মনৰে বনত ফাগুন আহিছে


 মনৰে বনত ফাগুন আহিছে

--------------------------------------
ড° ৰ'জলীনা কলিতা

আকৌ আহিল ফাগুন Iমন উতলা কৰা ফাগুন আহিছে পলাশ,শিমলু, মদাৰৰ ৰং ছটিয়াই I ফাগুন মানেই কবিতা, গীত I কবি সকলৰ প্ৰিয় মাহৰ ভিতৰত ইয়ো এটি I অনাৱিল অনুভৱবোৰ প্ৰকাশ কৰাৰ দুৰ্বলতা জাগে মনত I লঠঙা গছ, নীলাভ আকাশ, বতাহে কিবা এক অবুজ শিহৰণ জগাই তোলে I হৃদয়ৰ স্পন্দনে ভালপোৱাৰ কথা কয় I ফাগুন মানেই ৰং I ফাগুন মানেই প্ৰেম I উন্মনা, চঞ্চলা বতাহজাকে চাদৰৰ আচল উৰুৱাই জোকাই যায় গাভৰুজাকক I তাকে দেখি নিলাজ ফাগুনে মাৰে আমোদৰ হাঁহি I উতনুৱা ফাগুনে কথা পাতে তেজ ৰঙা মদাৰৰ লগত I মদাৰৰ কানে কানে কৈ যায়- বোলো মই আহিলেহে তোৰ আদৰ বাঢ়ে I নহ'লে তোক পূজাতো নালাগে I
"মদাৰৰে ফুল হেনো পূজাতো নেলাগে
মদাৰৰে ফুল হেনো সবাহত নেলাগে
লাগে পিচে ব’হাগতে ৰং সানিবলেʼ
লাগে পিচে আকাশতে জুই জ্বলাবলে"। (সুধাকণ্ঠ ড° ভূপেন হাজৰিকা )

ফাগুন মানেই উদাস, উদং, ধূলিয়ৰি আকাশ I কিন্তু এই ফাগুনেই যৌৱনৰ প্ৰেমৰ আগুন I প্ৰণয়ৰ বতাহ বলে I ভালপোৱাৰ আৱিৰ ছটিয়াইI প্ৰত্যেকৰে মনৰ বনত ফাগুন আহে I কবিৰ কাপেও তাক বদনামী নাম দিছে I 'মোকটো পোৱাই চিনি
মই যে ফাগুন
অঁকৰা কবিৰ সতে চুপতি মৰাৰ বাবে
মোৰোতো বহুত বদনাম'
সঁচাকৈয়ে ফাগুনে এক অচিন চিনাকি অনুভৱেৰে চুই যায় দেহ-মন I প্ৰেমিকৰ হৃদয়কাশ প্ৰেমেৰে উপচাই তোলে I পলাশ শিমলুৰ ঘ্ৰাণে মন উন্মনা কৰি তোলে I ফাগুনে ৰঙতেই ৰং সানে I লৈ আহে ফল্গৎসৱ I সকলোৱে আনন্দেৰে ইজনে সিজনক ৰং সানে I মৰমবোৰ ৰঙে কঢ়িয়াই লৈ যায় ইজনৰ পৰা সিজনলৈ I

ফাগুনে নানে কি? সৰা পাতে পাতে ফাগুন নামে I লৈ আহে বসন্তৰ বতৰা I হালধীয়া পাতক সেউজীয়াৰ সপোন দেখুৱায় I আম, পনিয়াল, লেটেকু, আদি মলিয়ায়, গছে কুঁহিপাত মেলিব ধৰে I বহাগৰ বৰষুণৰ বাবে প্ৰকৃতি অপেক্ষাৰত I
"ব’হাগৰ বৰষুণ
ব’হাগৰ বৰষুণ
ৰুণ ঝুন ঝুন
ৰুণ ঝুন ঝুন
ৰুণ ঝুন ঝুন
সুকোমল গীতৰ মূৰ্চ্ছনা
সুকোমল গীতৰ মূৰ্চ্ছনা"

**********
@published in Asomiya Khabar, 07/03/2022

Post a Comment

0 Comments