সিঁহতৰো মন আছে
পুতলাবোৰৰ সতে খেলিব,
সিঁহতৰো মন আছে
কিতাপ, কলম হাতত তুলি ল'বI
কিন্তু পেটৰ ভোকে
সিঁহতক চাহৰ হোটেলৰ
'পোৱালী' সজায়,
দৰিদ্ৰতাই সিঁহতক
গাড়ীৰ হেণ্ডিমেন সজায়I
এচাম ধনী লোকে
ধনৰ টোপোলা দি
তেঁওলোকৰ লগুৱা সজায়
নিৰক্ষতাই সিঁহতক
অন্ধকূপৰ মাজলৈ ঠেলি দিয়ে
ষ্ট্ৰীট লাইটৰ পোহৰৰ আঁৰে আঁৰে,
সিঁহতে সেৱন কৰিবলৈ লয়
ড্ৰাগছ নাইবা সুৰাI
হেৰুৱাই সিঁহতে শৈশৱ,
কৈশোৰৰ কুমলীয়তা..
কেতিয়া অন্ত পৰিব শিশু শ্ৰম
কোনে শুনিব সিঁহতৰ আৰ্তনাদ!
1 Comments
সুন্দৰ
ReplyDelete