স্মৃতিৰ বোকোচাত চাইকেলখন || World Bicycle Day


 স্মৃতিৰ বোকোচাত চাইকেলখন

-------------------------------------------
ড° ৰ'জলীনা কলিতা

ককাৰ চাইকেলখনৰ চীটত ধৰি হাফ পেডেল মৰাৰ পৰা চীটত বহি চাইকেলখন চলাই গাঁৱৰ কেঁচা ৰাষ্টাটোৰে ঘুৰি ফুৰাৰ কথাবোৰ মনত পৰিলে সৌ দিনবোৰলৈ আকৌ ঘুৰি যাব মন যায় I কিমান সুন্দৰ, শান্তিপ্ৰিয় দিন আছিল সেইবোৰ I সমনীয়াৰ সতে চাইকেল চলাব শিকা, পিছত সিঁহতৰ লগত দূৰলৈ চাইকেল চলাই যোৱা I আহ, কি ৰোমাঞ্চকৰ দিন আছিল ! দোকান -বজাৰলৈ, বিদ্যালয়-মহাবিদ্যালয়লৈ সকলোৱে চাইকেল লৈয়ে গৈছিল I মধুৰ স্মৃতি কঢ়িয়াই লৈ ফুৰে এই চাইকেলখনে I এতিয়াৰ দৰে সেই সময়ত অভিভাৱক সকলে সন্তানক টকা-পইচা দিয়া নাছিল I এটকা-দুটকাই যথেষ্ট আছিল I সেইকেইটাৰে আকৌ কোনোৱে বুট ভজা, বাদাম কিনিছিল, কোনোবাই মাৰ্বল আদি I মানুহবোৰো ইমান চহকী নাছিল I মনেও কোৱা নাছিল কাৰোবাক দেখি মটৰ চাইকেল ল'বলৈ I চাইকেলখনেই সাৰথি আছিল I কোনো ইন্ধনৰ প্ৰয়োজন নাই, কম খৰচী I

"মন হীৰা দৈ /চাইকেল নহয় টিলিঙা" চাইকেলখনক লৈ বহু গীতিকাৰে গীতো ৰচিছে I অসমীয়াৰ বাপতি সাহোন বিহুৰ লগতো চাইকেলখন জড়িত I কিয়নো বিহু মাৰিব গলে নাচনী সকল ঢুলীয়াৰ চাইকেলৰ আগত বহি গৈছিল I তেনেকৈয়ে কাৰোবাৰ হৃদয়ৰো মিল হৈছিল I "পেডেল মাৰি মাৰি মাৰি মাৰি / অ ভন্টি চাইকেল চলাই যাম" কলেজৰ পৰা আহোতে প্ৰেমিকাৰ পিছে পিছে হাফ পেদেল মাৰি মাৰি অহাৰ কথাই বহুতৰে হৃদয়ত নিশ্চয় টুকুৰিয়াব I আকৌ সেই ডাকোৱালজনৰ কথা নকলে হ'বনে I ঘৰে ঘৰে চিঠি বিলাই ফুৰা ডাকোৱালজন অহাৰ বাতৰি চাইকেলৰ টিলিঙাটোতেই পাইছিলো I চাইকেলে কেৱল শৈশৱ- কৈশোৰৰ স্মৃতিয়েই কঢ়িয়াই তেনে নহয় I চাইকেলখনে আমাক সু- স্বাস্হ্যৰ অধিকাৰী কৰি ৰাখিছিল I লগতে পৰিৱেশ প্ৰদূষণমুক্ত কৰিও ৰাখিছিল I

লাহে লাহে চাইকেলখনৰ আদৰ কমি আহিল I তাৰ ঠাই ল'লে মটৰ চাইকেল, গাড়ী আদিয়ে I ব্যস্ততাভৰা জীৱন, সময়ৰ নাটনি I চাইকেল চলাই ক'ত I এনেদৰেই চাইকেলৰ জনপ্ৰিয়তা কমি আহিল I সেয়ে চাইকেলৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যে ২০১৮চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে ৩ জুন তাৰিখটো বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। দুই শতিকাৰ ধৰি ব্যৱহাৰ হৈ অহা  চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্য আদিৰ বাবে এই দিৱসটি পালন কৰা হয় I বৰ্তমান সময়ত সকলোৱে বুজি উঠিছে চাইকেলৰ উপকাৰিতা ও প্ৰয়োজনীয়তা I সেয়ে পুনৰ যুৱ প্ৰজন্মৰ মাজত চাইকেলৰ জনপ্ৰিয়তা দেখা গৈছে I বহুতে চাইকেল চলাই দেশ-বিদেশো ভ্ৰমণ কৰিব লৈছে I বহু মন্ত্ৰী বিধায়কে বিধান সভালৈ চাইকেল চলাই অহাও পৰিলক্ষিত হৈছে I চৰকাৰেও উচিত পদক্ষেপ গ্ৰহণ কৰক I ঠাইয়ে ঠাইয়ে চাইকেল ট্ৰেক বনাওক I

ৰাতিপুৱা আৰু আৱেলি সময়ত চাইকেল চলাই বতাহৰ মৃদু পৰশৰ আমেজ, লোৱাজনেহে বুজিব I
                              *********************
@Published in Gana Stambha, 27/05/2022

Post a Comment

0 Comments