সময়ৰ দ্বাৰা সকলো আৰোগ্য হয়:-
ৰ'জলিনা কলিতা
সময় বহু মূল্যবান I ইয়াক আপুনি নিজৰ কৰি ল'ব নোৱাৰে কিন্তু ব্যৱহাৰ কৰিব পাৰে I ব্যয় কৰিব পাৰে কিন্তু এবাৰ হেৰাই গ'লে পুনৰ ঘুৰাই পাব নোৱাৰে ।
আপোনাৰ ঘৰৰ কাষৰ বৰুৱা খুড়াৰ লৰা অমিতে ২২বছৰ বয়সতে ড্ৰিগ্ৰী পাছ কৰি চৰকাৰী চাকৰি পালে I আপোনাৰ কলেজীয়া বন্ধু ৰক্তিমৰ বিয়া ঠিক হৈছে I আপুনি সদায় পান খোৱা দোকানখনৰ দোকানীজনে বুলেট এখন লৈছে I এইবোৰ দেখি-শুনি আপুনি ভাবে নেকি যে আপুনি জীৱনত একো কৰিব নোৱাৰিলে? যদি ভাবে এতিয়াৰ পৰা সেই মনোভাৱ ত্যাগ কৰক I কিয়নো সকলোৰে নিজস্ব সময় আছে I চাঁওক, কোনোবাজনে ২২বছৰ বয়সতে চাকৰি পাইছে, কোনোবাজন ১৮ বছৰ বয়সতে এই সংসাৰৰ পৰা বিদায় লৈছে , কোনোবাজন ৭৫ বছৰ বয়সত বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে ইত্যাদিI আমি সময়ৰ লগত গতি কৰো I সময়তকৈ আগত গতি কৰিব নোৱাৰো I সকলোৱে নিজস্ব সময়ত কাম কৰি গৈ আছে I আপুনি কেতিয়াও নাভাবিব যে আপুনি একো কৰিব পৰা নাই I আপুনিও কৰি আছে কিন্তু নিজৰ সময় অঞ্চলত I হয়তো কেতিয়াবা আপোনাৰ মন বেয়া লাগিব পাৰে বন্ধু, সহকৰ্মী, আপোনাৰ বয়সতকৈ সৰুজন আগবাঢ়ি গ'লে I কিন্তু ইৰ্ষা নকৰিব I তেতিয়া এটা কথাই ভাবিব যে এয়া তেঁওলোকৰ সময় I আপুনি ধৈৰ্য ধৰিব, মন শক্তিশালী কৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব I নিজক বাৰে বাৰে সুঁৱৰাই থাকিব যে আপোনাৰ সোনকাল বা দেৰি হোৱা নাই, মাথো নিজৰ সময়ত গৈ আছে।
জীৱনত সকলোৰে বেলেগ বেলেগ দুখ, শোক থাকে I বেলেগ বেলেগ কথাত দুখ, শোক, অনুভৱ কৰে I কিন্তু কিছুমানে আনতকৈ বহু দিনলৈ মনত দুখ, শোক, কষ্ট কঢ়িয়াই লৈ ফুৰে I সেইটো আপোনাৰ ইচ্ছা যে আপুনি প্ৰতিটো কথাত বা ঘটনাত কেনেভাৱে সঁহাৰি দিব I আপোনাৰ বেয়া লগা, দুখ কৰা এইবোৰ আপুনি উপেক্ষা কৰিব নোৱাৰে I কিন্তু আপোনাৰ চিন্তা সলনি কৰিব পৰা শক্তি আয়ত্ব কৰিব পাৰে I নেতিবাচক চিন্তাবোৰ চিনাক্ত কৰি উপেক্ষা কৰিব পাৰিলেই লাহে লাহে দুখ, শোকৰ পৰা আৰোগ্য লাভ কৰিব পাৰিব I কথা এষাৰ আছে নহয় - সময়ৰ দ্বাৰা সকলো আৰোগ্য হয় I
শোকৰ লগত জড়িত হৈ থাকে স্মৃতি I স্মৃতিবোৰ মৰি নাযায় I ই সদায় জীয়াই থাকে আৰু গতিশীল I সেয়ে মনৰ শোক সহজতে এৰিব পৰা নাযায় I কিন্তু জীৱনটো পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই আগবঢ়াই নিব লাগিব I আপুনি এটা বা দুটা অভিজ্ঞতাৰ ওপৰতে জীৱন যাপন কৰিব নোৱাৰে I এবুকু শোক লৈ জীয়াই থাকিব নোৱাৰে I সময়ৰ সোঁতত সেইবোৰ উটোৱাই দিব লাগিব I কিয়নো আপুনি অতীতত জীয়াই থাকিব নোৱাৰে আৰু ভৱিষ্যতত জীয়াব নোৱাৰে I আপুনি বৰ্তমানতহে জীৱন যাপন কৰিব লাগিব I সময়ৰ দ্বাৰা সকলো আৰোগ্য হয় I সময়ৰ দ্বাৰা সকলো সংশোধন হয় I সময়ৰ সতে বহু তোলপাৰ হ'ব পাৰে আপোনাৰ জীৱনত I কিন্তু সময়ে দিয়ে প্ৰতিটো সমস্যাৰ সমাধান I অৱশ্যে ইয়াৰ বাবে আপোনাৰ মত বা অভিপ্ৰায় থাকিব লাগিব।
জীৱন যাত্ৰাত আপুনি বহুতৰ পৰা ককৰ্থনা শুনিছে I বহুতে আপোনাক অপমান কৰিছে , মিছা অপবাদ দিছে I হয় বুজিছো সেয়া আপুনি কেতিয়াও পাহৰিব নোৱাৰে I পাহৰিব নোৱাৰাৰ বাবেই আপুনি কষ্ট খাই আছে I মনত এজাক ধুমুহা বলি থাকে I কিন্তু বিশ্বাস কৰক, যদি আপুনি মনৰ মাজত সেইবোৰ কঢ়িয়াই নুফুৰাই পাহৰিব পাৰে বা ক্ষমা কৰি দিব পাৰে বহু শান্তি লাভ কৰিব I আপোনাৰ বাবে, মোৰ বাবে বা আন মানুহৰ বাবেও এয়া সহজ নহ'ব পাৰে I কিন্তু কঠিন বুলিও একো নাই।
জীৱন দুদিনীয়া I এই দুদিনীয়া জীৱনত আমাৰ কত যে কি হেঁপাহ I আমাৰ যি মন যায় তাকেই কৰো I সুখ-দুখ, হাঁহি-কান্দোন, খং-অভিমান আদিৰ মাজেৰে আমাৰ জীৱনে গতি কৰে I জন্ম লঁওতে আমি একো লৈ অহা নাছিলো আৰু একো লৈও যাব নোৱাৰো I এই কথাটি আমি সকলোৱে জানো কিন্তু অনুভৱ কৰিব নোৱাৰো I আমাৰ নেতিবাচক ভাৱনাবোৰ যেন ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে I সৰু সৰু কথাতেই আমাৰ খং, ক্ষোভ বৃদ্ধি পাব লৈছে I যি দুদিনীয়া জীৱনত আমি হাঁহি ধেমালিৰে পাৰ কৰিব লাগে তেনে ক্ষেত্ৰত আমি ওচৰ-চুবুৰীয়াৰ লগত মাটিৰ সীমাক লৈ কাজিয়া কৰো I ককাই-ভাইৰ মাজত বিবাদ হয় সম্পত্তিক লৈ I শাহু-বোৱাৰী-ননদৰ মাজত ভুল বুজাবুজি হয় ঘৰখনত আধিপত্যক লয় I আপোনবোৰৰ মাজতেই আমি পৰ হৈ পৰিছো I সৰু সৰু কথাতেই মানুহে মানুহক মৰিয়াই মৰিয়াই মাৰি পেলায় I সামান্য ঘৰুৱা বিবাদতে পিতৃয়ে সন্তানক হত্যা কৰে বা পুত্ৰই পিতৃক দাৰে ঘপিয়াই হত্যা কৰে I পাৰিবাৰিক ভুল বুজাবুজিৰ বাবে কোনোৱে নিজৰ পত্নী আৰু সন্তানক গুলিয়াই, খাদ্যত বিষ মিহলাই হত্যা কৰে I আহ! কি হৃদয় বিদাৰক I কিন্তু কিহৰ বাবে ? আমি সকলো কৰিব পাৰো I কিন্তু আমি কাকো ক্ষমা কৰিব নোৱাৰো I আমি বিনয়শীল নহয় I আমাৰ ঋণাত্মক ভাৱনাই আমাক ক্ষমা কৰি দিয়াৰ পৰা দূৰত ৰাখে I সাধাৰণ কাজিয়া, ভুল বুজাবুজিবোৰ আমাৰ মনৰ মাজত পুহি ৰাখো I লাহে লাহে ই ৰূপ লয় জেদ আৰু অহংকাৰত I জেদ আৰু অহংকাৰে ভুলৰ বাবে ক্ষমা বিচৰা আৰু ভুলৰ বাবে ক্ষমা কৰি দিয়া মনোভাৱৰ সৃষ্টিত বাধা প্ৰদান কৰে I আমি পাহৰি যাঁও বা হয়তো নাভাবো যে জীৱনেও আমাক ক্ষমা কৰে I আঁচৰিত হৈছে নেকি কেনেকৈ হ'ব পাৰে I কিয় নোৱাৰে? আমাৰ হাতত কাটিলে, সেয়া কেইদিনমান পিছতেই থিক হৈ যায় I কিন্তু আমি কাৰোবাক বেয়া পালে মৃত্যু পৰ্য্যন্ত সেয়া মনতেই পুহি ৰাখো I যিয়ে কেৱল কষ্ট দিয়ে, শাৰীৰিক আৰু মানসিকভাৱে I সেই ভুল বা দোষৰ গ্লানি বহু গধুৰ যিয়ে আমাক কৰি তোলে অনাহক ভাৰাক্ৰান্ত I জেদ আৰু অহংকাৰে আমাক ক্ৰমাৎ খঙাল কৰি তোলে I ফলত খিংখিঙীয়া হৈ পৰো I অনবৰতে খং কৰি থাকিলে বিভিন্ন ৰোগে শৰীৰত আক্ৰমণ কৰিবলৈ সুযোগ পায় I জীৱনৰ সুখ, শান্তি উপভোগ কৰিবলৈ পাহৰি যোৱা যায় I কোনোবাই বেয়াকৈ কোৱাৰ বাবে, কাৰোবাৰ লগত সামান্য বিবাদৰ বাবে আমি যি নেদেখা পোৰণিত দহি থাকো তাৰ পৰা পৰিত্ৰাণ পাবলৈ এটাই উপাই আছে I সেয়া হৈছে মনৰ পৰা সকলো কথা উলিয়াই ক্ষমা কৰি দিয়া I যিয়ে আমাক আঘাত দিয়ে তেঁওলোকৰো দায়িত্ব থাকে ক্ষমা খোজাৰ। ক্ষমা স্বৰ্গীয়।ক্ষমাই পৰম ধৰ্ম।
ক্ষমা হৈছে প্ৰাকৃতিক আৰোগ্য প্ৰক্ৰিয়া I ই স্বেচ্ছামূলক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়া I ক্ষমা কৰাৰ ক্ষমতা হৈছে মানৱ প্ৰকৃতি এক অংশ I আপোনাৰ প্ৰতিশোধৰ প্ৰতি যিমান প্ৰৱণতা সিমানেই ক্ষমাৰ প্ৰতি I কিন্তু খঙত যিমান সোনকালে প্ৰতিশোধ ল'বলৈ আগবাঢ়ি যায়, সিমান বেগেৰে কোনেও কাকো ক্ষমা কৰিব নোৱাৰে I আপোনাৰ, মোৰ, সকলোৰে সমস্যা তাতেই আছে আৰু সেইটো নিৰ্মূল কৰিবই লাগিবI বিভিন্ন উপায়েৰে ক্ষমা কৰিব পৰা যায় I সেয়া ইচ্ছাপূৰ্ণ সিদ্ধান্ত, আৱেগিক অভিজ্ঞতা, আধ্যাত্মিক অভিজ্ঞতা আদি হ'ব পাৰে I বহুতে তৎক্ষণাত ক্ষমা কৰিব পাৰে I সেয়া সেইজন ব্যক্তিৰ ব্যক্তিত্ব I সেয়ে ক্ষমাক ব্যক্তিত্বৰ গুণ হিচাপেও ধাৰণা কৰা যায় I আনহাতে ক্ষমাক পৰিস্হিতিমূলক সঁহাৰি হিচাপেও বুজা যায়।
বিভিন্ন পৰিস্হিতি আৰু সময়ৰ সৈতে বহুতে ক্ষমা কৰিবলৈ অক্ষম হয় I এনে অক্ষম স্বভাৱক দুই প্ৰকাৰত পাৰ্থক্য কৰিব পাৰি – বিদ্বেষধাৰী বা প্ৰতিশোধী ব্যক্তি।
যদি এজন লোক বিদ্বেষধাৰী হয় তেন্তে তেঁওক কষ্ট দিয়া, অপমান কৰা, ব্যক্তিজনৰ ওপৰত ক্ষতি হোৱা আশা কৰে I লগতে প্ৰত্যক্ষ বিবাদৰ পৰিৱৰ্তে নিষ্ক্ৰিয় আৰু তিক্ততা প্ৰকাশ কৰে I এনে লোক সকল যথেষ্ট নেতিবাচক হয় I মনত ক্ষোভ, খং, ঘৃণাৰে ভৰি থাকে যাৰ বাবে তেঁওলোকে ক্ষমা কৰাত অপৰাগ হয় I এঁওলোকৰ মনত বাৰে বাৰে অতীতত পাই যোৱা আঘাতবোৰ জী উঠে I বিষ আৰু কষ্টত জীৱন কটায় I লাহে লাহে হতাশা আহিবলৈ লয় I কোনো মানুহ প্ৰতিশোধী হৈ জন্ম নলয় I কিন্তু খং আৰু ক্ষোভৰ বাবে তেনে লোক সকল প্ৰতিশোধী হৈ পৰে I প্ৰতিশোধ নোলোৱাকৈ বা কিবা এটা বিচাৰ বিবেচনা নোহোলৈকে ক্ষান্ত নাথাকে I সেয়ে এনে লোকসকল ক্ষমা কৰাত অক্ষম হয় I
আঘাতবোৰ পাহৰি যোৱাটো সহজে সম্ভৱ নহয় I কিন্তু সেইবোৰ মনত পুহি ৰখাটো উচিত নহয় I সময়ৰ লগত লাহে লাহে আঘাত দিয়া কথাবোৰ পাহৰি ক্ষমা কৰি দিয়াটো বুদ্ধিয়কৰ কাম I শত্ৰুৰ দৰে নোহোৱাতোৱেই আটাইতকৈ ডাঙৰ প্ৰতিশোধ I আপোনাৰ জীৱনৰ মানদণ্ড আপোনাৰ সম্পৰ্কৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে I আপুনি ক্ষমা কৰিব শিকিলে আপোনাৰ জীৱনৰ প্ৰতিটো দিশ ভালৰ বাবে সলনি হ'ব I সেয়া আপোনাৰ ব্যক্তিগত জীৱন হঁওক, কৰ্মজীৱন হঁওক বা সামাজিক জীৱন হঁওক I ক্ষমা কৰিব শিকিলে আপোনাৰ সকলো সম্পৰ্ক উন্নত হ'ব I ইয়াৰ পৰা এইটোও বুজিব পাৰি যে ক্ষমাশীল ব্যক্তিৰ মনোভাৱ বহু উন্নত I ক্ষমা কৰাটো অত্যন্ত সৰল কাম কিন্তু সহজ নহয় I যেতিয়া কোনোবাই আপোনাৰ প্ৰতি ক্ষতিকাৰকভাৱে কাম কৰে আৰু পিছত অনুতাপ কৰিবলৈ আহে তথাপি আপুনি ক্ষমা কৰিবলৈ নোৱাৰে I এয়া কেৱল আপোনাৰ লগতেই নহয় প্ৰায় সকলোৰে লগত হয় I
নিজক ক্ষমা কৰিবলৈ শিকক :-
সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে নিজক ক্ষমা কৰাটো I নিজকে আঘাত দিয়া, নিজক ক্ষমা কৰিবলৈ অস্বীকাৰ কৰা মানে আনক আঘাত দিয়া I কেতিয়াবা কিবা কথাত নিজকে অপৰাধী যেন লাগে আৰু সেইটো ভুল আছিল, তেনে কৰিব নালাগিছিল বুলি বহুতেই নিজক দোষাৰাপ কৰি থাকে I তেনে কেতিয়াও কৰিব নালাগে I যদি আপুনি নিজকে ক্ষমা নকৰে জীৱনত ভাল মুহূৰ্তবোৰৰ পৰা বঞ্ছিত হ'ব I আপোনাৰ জীৱনটোত সুখ, হাঁহি, আনন্দ তেতিয়াহে প্ৰৱেশ কৰিব যেতিয়া নিজক ক্ষমা কৰিব, মনৰ কথা আনৰ লগত ভাগ বটোৱাৰা কৰিব I
আপুনি অতীতত পোৱা আঘাতবোৰ বৰ্তমানত ইতিহাস I অতীতৰ আঘাতক বৰ্তমানক বোকাময় কৰিব নিদিব I আপোনাৰ জীৱনত বহু লোকৰ প্ৰভাৱ থাকিব I তাৰে কিছুমান বন্ধু হ'ব আৰু কিছু শত্ৰু হ'ব I কিন্তু মনত ৰাখিব সকলোকে প্ৰয়োজন হ'ব নহ'লে এই জীৱন নামৰ নাটকখনৰ কি হ'ব! সকলোকে সামৰি লঁওক I নিজৰ আত্মাৰ লগত সংযোজিত হৈ থাকিবলৈ যত্ন কৰিব I আপুনি পোৱা আঘাতবোৰ সময়ৰ হাতত এৰি দিব I যদি আপুনি ভগৱান বিশ্বাসী তেন্তে ভগৱানৰ চৰণত এৰি আহিব I দেখিব এনে কৰিলেও মন বহু পাতলিব I ৰাতি শুৱলৈ যাঁওতে মনটো শান্তিময় কৰি ৰাখক I কেতিয়াও খং কৰি টোপনি নাযাব I যেতিয়া আপোনাৰ আনৰ আচৰণ, ব্যৱহাৰৰ বাবে মন বেয়া লাগিব আপুনি ভিতৰৰ শক্তিক আহ্বান কৰক I বিচলিত নহ'ব, গুৰুত্ব নিদিব I আপুনি নিজকে কঁওক যে আপোনাৰ অনুমতি অবিহনে আপোনাক কোনেও আঘাত কৰিব নোৱাৰে I পানীৰ দৰে হ'বলৈ চেষ্টা কৰক I আনৰ কথাত হস্তক্ষেপ কৰা বা নিৰ্দেশনা দিয়া পৰিহাৰ কৰক I কথা কোৱাৰ ধৰণ সলনি কৰক I যেতিয়া কোনোবাই আপোনাক তেঁওলোকৰ মতামত প্ৰদান কৰে আৰু আপোনাৰ মতামত বিচাৰে আপুনি কোমলকৈ কঁওক -'মই সেইটো আগতে কৰি পোৱা নাই I ধন্যবাদ মতামত বিচৰাৰ বাবে, মই চিন্তা কৰি চাম'।
আপুনি যে পানীৰ দৰেই কোমল সেয়া আন মানুহকো অনুভৱ কৰাওক I আপোনাৰ যিসকলৰ লগত বিবাদ হৈছিল তেঁওলোকৰ জীৱনলৈ মৃদুভাৱে প্ৰৱেশ কৰক I লাহে লাহে দেখিব আপোনাৰ সম্পৰ্ক কেনেদৰে সলনি হয় I মনত ৰাখিব যে কোনো ধুমুহা চিৰদিনৰ বাবে নাথাকে I কেৱল বিনয়শীল হ'লেই নহ'ব, নিজৰ ভুলবোৰো স্বীকাৰ কৰিব পাৰিব লাগিব I
নিজৰ ভুল স্বীকাৰ কৰক:-
এবাৰ মই আৰু মোৰ বান্ধৱী এজনী ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত ল'লো I মই গাড়ী চলাব জানো বাবে ঘৰৰ গাড়ীখনকে লৈ যোৱাৰ কথা ভাবিলো I তাই গাড়ীৰ বিষয়ে ইমান নাজানে যদিও মোক ৰাতি ফোন কৰি ক’লে চকা কেইটা ভালকৈ চাই ল'বলৈ I ভবা মতে দুয়ো ৰাতিপুৱা ওলালো I কিন্তু কিছুদূৰ যোৱাৰ পিছতেই আগফালৰ চকা এটাৰ পামচাৰ হ'ল I তাই মোক ক’লে যে মোৰ ভুলৰ বাবেই এনে দশা হ'ল I ভালকৈ চকা কেইটা চাই লোৱা হ'লে এনে নহ'ল হয় I কিন্তু মই কোনোপধ্যে নিজৰ ভুল মানি নল'লো I এনে বহু ঘটনা আমাৰ জীৱনত হৈ থাকে I ভুলবোৰ মানি ল'ব নোৱাৰো I আপোনাৰ লগতো এনে হৈছেনে? কেতিয়াবা নিজে কৰা ভুলবোৰৰ কথা ভাবিছেনে?
বহুতেই নিজৰ ভুল স্বীকাৰ কৰিব নোৱাৰে বা মানি ল'ব নোৱাৰে I নিজৰ ভুল মানি লোৱা মানে সম্পূৰ্ণ মানুহজনেই ভুল বুলি ভাবি লয় I নিজৰ ভুল মানি ল'বলৈ লাজ কৰে I লাজৰ বাবেই কঠিন হৈ পৰে ভুল হৈছে বুলি স্বীকাৰ কৰাত I লাজে মানুহক ভুল স্বীকাৰ কৰাত আৰু ক্ষমা খোজাত অক্ষম কৰি দিয়ে I বহু লোকে নিজকে নিখুঁত দেখাব বিচাৰে I তেঁওলোকেই সকলো জানে আৰু তেঁওলোকৰ ভুল নহয় I তেঁওলোকে ভাবে যে ভুল স্বীকাৰ কৰাজন দুৰ্বল মনোভাৱৰ I তেনে লোকৰ পৃথিৱীত 'ভুল' শব্দটো বহুত ভয়ানক I
আপুনি আপোনাৰ ভুল স্বীকাৰ কৰিলে সন্মান নেহেৰুৱায়, বৰঞ্চ অধিক লাভ কৰিব I আপোনাৰ সততা, আত্মবিশ্বাসৰ প্ৰশংসা কৰিব I কিয়নো ভুল স্বীকাৰ কৰিব পৰা মানুহজন হ'ব প্ৰৱল আত্মবিশ্বাসী, নম্ৰ আৰু ভদ্ৰ I লগতে এয়াও বুজাই যে আপুনি প্ৰকৃততে মানুহ I আপুনি নিজৰ পৰা বহু একো নিবিচাৰে লগতে আনৰ পৰাও নিবিচাৰে I আপোনাৰ কাষত মানুহে বিশ্ৰাম ল'বলৈ ভয় নকৰিব I স্বাভাৱিক পৰিৱেশৰ ভাৰসাম্য ধৰি ৰাখিব পাৰে I আপোনাৰ বাবে সকলো সম্পৰ্ক সঁচা I যদি আপুনি ভুল স্বীকাৰ কৰিছে জানিব যে আপোনাৰ আত্মনিয়ন্ত্ৰণ বহু বেছি I আপুনি আপোনাৰ নেতিবাচক ভাববোৰ চিনাক্ত কৰিব জানে I ভুলৰ পৰাও বহু কথা শিকিব পাৰি I ভুল স্বীকাৰ কৰাজনৰ নৈতিক উচ্চাকাংক্ষা থাকে I সেয়ে ভুল হ'লে স্বীকাৰ কৰিবলৈ কুন্ঠাবোধ নকৰিব I মনত ৰাখিব কোনো নিখুঁত নহয় I
এই পৃথিৱীত একো নিখুঁত নাই :-
কেতিয়াবা আপুনি খাদ্য বনাই ( ধৰি লঁওক মাংস বনাই আছে ) থাকিলে ভাবে নেকি যে আন কোনোবাই বনালে খাবলৈ বহুত সোৱাদ হ'ল হয় I আপুনি ভালকৈ বনাব নাজানে আৰু সেয়ে আলহীক আপুনি নিজ হাতে বনোৱা খাদ্য সম্ভাৰৰ সোৱাদ ল'ব দিবলৈ মন নকৰে I আলহীয়ে বা কি ভাবে! আকৌ কেতিয়াবা আপুনি কিবা এটা কাম কৰিবলৈ সঠিক সময়ৰ বাবে ৰৈ থাকে নেকি যাতে কামটো নিখুঁতভাৱে সম্পন্ন হয়I নে নিজে কৰা ভুলবোৰ মানি ল'ব টান পায়? কাৰণ আপোনাৰ ভুল হ'বই নোৱাৰে I আপুনিটো সকলো কাম নিখুঁত ভাবে কৰে I যদি তেনে ভাৱে এইটোও মনত ৰাখিব যে কোনো নিখুঁত নহয় I এই পৃথিৱীত একো নিখুঁত নাই I সঠিক মুহূৰ্ত, নিখুঁত ব্যক্তি, সঠিক স্হান আপুনি কতো বিচাৰি নাপায়।
মই সকলো কথাতে নিখুঁত হ'ব বিচাৰিছিলো I কিন্তু লাহে লাহে গম পাইছিলো যে নিখুঁত বুলি একো নাই I সকলো কামতে নিখুঁত বিচাৰি থাকিলে সময়ত সিদ্ধান্ত ল'ব নোৱাৰি I ইয়াৰ ফলত লক্ষ্যত উপনীত হোৱাত বাধা আহে I কিবা এটা কৰিবলৈ সঠিক সময় বুলি একো নাথাকে I সঠিক সময় মানে এতিয়া , আজি I বহু সময়ত মই নিজকে নিখুঁত বুলি দেখুৱাবলৈ নিজৰ ভুল মানি ল'ব পৰা নাছিলো বা লোৱা নাছিলো I মই ভাবিছিলো মোৰ ভুল হ'বই নোৱাৰে I এনে কিছু কথাৰ বাবে বহুতৰ লগত সম্পৰ্কত তিতা-কেঁহা হৈছিল I জীৱনত এইবোৰৰ প্ৰভাৱ বহু গভীৰ I
আমি প্ৰায়ে ভুল কথা কওঁ, ভুল কাম কৰোঁ I জীৱনত যথেষ্ট ভুল কৰোঁ। অৱশ্যে সেই ভুলবোৰৰ পৰাই শিকো আৰু আকৌ নিজৰ লক্ষ্যত আগবাঢ়ো I বহুবাৰ, আমি বিচৰা ধৰণে নহয়। আমি বিফল হওঁ, কিন্তু তাৰ পিছত পুনৰ আমি উঠো। আমি আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তত একোটা নতুন কথা শিকো I এনেদৰেই গৈ আছো, জীয়াই আছো I
আপুনি কেৱল আপোনাৰ ভাল লগা মানুহজনকহে নিখুঁত বুলি ভাবে নেকি? তেঁও কৰা কামবোৰ ভাল হোৱা বুলি আৰু আন কোনোবাই সেই কামটো কৰিব নোৱাৰে বুলি ভাবে নেকি? হয়তো সেয়ে নিজৰ ভাল লগা জনৰ বাহিৰে আন কাকো প্ৰশংসা কৰিব নোৱাৰে I কিন্তু আমি আলোচনা কৰি আহিলো যে কোনো নিখুঁত নহয় I আপোনাৰ আপোন জনে কৰা কামটো আপুনি মনে প্ৰাণে আদৰি লয় বাবে তেনেকুৱা হয় I আন এজন ব্যক্তিয়েও সমানেই সেই একেটা কাম কৰিব পাৰে I ভাল লগা নলগাটো আপোনাৰ মনৰ ওপৰত নিৰ্ভৰ কৰে I সকলোকে প্ৰশংসা কৰক I উৎসাহিত কৰক সকলোকে জীৱনত।
@published in Janambhumi 8/12/2021
*********
0 Comments