গামোচা-অসমীয়াৰ জাতীয় স্বাভিমান
------------------------------ --------------------
ড° ৰ’জলীনা কলিতা
‘বহাগ মাথো এটি ঋতু নহয়,
নহয় বহাগ এটি মাহ,
অসমীয়া জাতিৰ ই আয়ুস ৰেখা,
গণ জীৱনৰ সাহ’।
আমাৰ অতিকে চেনেহৰ বহাগৰ বিহুটি আকৌ আহি পালেহি I যাৰ পৰশত প্ৰকৃতিয়ে ঘুৰাই পাই যৌৱন আৰু আমালৈ লৈ আহে বহুতো নতুন আশা, সম্ভাৱনা I আকোৱালি ললো পুনৰ এটি নতুন বছৰক I আনন্দতে হয়তো সকলোৱে গীত জুৰে এনেদৰে
"চতে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে ভেবেলি লতা
কৈয়ে থাকো মানে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা"
ফাগুনৰ মদাৰ পলাশৰ ৰঙত ৰাঙলী হৈ পৰে মন। সেই ৰঙবোৰ চেনাইলৈ সাঁচি ৰাখিবলৈ প্রতিজনী নাৰীয়ে মন মেলে।সেই হেঁপাহৰ ৰঙবোৰ সিঁচি দিয়াৰ প্রয়াস কৰে প্রতিখন গামোচাত।কুলিৰ মাতে, কপৌৰ সুগন্ধিয়ে প্রতিগৰাকী শিপিনীলৈ কঢ়িয়াই আনে বহাগৰ বতৰা।প্রাণ পাই উঠে মৰমৰ গুটি ফুলৰ গামোচা।
বিহুৰ বতৰত প্ৰিয়জনক উপহাৰ দিয়াৰ বাবে সকলোতকৈ শ্ৰেয় হৈছে বিহুৱান I যত মৰমবোৰ দীগে-বানীয়ে সোমাই আছে I বিহুনামতো বিহুৱানৰ এক উল্লেখযোগ্য স্হান আছে I যেনে-
"ৰাতি দুপৰলৈ কাটি সূতালাহি
ধনলৈ বিহুৱান বলো
ৰঙাকৈ আচুৰে বাছি পানেকটা
টিপতে লুকুৱাই থলো"
আকৌ-
"লং ফুলৰ গামোচা বলি ঐ ঘুনুচা
কেছ ফুলৰ গামোচা বলি
শুৱাই কি নুশুৱাই ধনৰে কঁকালত
লিৰিকি বিদাৰি চালি"
বিহুত বিহুৱান সকলো আপোন মানুহকে দিয়া যায় I কাৰনো মন নাযায় ফুলামকৈ গামোচা এখন উপহাৰ হিচাপে পাবলৈ I নতুনকৈ বিয়া হৈ অহা নবৌৱেকক দেওৰেকে জোকোই এইদৰে-
"অ নবৌ গামোচা বব জানানে
অ নবৌ ৰুমাল চিলাই জানানে"
এইদৰেই বিহুগীতত চেনেহৰ গামোচাখনে বিশেষ তাৎপৰ্য বহন কৰি আহিছে I
গামোচা অসমীয়াৰ জাতীয় স্বাভিমান। গামোচা আমাৰ অতি শ্রদ্ধাৰ, মৰমৰ আৰু আদৰৰ সম্পদ। প্রতিগৰাকী অসমীয়াই গামোচাখন ডিঙিত লৈ গৌৰৱবোধ কৰে। মৰমৰ প্রতীক, শ্রদ্ধা নিৱেদনৰ মাধ্যম এই গামোচা। কিমান কষ্ট কৰি যে শিপিনী সকলে এই গামোচা তৈয়াৰ কৰি উলিয়াই। দোকানৰ পৰা গামোচাখন কিনি আনিব বহুত সহজ। কিন্তু গামোচাখন বৱলৈ ইমান সহজ নহয়।প্রথমে চেৰেকীত সূতা লব লাগে (যঁতৰৰ দ্বাৰা ববীনতো লব পাৰি), তাৰপিছত তাঁত বাটি কৰা, ব তোলা, ৰাহত সূতা ভৰোৱা, গাৰীত মেৰোৱা আৰু শেষত তাঁতশালত বোৱা হয়। ইমানবোৰ প্রক্রিয়াৰ পিছতহে এখনি গামোচা সম্পূৰ্ণ হয়। ভাৱকচোন কিমান কষ্ট নিহিত হৈ থাকে শিপিনী সকলৰ।
কিন্তু দেখা যায় যে অসমীয়া জাতীয়তাৰ প্রতীক গামোচাখন বহিঃৰাজ্যৰ পৰা আমদানি হয়। মেচিনত বোৱা গামোচা দোকান সমূহত বিক্ৰী হয়।বাহিৰৰ পৰা অহা গামোচাৰ বাবে থলুৱা শিপিনী সকলৰ মৃতপ্রায় অৱস্হা।শিপিনী সকলৰ কষ্টক আমি সন্মান জনাব লাগে।মেচিনত বোৱা গামোচা ব্যৱহাৰ কৰিব নালাগে।একাংশ লোকে এনেকুৱা কু-কৰ্মৰ দ্বাৰা নিজৰ লাভালাভৰ কথা চিন্তা কৰি আমাৰ থলুৱা শিপিনী সকলক বিপদত পেলাইছে।সংস্কৃতিবোৰ জীয়াই ৰখাৰ চেষ্টা কৰা উচিত। বিহু হওক বা অন্য কাৰ্যসূচীয়েই হওক, অতিথি সকলক আদৰিবলৈ থলুৱা শিপিনী সকলৰ গামোচা ব্যৱহাৰ কৰা উচিত।
অৱশ্যে চৰকাৰে জিলাৰ উপায়ুক্তক নিৰ্দেশ দিছে বিহুৰ সময়ত বাহিৰৰ আমদানিকৃত গামোচা আৰু মেচিনত বোৱা গামোচা ব্যৱহাৰ কৰিব নোৱাৰিব।অসমৰ হস্ত তাঁত শিল্প গৌৰৱৰ প্রতীক। অসমৰ অৰ্থনীতি আগবঢ়াই লৈ যোৱাত ই বহুত সহায় কৰিব।চৰকাৰৰ লগতে আমাৰো কৰণীয় বহুত আছে।হস্ত তাঁত শিল্প জীয়াই ৰখাৰ প্রধান দায়িত্ব প্রথম আমাৰেই।ফুদ ফেষ্টিভেল হলে আমি খাবলৈ হেতা ওপৰা লগাও।কিন্তু হস্ত তাঁত বস্ত্র মেলা হলে আমি বহুত দাম কৈছে বুলি কাপোৰ নিকিনো। এনেকৈয়ে আমি হস্ত তাঁত শিল্পক অপমানিত কৰি আহিছো।
আহকচোন,এইবেলি বহাগ বিহুত আমি আমাৰ আপোনজনক থলুৱা শিপিনীয়ে বোৱা গামোচা এখন উপহাৰ দিও।

**************************
@ Published in Gana Stambha, 01/04/2022
0 Comments