আপোন গাঁওখনিৰ মাটিৰ গোন্ধ প্রিয় নে আপোনাৰ || The smell of own land



নীৰৱে উচুপি উঠো তোৰ কথা সুঁৱৰি
ৰ'জলীনা কলিতা

    প্ৰেম--এক বুজাব নোৱাৰা অনুভূতি। হৃদয়ৰ এক অবুজ স্পন্দন। প্ৰেমত পিছল নোখোৱা চাগে খুব কমেই আছে। মোৰো প্ৰেম হৈছিল। এতিয়াও মই তাৰ স্মৃতি গোপনে কঢ়িয়াই লৈ ফুৰো। মোৰ আপোন গাঁওখনিৰ সতে। পৃথিৱীৰ যলৈকে নাযাও কিয় সদায় আপোন হৈ ৰয় গাঁওখনি। সেই গাঁওখনৰ মাটিৰ গোন্ধ সদায় বুকুত সামৰি থঁও। আজি মোৰ গাঁও খনলৈ বৰকৈ মনত পৰিছে। সেউজীয়া গাঁওখনি মোৰ বুকুৰ আপোনI গাঁও খনিৰ আকাশ মই কঢ়িয়াই ফুৰো সদায়। সেই আকাশত থাকে মোৰ স্মৃতিৰ তৰাবোৰ। এতিয়া চাগৈ তাত সোনাৰু ফুলিছে। থোপা থোপে ফুলি থকা ফুলবোৰৰ হালধীয়া হাঁহিয়ে মনত হেঙুলী ৰহন সানি দিছিল। এতিয়াও হাঁহি আছেনে সোনাৰুৱে। কৃষ্ণচূড়াও ফুলিছে চাগৈ। আৱেলিৰ বতাহত সোনাৰুৰ আৰু কৃষ্ণচূড়াৰ পাহিবোৰে ইটোৱে সিটোৰ সতে কথাৰ কটাকটি হৈছিলI কোন বেছি প্ৰেমিক।

    মোৰ গাঁওখনিলৈ সোমোৱাৰ মূল পথতেই আছে এজোপা জামৰ গছ। ডাল ভৰি লাগিছে চাগৈ। মোৰ বগা ফ্ৰকটো তাৰ কলা দাগেৰে ফুট ফুটিয়া কৰি দিছিল। পথৰ কাষত থকা খালটোত হাঁহ বোৰে কি যে সাঁতুৰিছিল। সিঁহতৰ পাখিৰ কোবত পানীবোৰ চিটিকি পৰিছিলহি গাত। খেজুৰৰ গছ কেইডাল, আমৰ গছ কেইডাল এতিয়া মাথো স্মৃতি। বাকাৰাৰ তেতেলী জোপা, বগৰী জোপা আৰু বেত গছৰ জোপোহা কেইটাৰ পৰা বেত গুটি খোৱা সকলোবোৰ স্মৃতি মাথো। শৈশৱত উমলি ফুৰা ঠাইবোৰে আমনি কৰে ফ্লেটৰ দৰ্জাৰ ইপাৰে।

    জেঠ মাহI ৰ'দে পুৰা গাত ঘামে তিৰবিৰাই। কেইদিনমান পিছত পথাৰখনো সেউজীয়া হ'ব। পথাৰলৈ চাহ জলপান লৈ যোৱা দিনবোৰ কিমান ভাল আছিল। তেতিয়া বুজিব পৰা নাছিলো এদিন সেই গাঁও খনি এৰিব লাগিব। পথাৰখনলৈ ঘনে ঘনে লৰ দিছিলো কঠিয়াৰ পৰা কিমান দিনত ধান হয় চাবলৈ। সৰি থকা শিলিখা, ঔ টেঙা গোটাই আনিছিলো। এতিয়া সেই ঠাইৰ প্ৰতিচ্ছবি চকুৰ আগত ভাহি থাকে।

    এৰি অহাজনেহে অনুভৱ কৰিব পাৰিব কিমান বেদনাদায়ক নিজৰ প্ৰিয় ঠাইখন এৰি অহাটো। যেতিয়া তাৰ বুকুৰ উমত আছিলো হয়তো বুজা নাছিলো তাৰ মৰম, চেনেহI এতিয়া তাৰ বুকুত এবাৰ মুৰ থৈ শুৱ মন যায়। এবাৰ সুধিব মন যায় এতিয়াও সোনাৰুৰে হাঁহেনে, এতিয়াও তেতেলীজোপাত ভুত ওলাইনে? মোৰ সেই আপোন ঠাইখনেই সাহস দিয়ে জীয়াই থকাৰI তথাপি কেতিয়াবা নীৰৱে উচুপি উঠো।

@Published in Assamese Daily Newspaper'Asomiya Khabar',18/05/2020

Post a Comment

5 Comments