------------------------------
ড° ৰ'জলীনা কলিতা
মাছ..মাছ...মাছ I কি ভাবিছে ? মাছ চিনি পাই বুলি সুধিম নে খাই ভালপাই বুলি সুধিম ? ওহো, একো নুসুধো I সকলোৱেচোন চিনি পায় I একোৰিয়ামত থকা ৰং-বিৰঙৰ মাছবোৰ I পাৰ্কৰ মাজেৰে বৈ যোৱা কৃতিম জানত থকা ভিন্ন ৰঙী, পথাৰৰ বোকাত খলকনি তুলি থকা , নৈ-বিল, জান-জুৰিত নাচি থকা মাছবোৰ I বাৰিষাৰ বৰষু্ণ কেৱল মোৰ বা আপোনাৰে প্ৰিয় নহয় I মাছবোৰৰো প্ৰিয় I শাওনৰ পথাৰত বোকাৰ মাজত সিঁহতৰ উলাহ I ৰোৱনীৰ ভৰিৰ ফাকে ফাকে দৌৰা-দৌৰি I সাহিত্যৰ পথাৰখনতো সিঁহতৰ খলকনি I সাধু, সাঁথৰ, গীত, যোঁজনা আদিত মাছৰ উল্লেখ পোৱা যায় I
গোৱালপৰীয়া লোক গীতত মাছৰ বিষয়ে সুন্দৰকৈ প্ৰকাশ পাইছে I
'মাছেৰ বসন্ত কালে
কৰে উজান ভাটি
আমি নাৰী একলা ঘৰে
কৰুং কান্দাকাটি'
উক্ত গীত ফাঁকি গোৱালপৰীয়া লোকগীতৰ I প্ৰেমৰ বসন্ত নামে ডেকা-গাভৰুৰ হৃদয়ত I ইজনে আনজনক কাষত পোৱাৰ হেঁপাহ I কিন্তু সমাজৰ বান্ধোন! সেয়ে মনৰ বিষাদ উক্ত গীতফাঁকিৰে প্ৰকাশ কৰে I আকৌ কোনোবা আলহী ঘৰলৈ আহিলে গৃহস্হৰ গাত তত নোহোৱা হয় I কি বনাব কি খুৱাব I তেনে ভাৱনাও গোৱালপৰীয়া লোকগীতত প্ৰকাশ পাইছে এনেদৰে--
'আইজুং চাউলেৰ ভাত চাইৰটা
ইলচা মাছেৰ জোল
ডৰকিনা মাছেৰ ছৰছৰিতা
মুলা শাকে শউল'
নিচুকনি গীত সমূহতো মাছৰ বিষয়ে পোৱা যায় I
'আহ জোনাকী আহ
উৰি উৰি আহ
তৰা পাততে ভাত দিম
ইছা মাছৰ জোল দিম
তাৰ তলতে বান্ধি থ'ম
ৰাতিপুৱালৈ এৰি দিম'
কবিতাতো মাছৰ কথা পোৱা যায়-
'নৰা বাত পাভ মাছ
আৰু এটা কাছ
বাৰ টকাত কিনি আনি
কিয় বাৰু নাচ'--(কুঁহিপাত)
পুখুৰীত সৰু সৰু দৰিকনা মাছবোৰে জাক পাতি ইফাল-সিফাল কৰি থকা দৃশ্য কি মনোমোহা I চুই চাব খুজিলেই উচাত মাৰি গুচি যায় I মনলৈ আহে দিজেন্দ্ৰ মোহন শৰ্মাদেৱে ৰচনা কৰা এই চিৰ সেউজ গীতটি--
'মোৰ অকনমানি পুখুৰীটোৰ অকনমানি মাছ
ৰ'দ কাঁচলিত ঘুৰি নাচ পাকঘুৰণি নাচ
মোৰ দৰিকনা মাছ
দেও অকনমানি মাছ'
অসমীয়া মানুহে মাছ খোৱাতকৈ মাছ ধৰি বেছি আনন্দ পায় I মাছ ধৰাটোও যেন উৎসৱ হৈ পৰে I কিছু সংখ্যক মানুহে গীত গাই I বিহুৰ লগতো মাছৰ এক ওত:পোত সম্পৰ্ক আছে I আনহাতে মাছক হিন্দু ধৰ্মত পূজা কৰাও হয় I কিয়নো ভগৱান বিষ্ণুৰ দহ অৱতাৰৰ ভিতৰত অন্যতম ৰূপ আছিল মৎস্য অৱতাৰ I মৎস্য সম্পৰ্কে হিন্দু আখ্যান সমূহত বিভিন্ন কাহিনী পোৱা যায় I মূল ভাব এয়ে যে যদি সৰু সৰু মাছক আশ্ৰয় দিয়ে তেন্তে ইঁহত এদিন ডাঙৰ হৈ সৃষ্টিক ৰক্ষা কৰে I
দৈনন্দিন জীৱনত তথা পাকঘৰত মাছৰ গুৰত্বৰ কথা সকলোৱে জানে I মাছ নহ'লে এসাজ পেটলৈ নাযায় I কেৱল সেয়াই নহয় জনস্বাস্হ্য আৰু পৰিবেশ সংৰক্ষণৰ লগতো সু-সম্পৰ্ক আছে I গতিকে মাছ সংৰক্ষণ আৰু উৎপাদন কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত I
***********
@Published in Ganastambha, 26/08/2022
0 Comments