I উৎসাহে মনৰ ধাৰণাবোৰ সলনি কৰে I অৰ্থাৎ যোগাত্মক ভাৱৰ সৃষ্টি কৰে I আপুনি কি কৰিব পাৰে, সামৰ্থ্য কিমান চাবলৈ এক পৃথক দৃষ্টিভংগীৰ সৃষ্টি কৰে।উৎসাহ উশাহৰ দৰেই গুৰুত্বপূৰ্ণ।
উৎসাহৰ দুটা উৎস I এটা হৈছে আপুনি নিজে আৰু আনটো আপোনাৰ পৰিয়ালবৰ্গ, বন্ধু-বৰ্গ, শুভাকাংখী সকল I নিজকে উৎসাহী কৰাটো এক দক্ষতা যি জন্মগতভাৱে আপুনি লৈ নাহে I বৰঞ্চ জীৱন পথত শিকা হয় I আনৰ পৰা আপুনি প্ৰতিটো সময়তে উৎসাহ নাপাব পাৰে I হয়তো মনলৈ দুখানুভূতি আহে যেতিয়া আনৰ পৰা উৎসাহভৰা দুষাৰমান বাক্যৰ পৰা বঞ্ছিত হয় I কিন্তু যদি আপোনাৰ সুখানুভূতি আনৰ উৎসাহৰ ওপৰত নিৰ্ভৰ কৰে তেন্তে জানিব যে আপুনি অপ্ৰয়োজনীয়ভাৱে নিৰুৎসাহিত হৈ পৰিছে I সমাধান এটাই নিজক উৎসাহিত কৰা I
নিজক কেনেকৈ উৎসাহিত কৰিব:-
১/ আগতে কৈ অহাৰ দৰে নিজক উৎসাহ -উদ্দীপনা যোগোৱাৰ আগত নিজক ভালপাব লাগিব I নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব I আইনাৰ সন্মুখত থিয় হঁওক আৰু নিজৰ লগত কথা পাতক I কঁওক যে ' মই জানো এইটো কঠিন কিন্তু মই কৰিব পাৰো ' বা 'সকলো হৈ যাব'I কিছু আচহুৱা যেন লাগিলেও এনে থেৰাপীয়ে বহু কাম কৰে I
২/আপুনি কৰি ভালপোৱা কামবোৰৰ লগত সময় অতিবাহিত কৰক।
৩/ সমাজ সেৱাই মনলৈ প্ৰশান্তি কঢ়িয়াই আনে I আপুনিও সমাজৰ বাবে সৰুকৈ হ’লেও কিবা কৰিব পাৰে I ই আপোনাক অধিক উৎসাহিত কৰি তুলিব I অনাথ আশ্ৰম, বৃদ্ধাশ্ৰমত গৈ সময় কটাব পাৰে I
৪/ গীত শুনক I যি সঙ্গীতে আপোনাৰ অন্তৰ আত্মাক চুই যায় তেনে সঙ্গীত আপুনি শুনাৰ অভ্যাস কৰক I যিকোনো কাম কৰি থকা অৱস্হাতো শুনিব পাৰে I সঙ্গীতে মনলৈ উদ্দীপনা আনে I মগজু শান্ত কৰি ৰাখে I
কেতিয়াবা সপোনবোৰ ভাঙি হাজাৰটা টুকুৰা হ'ব পাৰে I কিন্তু পুনৰ উৎসাহেৰে তাৰ এটা ভগ্নাংশ তুলি ল'ব লাগে I আপুনি জীৱনত কিবা কৰিবলৈ সঠিক সময় আহিব বুলি ৰৈ নাথাকিব I জীৱনত যি বিচাৰে সেয়া প্ৰাপ্ত কৰিবলৈ হ'লে এতিয়াৰ পৰাই কাম কৰিব লাগিব I এটা কথা মন কৰা উচিত যে সকলো বস্তু কিন্তু জীৱনত স্হবিৰতাৰ মাজেৰেহে আহে I
নিজৰ সতে সৎ হঁওক :-
সৰুতেই পঢ়িছিলো যে সততা হৈছে সৰ্বশ্ৰেষ্ঠ নীতি I আমাক সৎ হ'বলৈ শিকোৱা হয় I কেতিয়াও মিছা কথা নক'বলৈ শিকোৱা হয়। সততা সকলো নৈতিকতাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। অৱশ্যে, সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে আত্ম-সততা I নিজৰ প্ৰতি সঁচা হোৱাটো অতি গুৰুত্বপূৰ্ণ। আপুনি পৃথিৱীৰ সকলোৰে সৈতে সৎ হ'ব পাৰে I কিন্তু যদি নিজৰ লগত সৎ নহয়, নিজৰ আত্মাৰ লগত সন্মুখীন হ'ব কেনেকৈ I আনসকলে আপোনাৰ বিষয়ে কি ভাবে তাৰ সলনি আপুনি নিজৰ বিষয়ে কি ভাবে তাক আটাইতকৈ গুৰুত্ব দিয়ক। আপুনি কিয় কৰিছিল সেয়া প্ৰমাণ কৰি দেখুৱাব পাৰেI কিন্তু যেতিয়ালৈকে আপুনি নিজৰ সৈতে সৎ নহয়, শান্তি পোৱাটো কঠিন হ'ব। পৃথিৱীত একো নিৰন্তৰ নহয়। সকলো সলনি হয়। অৱশ্যে, চিৰদিনৰ বাবে ৰখি যায় সত্যতা I আপুনি আন মানুহক ভাল লগাবলৈ কথাৰ ৰঙৰে যিমান প্ৰলেপ দিলেও, আপুনি নিজে জানে নিজৰ কৰ্মৰ কথা। সত্যৰ পৰা কোনেও পলায়ন কৰিব নোৱাৰে I নিজৰ পৰা নিজে ক'ত পলাই যাব? সেয়ে নিজৰ সৈতে সৎ হ'বলৈ শিকক I এদিন এই সততাই আপোনাক গৌৰৱান্বিত কৰাব I
@published in Priya Sakhi, september 2021
0 Comments