শীত নামিছে , স্মৃতিয়ে ভুমুকিয়াইছে

 



শীত নামিছে , স্মৃতিয়ে ভুমুকিয়াইছে
------------------------------------------------
ড° ৰ'জলীনা কলিতা

কুঁৱলীৰ বগা চাদৰখন মেৰিয়াই লাহে লাহে শীত নামিছে ধৰালৈ I বহু অপেক্ষাৰ পিছত গ্ৰীষ্মৰ প্ৰখৰতাৰ পৰা সকাহ দিবলৈ নামি আহিছে শীত I শীতে কঢ়িয়াই আনে এক অনামী আৱেগ I হাড় কপোৱা জাৰৰ দিনেও মনলৈ আনে প্ৰশান্তি I বহুদিন বাকচৰ ভিতৰত থকা উমাল কাপোৰবোৰৰ গোন্ধত স্মৃতিবোৰ জী উঠে I ককা-আইতাই কোৱা সাধু কথাবোৰে মনটোক এৰি অহা সময়লৈ লৈ যায় I জাৰৰ দিনত পৰিয়ালৰ সকলোৱে একেলগে মিলি জুইৰ তাপৰ আমেজ লৈ ৰসাল কথা পতা, সৰু সৰু আলু জুইত পুৰি মিলিজুলি খোৱাৰ সময়লৈ মন উৰি যায় I

এই সময়ত ধাননি পথাৰ সোনোৱালী হয় I ধাৱনিয়ে হাতত কাঁচি লৈ ধান কাটিবলৈ যায় I মুঠি মুঠি কৈ বান্ধি ধানৰ দাঙৰিবোৰ পথাৰত থৈ দিয়ে I ফৰিংবোৰে ইফাল সিফাল কৈ ছিটিকি ফুৰে I গছৰ পাতবোৰ এখিলা দুখিলাকৈ সৰি পৰে I অভিমান কৰে বন-বিৰিখে I নতুন পাতৰ বাবে বিৰিখে অপেক্ষা কৰে বসন্তলৈ I আৱেলিৰ বেলিয়ে হেঙুলী ৰহন সানে I

এই শীতৰ দিনত ৰ'দত বহি কিতাপ পঢ়াৰ আমেজ সুকীয়া I লগতে শীতৰ দিনত পোৱা সকলোৰে প্ৰিয় ফল কমলা খাই কিতাপ পঢ়াৰ আনন্দ নিশ্চয় সকলোৱে উপভোগ কৰিছে I এই ঠাণ্ডাৰ দিনতেই আৰম্ভ হয় গ্ৰন্হমেলাৰ I ন-পুৰণি লেখক-লেখিকাৰ কিতাপেৰে ভৰি পৰে গ্ৰন্হমেলাI গ্ৰন্হমেলাৰ বাকৰিত গৰম কফি আৰু পপ্‌কৰ্ণৰ সোৱাদ, লগতে হাতত প্ৰিয় কিতাপ, আহ! কি যে মজা I হিম চেচা নিঁয়ৰে ধৰালৈ শীতৰ প্ৰকোপ দুগুন বঢ়ায় I গা জঠৰ লাগে I অকনমান ৰ'দ বিচাৰি হাহাকাৰ লাগে I তথাপি শীতৰ অনুপম সৌন্দৰ্যত মুগ্ধ আমিবোৰ I ফুলি উঠে বাগিচাত নাৰ্জি, গোলাপ, ডালিয়া I সৰিয়হডৰা হালধীয়া হৈ পৰে I ভোমোৰা, মৌমাখিয়ে তাতে পৰি হালি-জালি নাচে I

কিন্তু গতিশীল সময়ৰ লগত সলনি হৈছে জীৱন I সময়ৰ অভাৱত তাহানিৰ সেই তুঁহজুইৰ উম লৈ সাধু কথা শুনা বা সকলোৱে মিলি গৰম চাহৰ জুতি লোৱা এতিয়া দেখা নাযায় I কিতাপোনো কেইজনে পঢ়ে! তথাপি শীত নামে I শীতল বতাহ এছাটিৰে নামি আহে শীত I
শীতৰ সেমেকা ৰাতি / বস্ত্ৰবিহীন কোনো খেতিয়কৰ / তুঁহ জুই একুৰাত মই যেন প্ৰচণ্ড উত্তাপ হঁও' --ড° ভূপেন হাজৰিকা
@Published in Ganastambha, 10/12/2021
************

Post a Comment

0 Comments