পৰিয়াল কি? পিতৃ-মাতৃ, খুড়া-খুড়ী, ককাই-ভাই, ককা-আইতা আদি সম্পৰ্কবোৰ মনলৈ আহে পৰিয়াল বুলি কলেI কিন্তু আধুনিক সমাজ ব্যৱস্হাত যৌথ পৰিয়ালৰ বিলুপ্তি ঘটিল আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠিলI ইয়ে পৰিয়ালৰ সদস্য সকলৰ মাজত পাৰম্পৰিক দায়বদ্ধতা হ্ৰাস কৰিছে আৰু মানুহৰ মনত মৰম ভালপোৱাৰ অভাৱ দেখিবলৈ পোৱা গৈছেI
কৰ্ম ব্যস্ততা, উচ্চাকাংক্ষা, প্ৰতিযোগিতা, বস্তুবাদী চিন্তা ধাৰা, বিলাসীকতাই যেন ইন্ধন যোগাইছে পৰিয়ালৰ সদস্যৰ মাজৰ ব্যৱধানতI আমি বেংক বেলেঞ্চৰ হিচাপ ৰাখো, ক'ত ফ্লেট, মাটী কিনিব পাৰি, কিমান দামী গাড়ী কিনিব পাৰি তাৰ অংক কৰোI সমাজৰ উচ্চ আসনত বা পদত নিজক চাবলৈ কোনো তেজৰ সম্পৰ্ক নথকা মানুহৰ পিছত দৌৰো, তেঁওলোকৰ সুখ-দুখৰ খবৰ কৰোI ইয়াৰ বাবে আমি আমাৰ আপোনবোৰক কৰবাতে এৰি আহোI ক্ৰমান্বয়ে জটিল হৈ পৰে আমাৰ জীৱন যাত্ৰাI এলাগী হৈ ৰয় বৃদ্ধ পিতৃ-মাতৃ, অচিন হৈ পৰে খুড়া-খুড়ী, মাহী-মোহা, পেহা-পেহী আদি সম্পৰ্কবোৰI কোনো কোনো লোকৰ ক্ষেত্ৰত গুৰুত্বহীন হৈ পৰে নিজৰ সন্তান, পত্নী/স্বামীI সৰুতে কথা কৈ ভালপোৱা মানুহজনে আজৰি সময় পালেও কথা কৈ ভালনোপোৱা হয়I আজৰি সময় পালেও ব্যস্ত থাকি ভালপাই Whatsapp, Facebook, TwitterতI ভাৱ বিনিময়ৰ অভাৱত আন্তৰিকতা কমি যায়, মৰম-চেনেহ নোহোৱা হয়I এনেকৈয়ে লাহে লাহে সম্পৰ্কবোৰ কেৱল নামতহে থাকি যায়I
যদি সন্তান আৰু অবিভাৱকৰ মাজত ভাৱ বিনিময় নহয় তেন্তে সন্তানে ক'ত কি কৰিছে, কাৰ সতে বন্ধুত্ব কৰিছে, কি খাইছে কেনেকৈ গম পাবI ফলত সন্তান বিপথগামী হলেও মাক-দেউতাকে একো উমানেই নাপায়I আনহাতে পৰকীয় প্ৰেমৰ বাবে বহুতো সংসাৰ ধ্বংস হৈছেI সেইবোৰৰ উৎস কি? আন্তৰিকতাৰ অভাৱ, মৰম ভালপোৱা নোহোৱা হোৱাই জানো নহয়! কিমান বৃদ্ধ-বৃদ্ধা আজি বৃদ্ধাশ্ৰমত আছেগৈI তেঁওলোকৰো হয়তো একো একোটা পৰিয়াল আছিলI তেন্তে আজি কিয় তেঁওলোক বৃদ্ধাশ্ৰমত? কাক সুধিলে কোনে উত্তৰ দিব এনে প্ৰশ্নৰ?
চোতালত ককা-আইতাৰ লগত বহি সাধু শুনাৰ দিনবোৰ ক'ত জানো হেৰাই থাকিলI সমনীয়াৰ সতে চোৰ-পুলিচ খেলা, টাংগুটি খেলা, মাৰবল খেলা এইবোৰহে এতিয়া সাধু কথা হৈ ৰ'লI সন্ধিয়া তুলসীৰ তলত আইয়ে চাঁকিগছি জ্বলাই কৰা প্ৰাৰ্থনা, নামঘোষা ফাঁকি শুনিব নাপাওচোনI এতিয়া সন্ধিয়া ফুৰিবলৈ ওলাই যাঁও, ৰেষ্টুৰেন্টত খাবলৈ যাঁওI কেতিয়াবা ভাবিলে আঁচৰিত লাগে ইমান সলনি কেনেকৈ হ'লো, কোনে কৰিলেI যদি এতিয়া প্ৰজন্মই সাধু কি নাজানে, গাঁৱলীয়া খেল সমূহ নাজানে, প্ৰাৰ্থনা কি নাজানে তেন্তে পৰিয়াল শব্দটোৰ বিশালতাও উপলদ্ধি কৰিব কাহানিও নোৱাৰিবI অনুভবী মন যদি নাথাকে সমাজ কেনেকৈ গঢ়িবI মন সংকীৰ্ণ, স্বাৰ্থপৰ হৈ পৰিবI সময় গতিশীলI সময়ৰ সতে আমিও সমানে সমানে খোজ দিছোI কিন্তু ইমান বেগাই গৈ কি কৰিম? মই ভাবো, অকলে দৌৰাতকৈ পৰিয়ালৰ সতে বহু দূৰলৈ খোজ কঢ়াটোহে ভালI
যুগৰ লগত পৰিবৰ্তন নিশ্চিতI কিন্তু পৰিয়ালৰ লগত সম্পৰ্ক সদায় অটুট ৰাখিবলৈ যত্ন কৰিব লাগেI সুখ-দুখত পৰিয়ালৰ লগত থাকিব লাগেI সৰু সৰু মনোৰঞ্জনেৰে আমি সকলো মিলিজুলি থাকিব পাৰোIযেনে--
* প্ৰতিজন সদস্যৰ সমস্যা মুকলিকৈ আলোচনা কৰিব লাগেI
* আজৰি সময় পালে খেল-ধেমালিৰে পাৰ কৰিব লাগেI
* সময়-সুবিধা মিলাই সকলো সদস্য কেতিয়াবা ফুৰিব যাব লাগেI
* আৱেলিৰ চাহকাপ, ৰাতিৰ ভাতসাজ সকলোৱে মিলি খালেও মৰম-প্ৰীতি বাঢ়েI
* ইজনে সিজনৰ ভাল লগাবোৰ মন কৰিব লাগেI তেঁওলোকে ভালপোৱা ফুলনিত ফুল, খেতিত পাচলি লগাব পাৰিI নিজৰ ভাল লগা ফুল, পাচলি আনে ৰোৱা দেখিলে মনটো ভাল লাগিবI
* ফুৰিব যোৱা ফটোবোৰৰ ধুনীয়া ফটো এলবাম বনাই পৰিয়ালৰ সদস্যক উপহাৰ দিব পাৰিI
পৰিয়ালৰ প্ৰতিজন সদস্যৰ স্বভাৱ একে নহ'ব পাৰেI কোনোবাই বেছিকৈ কথা ক'ব, কোনোবাই শব্দ কৰি হাঁহিব আদিI কিন্তু যেনেকুৱাই নহঁওক, তেঁওলোকেই আমাৰ আপোনI এজনৰ বিপদ হ'লে, অসুখ হ'লে তেঁওলোকেই উজাগৰে থাকিবI বৰ্তমান কৰ'নাৰ দৰে ভয়াবহ মহামাৰীৰ সময়ত সেয়াই স্পষ্ট হৈ পৰিছেI ঘৰৰ পৰা দূৰত থকা সকল আজি নিজ নিজ ঘৰলৈ আহিবলৈ উত্ৰাৱল হৈ পৰিছেI যিয়ে যেনেকৈ পাৰিছে নিজৰ পৰিয়ালৰ কাষলৈ দৌৰ দিছেI সেয়ে আহক, জীৱনটো উদযাপন কৰো পৰিয়ালৰ সতেI এটি পৰিয়াল নিখুট হোৱাতকৈ, ঐক্যবোধেৰে থকাটোহে প্ৰয়োজনীয়I

@Published in Assamese Weekly newspaper' গণস্তম্ভ'
1 Comments
সুন্দৰ লেখা!! মন ভৰি গল! মনৰ কথাবোৰকে পঢ়িলোঁ।
ReplyDelete