সোনাৰুৰে হালধীয়া--ৰ'জলীনা কলিতা || Sonarure Haladhia


সোনাৰুৰ হালধীয়া হাঁহিৰ দৰেই
তোৰ হাঁহি
সোনাৰুৰ পাঁহিৰ দৰেই কোমল
তোৰ ওঁঠযুৰি,
হেঙুলী পাঁহিতেই আঁকি দিবি
চুমা..
আৱেলিৰ বতাহজাকত
এপাহি দুপাহি কৈ সৰিব
সোনাৰুৰ পাঁহি
দুবাহু মেলি থিয় হ'ম
চুই যাবহি
জেঠ মহীয়া ৰ'দে পোৰা গা..
@Published in Assamese Daily Newspaper;Gana Adhikar'

Post a Comment

1 Comments