"কি দিছা তুমি মোক? মোৰ লগৰ জোনাকীক দেখিছা, যোৱা মে'ত বিয়া হৈছিলI এতিয়া Foreign গৈছে I তাকো Arrange Marriage আছিল I তুমি কি কৰিছা, Love Marriage কৰি? মোক পাকঘৰত সুমুৱাই থৈছা I "
পাখি আৰু ৰিকিৰ মাজত প্ৰায়ে এনেকৈ কাজিয়া হয় I ভালপায় বিয়া হৈছিল যদিও কিবা কিবি অসুবিধাত পাখিক Honeymoonত নিব পৰা নাই I পাখিয়েও বুজে কথাবোৰ I কিন্তু লগৰ জনীয়ে যেতিয়া Facebook ত ফুৰিব যোৱা ফটোবোৰ দিয়ে তেতিয়া তাইৰ মনটো বেয়া হয় আৰু ৰিকিৰ লগত কাজিয়া কৰে I ৰিকিয়ে বুজাই যে সময় সকলোৰে বাবে একে নহয় I এদিন সিঁহতো যাৱ I আৰু Facebook ত হে সিঁহতক সুখী দেখিছে I কোনে জানে জোনাকীৰ জীৱনটো ৱাস্তৱত কি!!
(২)
বিহুৰ বতৰI বন্দিতাৰ কাপোৰ কিনিব যোৱাৰ জোৰ I গুৱাহাটীত থাকে সিঁহত I গিৰীয়েকে কোম্পানীত সৰুকৈ কিবা এটা কৰে I খৰচ বহুত হ'ব বুলি বন্দিতাক প্ৰথমে আনিব খোজা নাছিল I কিন্তু শাহুৱেকৰ লগত মন নিমিলাৰ বাবে তাইক গুৱাহাটীলৈ লৈ আহিল I ৪বছৰ মানেই হ'ল বিয়াৰ I৩বছৰ ধৰি ঘৰলৈ যোৱাই নাই I সেয়ে বিহু বুলি যাৱ এইবাৰ Iবিহু বুলি একো নিকিনিলে গাঁৱত গৈ কি ক'ব ওচৰৰ বৌৱেকহঁতক, জা - জোৱালী সকলক! সেয়ে গিৰীয়েকক জোৰ কৰি বজাৰলৈ লৈ গ'ল I
"ফ্ৰক ললা যে তুমি?" গিৰীয়েকে সুধিলে
" অ কিয় কি হ'ল?" বন্দিতাই ক'লে
"তুমি ফ্ৰক পিন্ধি গাঁৱলৈ যাবা? তুমি দেখোন শাৰী, মেখেলা চাদৰৰ বাহিৰে একো নিপিন্ধা I আজি এই পৰিবৰ্ত্তন কিয়? " গিৰীয়েকে সুধিলে I
"তুমি মোৰ বয়স দেখিছা? Facebook ত শৰ্মাৰ ঘৈনীয়েকক দেখা নাই, দীঘল ফ্ৰক পিন্ধি ফটো status দিয়া I মই কিয় নোৱাৰো হেI এনেই বন্ধন গোটৰ পৰা ঋণ লৈছো নেকি? তুমি পোৱা টকা কেইটাৰে খাবলৈয়ে নোজোৰে I "
বন্দিতাৰ কথাত গিৰীয়েকে একো নামাতিলে I কৈনো কি লাভ I

(৩)
"জিমি, তই Facebookত ত কবিতা, গল্প নিদিয়া কৰিলি যে? Whatsappতো Status নিদিয়, কি হ'ল?নতুন নতুন বিয়া হৈ সকলো এৰিলি নেকি?" জিমিৰ বান্ধৱী চিনুই সুধিলে I
"তোক কম বুলি কোৱা হোৱা নাই কথাটো I ঘৰৰ কথা কবলৈও মন নাযায় I তথাপি কঁও শুন I মোৰ বিয়া হ'বলৈ মাথো ২মাহ হৈছে I তই জানই মই লিখা মেলা কৰোI কিন্তু মই কিবা লিখিলেই ননদ জনীয়ে মোৰ Status, কবিতাৰ ওলোটা অৰ্থ উলিয়াই শাহু আৰু দিপক লগায় I ননদ জনীয়ে কৈছে লিখিব এৰিবলৈ I এতিয়া লিখিলে হেনো তেঁওলোকৰ সন্মান হানি হ'ব I" হুক হুকাই কান্দি উঠিল জিমিয়ে I
"তই নেৰিবি, আকৌ লিখ I আচলতে তাইৰ ঈৰ্ষা হৈছে তোক লৈ I তই ভাল লিখ বাবে I কাৰোবাৰ ঈৰ্ষাৰ বলি নহবি I কলম নেৰিবি জিমি "I
(৪)
"পিংকি , তুমি চাকৰি এৰিলা বোলে? আমি আকৌ আজিহে শুনিলো বৰুৱানীৰ মুখৰ পৰা I কংকনৰ কাৰণে এৰিব লগা হ'ল ন চাকৰিটো I কি কৰিবা তাতে তুমি I একো নাই, তাক ভাত মুঠিকে বনাই দিব পাৰিবা I কলিতাৰ যে বোৱাৰীজনী, বৰ ভাল অ I বহুত ভাগ্যৱান I চাকৰি কৰিবহে দিছে তাইক I (অলপ ফুচফুচাই) তোমাক ঘৰৰ পৰা চাকৰি এৰিব কৈছে নেকি?"
পিংকিয়ে ওচৰৰ Aunty সকলে কোৱা কথা বেয়া নাপায় I বিৰক্তি পায় মাথো I তেঁওলোকৰ কথাৰ উত্তৰ মাথো এটি মিঁচিকিয়া হাঁহি Iকংকনৰ কাৰণে তাই আজিলৈ একো এৰিব লগা হোৱা নাই I তাৰ বাবে তাই নতুন নতুন সময় উপভোগ কৰিবহে পাইছে I মাক দেউতাকে তাইক শিক্ষা আৰু জ্ঞান সমানে দিছে I তাইৰ আত্মবিশ্বাস বঢ়াবলৈ কংকন আছে I জীৱনত আৰুনো কি লাগে ! কিন্তু এইবোৰ তাইৰ ঘৰৰ ওচৰৰ Aunty সকলে বুজি নাপাৱ I তাইৰ চাকৰি কৰা ৬ বছৰ হ'ল আৰু কলিতাৰ বোৱাৰীৰ ৬মাহ I
পাখি, বন্দিতা, জিমি ,পিংকি হয়তো আমাৰ মাজতো আছে I এজনৰ জীৱন আন এজনৰ লগত কেতিয়াও নিমিলে I কাৰোবাৰ আজিৰ সময় খিনি কাৰোবাৰ যোৱাকালি আছিল I কাৰোবাৰ সুখ দেখি নিজৰ জীৱনটো দুখময় কৰি তুলিব নালাগে I নিজৰ জীৱনটো নিজে সজাৱ লাগে নিজৰ সোৱাদ অনুসৰি I কাৰোবাৰ নাম হোৱা দেখিলে ঈৰ্ষা কৰিব নালাগে I সকলোৰে বেলেগ বেলেগ প্ৰতিভা থাকে I নিজৰ নিজৰ প্ৰতিভাৰে আগুৱাই যাব লাগে I প্ৰত্যেক মানুহেই ধুনীয়া I সকলোকে বেলেগ বেলেগ কাপোৰ বা সাজোন কাচোনেৰে ভাল লাগে I কাৰোবাক যদি চাদৰ মেখেলাৰে আন কাৰোবাক চুৰিদাৰেৰে I আনে কি পিন্ধিছে সেয়া নিজেও পিন্ধিব লাগিব বুলি কিবা কথা আছে জানো! যেতিয়ালৈ আমি নিজে নিজৰ প্ৰিয়পাত্ৰ হ'ব নোৱাৰো তেতিয়ালৈ জীৱনটো বিষময় হৈয়ে থাকিব I
চছিয়েল মিডিয়াত আমি আমাৰ চিনাকি সকলৰ ফটো দেখি, তেঁওলোকৰ Living style দেখি নিজকো তেনে বনাবলৈ দৌৰিছো I কিন্তু তেনে কৰিলে নিজস্বতা হেৰুৱাই দিয়া হে হ'ব I আঠুৱা চাই ঠেং মেলা বুলি এষাৰ কথা আছে I আমি আমাৰ সাধ্য অনুযায়ী হে চলিব লাগিব I যদি মোৰ মাহিলী উপাৰ্জন ৬০০০ আৰু মোৰ ওচৰৰ মানুহ ঘৰৰ মাহিলী উপাৰ্জন ৫০,০০০ তেন্তে মই তেঁওলোকে ফুৰাৰ দৰে, পিন্ধাৰ দৰে কৰিলে মই জীৱনত থকা খিনিও হেৰুৱাব লাগিব I যাৰ যিটো প্ৰথমে প্ৰয়োজন সেয়াহে সম্পুৰ্ণ কৰা উচিত I বহুতে বন্ধন গোটৰ, RGVN ৰ পৰা ঋণ লয় I কিন্তু কিমান জনে উচিত কামৰ লয়? হয়তো বহুতেই নিজৰ নিজৰ অভাৱবোৰ পুৰণ কৰিবৰ বাবে লয় I কিন্তু তাৰ মাজত এনেকুৱাও বহুত আছে যিয়ে লগৰ জনীৰ দৰে বিলাসী জীৱন যাপন কৰিবলৈ বন্ধন গোটৰ পৰা ঋণ লয় আৰু সময়ত সেয়া ধাৰ মাৰিব নোৱাৰি আত্মহত্যা কৰিব লগা হয় I
স্কুলীয়া জীৱনৰ সমাপ্তিৰ পিছত কলেজখন প্ৰথমে ভাল নালাগে I নিজকে অকলশৰীয়া আৰু জীৱনটো উকা যেন লাগে I কিন্তু কলেজত নতুন বন্ধু বান্ধৱীৰ সংগই স্কুলৰ দিনবোৰ অতীতৰ কোলাত মাৰ নিয়াই I কলেজৰ পৰা ওলাই চাকৰিৰ জীৱনI তাতো সহকৰ্মীৰ লগত আকৌ এটি নতুন জীৱন আৰু নতুন অভিজ্ঞতা I বয়সৰ লগত বিবাহৰ কথা I সাংসাৰিক বান্ধোনত বান্ধ খাই পৰা যায় I বিবাহৰ পিছৰ সময়খিনি বহুত আলসুৱা, ঠুনুকাI বিশ্বাস আৰু মৰমৰে সকলো সম্পৰ্ক বান্ধি ৰখাটো প্ৰয়োজন কিন্তু কঠিনতাইও দেখা দিয়ে I বহু ছোৱালীয়ে নিজৰ চাকৰি বিবাহৰ পিছত এৰিব লগীয়া হয় I কিন্তু সেইটো দুখৰ বিষয় কৰি, আলোচনাৰ বিষয়বস্তু কৰি জীৱনটোক বেদনাৰে ভৰাই তুলিব নালাগে I জীৱনৰ বিভিন্ন স্তৰ থাকে I জীৱনৰ প্ৰতিটে স্তৰত বিভিন্ন সোৱাদ, অভিজ্ঞতা, সপোন, আশাৰে ভৰি থাকে I উপভোগ কৰিব পৰা গৰাকীহে আচলতে ভাগ্যৱান I
কেতিয়াবা কোনোবাই সোধে, ' তুমি Housewife নে চাকৰি কৰা'? মোৰ তেখেত সকলক ক'ব মন যায় যে প্ৰত্যেক গৰাকী নাৰীয়েই প্ৰথমে এগৰাকী গৃহিণী I চাকৰি কৰিলেও তেঁও নিজৰ ঘৰৰ কামখিনিৰ পৰা পলাব নোৱাৰে I তাৰোপৰি চাকৰি নকৰিলেও বহু মহিলাৰ হাতৰ বিদ্যা থাকে I কেক্ বনোৱা, এম্ব্ৰইদাৰী কৰা, আচাৰ বনোৱা, ৰং বিৰঙৰ মম বনোৱা,মাটিৰ পাত্ৰত ডিজাইন কৰি সজোৱা বস্তু বনোৱা ইত্যাদি বিভিন্ন প্ৰতিভা থাকেI এইবোৰো এতিয়া ধন উপাৰ্জনৰ পথ I বৰ্তমান বিভিন্ন ডিজাইনৰ কেক্ বোৰ খুব জনপ্ৰিয় হৈ আছে I ইয়াৰ উপৰিও বহুতে গীত গায়, নৃত্য কৰে, মডেলিং কৰে, কিছুমানে কবিতা গল্প লিখে I তেনেকৈও বহুতেই নিজৰ জীৱনত খোজ দিব পাৰে বা দিয়ে I আজৰি সময়ত কিতাপ পঢ়িও সময় কটাব পাৰি I এতিয়া কিতাপ পঢ়াও বহুত সুবিধা যিহেতু Online যোগেও পঢ়িব পাৰি বা কিনিব পাৰি I অন্তত পৰচৰ্চা কৰাতকৈ কিতাপ এখন পঢ়াতো মন আৰু মগজুৰ বাবে ভাল I যদি কোনোবাই ফুল, শাক পাচলি ৰুই ভাৱপায় তেন্তে তেনেকৈও নিজক ব্যস্ত ৰাখিব পাৰে I আগুৱাই যাবলৈ মাথো ইচ্ছা শক্তিৰ প্ৰয়াজন I তাতোকৈ প্ৰয়োজন নিজক চিনাতো I পাকস্হলীয়ে হজম কৰিব নোৱাৰা খাদ্য আনে খোৱা দেখি খালে পেটৰ বেমাৰটো হবই I নিজৰ দক্ষতা যিটো দিশত থাকে সেই দিশে গমন কৰাটোহে উচিত I নিজৰ আচাৰ ব্যৱহাৰত অলপ সাল সলনি আৰু কাৰোবাক অকনমান সহায়, প্ৰেৰণা দি চাবচোন, সঁচাকৈয়ে জীৱনটো সুন্দৰ হৈ পৰে I
@Published in Assamese Daily Newspaper' আমি অসমৰ জনগন'
1 Comments
Khub dhuniya
ReplyDelete