হে মোৰ প্ৰিয় পুৰুষ


 


হে মোৰ প্ৰিয় পুৰুষ
-----------------------
ৰ'জলিনা কলিতা

যদি আগলি কলাপাতে
মোৰ বতৰা দিছে
যদি জোনটোৱে মোৰ হৈ
চুমা যাচিছে
যদি মোৰ শব্দ বাণে
তোমাক মুগ্ধ কৰিছে
যদি সুকোমল সেউজী পাতৰ সতে
থোপাথুপিকৈ ফুলি থকা সোণােৰুে
আপোন পাহৰা কৰিছে
হে মোৰ প্ৰিয়তম
তুমি মোৰ প্ৰেমত পুনৰ পৰিছা
যদি হৈ পৰিছা ব্যাকুল
আলাপ কৰিবলৈ আহিবা
কথা হ'ম হৃদয়ৰ কোণৰ পৰা কোণলৈ
   ******************
@Published in Gana Stambha, 03/06/2022

Post a Comment

0 Comments