শাৰদী ৰাণী তোমাৰ হেনো নাম
------------------------------ ------------
ড° ৰ'জলীনা কলিতা
ঋতু আহে আৰু যায় I প্ৰতিটো ঋতুৰে নিজৰ ৰূপ আছে I ই দি যায় স্মৃতিৰ একো একোটা ক্ষণ I শৰৎ ঋতুৰ আগমনিৰ বতৰা দিয়ে পদুলি মুখৰ শেৱালীৰ আমোল-মোল গোন্ধই I নৈৰ পাৰৰ কহুৱাদৰাই হালি জালি নাচি বাগি কয় শৰৎ আহিছে I শুকুলা শাদ্ৰিৰ সতে বিহংগমৰ কথা হয় I শৰালী হাহজাকে সন্ধ্যা বেলা আনন্দ মনে উৰি যায় I শৰতৰ এনে ৰূপত বিমুগ্ধ হৈ পৰে মানৱ I ঋতুৰাণী শৰতৰ সৌন্দৰ্যত কবি-সাহিত্যিক, গীতিকাৰ সকলে ন ন কবিতা, গীত ৰচনা কৰে I শৰতৰ ৰূপৰ বৰ্ণনাৰ অন্ত নাই I অতীজৰে পৰা কবি-সাহিত্যিক সকলে ইয়াৰ ৰূপৰ বৰ্ণনা কৰি আহিছে I মহাপুৰুষ শংকৰদেৱেও ভাগৱতত শৰৎ কালৰ বিষয়ে এনেদৰে বৰ্ণনা কৰিছে --
'শৰৎ সমান নাহি সুখকাল
হৰে দু:খ অনুক্ৰমে I
আকাশত মেঘ যতেক আছিল
গুচাইল তাক প্ৰথমে I'
শৰৎ ৰাত্ৰিৰ স্নিগ্ধ জোনাকে , শেৱালীৰ সুৱাসে, ৰজনীগন্ধাৰ সুঘ্ৰানে হৃদয় প্রেমময় কৰি তোলে I সৃষ্টি হয় কবিৰ কাপৰ আগেৰে হৃদয় স্পৰ্শী কবিতা I কোনোৱাই গীত ৰচে I
'শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন' -- ভুপেন হাজৰিকা
এই ঋতু কবি-সাহিত্যিকৰ ঋতু I শৰতৰ ৰূপত বিভোৰ হৈ পাহৰি যায় নিজকে I বিলীন হৈ যায় মন-প্ৰান শৰতৰ বোকোচাত I
শৰৎ কালত পথাৰ সেউজীয়া হৈ পৰে I বোকাময় বাট-পথবোৰ শুকাই আৰু ইফালে-সিফালে অহা-যোৱা কৰাত সুবিধা হয় I বাৰিষাৰ শেষত শৰতে আহি মনবোৰ মুকলি কৰি দিয়ে I শৰতৰ শীতল বায়ুত দেহ-মন সজীৱ হয় I ইফালে কৃষক সকলৰো মন আনন্দৰে নধৰা হয় I কিয়নো ধান গছৰ সেউজী ৰং ক্ৰমান্বয়ে সোনোৱালী হোৱাৰ দিশে I সেয়ে শৰতক লক্ষ্মী স্বৰূপা বুলিও কোৱা হয় I ধানেই ধন I অসমীয়াত এষাৰ প্ৰবচন আছে-- 'যাৰ নাই ধান, তাৰ নাই মান' I শৰৎ কাল উৎসৱ মুখৰ I বিভিন্ন উৎসৱ পাৰ্বনেৰে ভৰপূৰ এই ঋতু I শৰতৰ আৰম্ভণিতেই শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত হয় I তাৰ পিছত ক্ৰমে লক্ষ্মী পূজা, কাতি বিহু, ষঠ পূজা, দীপাৱলী, কালী পূজা, ৰাস মহোৎসৱ হয় I এই বিভিন্ন উৎসৱে সকলোৰে মনলৈ আনন্দ কঢ়িয়াই আনে I উৎসৱ বুলিলেই নতুন কাপোৰ, নানান বিধ মিঠাই, ৰং-বিৰঙৰ বেলুনৰ কথাই মনলৈ আহে I তেনে এটি পৰিৱেশত মনবোৰ উলাহেৰে নধৰা হয় I গীতৰ তালে তালে হৃদয়ে নাচে I আকৌ বহুতৰে মনবোৰ নষ্টালজিক হৈ পৰে I পুৰণি স্মৃতিয়ে হৃদয়ত খলকনি তোলে I
উৎসৱমুখী শৰৎ কালত হেৰাই যাব ধৰা বহু লোক সংস্কৃতি দেখা পোৱা যায় I ওজাপালি, নাগাৰা নাম, দেওধনী নৃত্য, ভাওনা আদি চাবলৈ মানুহৰ ভিৰ হয় I দুৰ্গা পূজাৰ সময়ত হোৱা আৰতিয়ে মনৰ ভিতৰত যিটো জোৱাৰৰ সৃষ্টি কৰে সেয়া আন একো বাদ্যই নোৱাৰে I নাগাৰাৰ ধ্বনি, তালৰ শব্দই যি আধ্যাত্মিকতাৰ পৰিৱেশৰ সৃষ্টি কৰে সেয়াই গা মন নচোৱাই দিয়ে I শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন I শ্ৰীকৃষ্ণই শৰতৰ পূৰ্ণিমাৰ ৰাত্ৰি ৰাসক্ৰীয়াত মগন হৈছিল গোপী সকলৰ সতে I শৰৎ কালৰ এই ৰাত্ৰিয়ে যেন দিয়ে শ্ৰীকৃষ্ণক কাষত পোৱাৰ পৰম সুযোগ I
আন ঋতুৰ দৰে শৰতেও এদিন বিদায় মাগে I ৰাস পূৰ্ণিমাৰ শেষত শৰতো যায়গৈ I মাথো থৈ যায় এটোপোলা স্মৃতি I এৰি যায় পাহৰিব নোৱাৰা শেৱালীৰ সুৱাস , জোনাকৰ ধেমালি I হৃদয় অপেক্ষাৰত শাৰদী ৰাণী শৰতলৈI
'শাৰদী সন্ধিয়াৰ জোনাকী মেল
নিৰলা জীৱনৰ ক্ষণিক খেল' -- পাৰ্বতী প্ৰসাদ বৰুৱা
@Published in Gana Stambha
*****************
0 Comments