জীৱনৰ প্ৰতিটো খোজতে নানা ধৰণৰ সমস্যা, দুখ, দুৰ্যোগ থাকে। এই ঋণাত্মক শক্তিবোৰক দমন কৰিবলৈ হাঁহিয়েই আমাক শক্তি যোগায়। হাঁহিৰ জড়িয়তেই আমি মনৰ আনন্দৰ কথা প্রকাশ কৰো। ৰাস্তাৰে চিনাকী মানুহ এজন গৈ থাকিলে প্রথম হাঁহিৰে সম্ভাষণ জনাও। এটি শিশুৰ মাত ফুটাৰ আগত হাঁহিৰ দ্বাৰাহে পৃথিৱীখনৰ লগত চিনাকি হয়। মানুহৰ লগত বা খেলৰ সামগ্রীৰ লগত এটি শিশুৱে হাঁহিৰে মনৰ ভাৱ প্রকাশ কৰে। কিন্তু লাহে লাহে যেন আমি হাঁহিব পাহৰি গৈছো। সময়তকৈ আগত দৌৰাৰ প্রতিযোগিতাত ব্যস্ত হৈ পৰিছো। এতিয়া আমি নিজক লৈ ব্যস্ত। সময় নাই এটি হাঁহিৰ বাবে। হেৰুৱাই পেলাইছো জীৱনৰ ছন্দ। পাহৰি গৈছো যে হাঁহিৰ মাজতো আছে সাফল্য।
আধুনিকতাৰ প্রভাৱত আমি যন্ত্র হৈ পৰিছো। Whatsapp, Facebook, Instagram, Twitter আদি অহাৰ পৰা আমি আমাৰ অনুভৱবোৰ Sticker packলৈ পৰিৱৰ্ত্তিত কৰিছো। আগতে গাঁৱত আবেলি সমনীয়াৰ সৈতে ওলাই যোৱা, আড্ডা দিয়া, ধেমেলীয়া কথা কৈ হাঁহিৰে চৌপাশ ৰজনজনাই দিয়া সময়বোৰ ক’ত যে হেৰাই গ’ল! এতিয়া Whatsapp গ্রুপতেই সকলো শেষ। প্রতিযোগিতাৰ যুগত আমি আন এজনতকৈ আগবাঢ়িবলৈ মাথো দৌৰিছো, দৌৰিছো আৰু দৌৰিছো। আমাৰ হাঁহি, আনন্দ, বন্ধুত্ব সকলোবোৰ মষিমূৰ কৰি পেলাইছো।
হাঁহিবলৈ অভ্যাস কৰক যদি কালৰ সোঁতত পাহৰি গৈছে। কিয়নো যি মানুহে হাঁহিব নাজানে তেঁওলোকে জীৱনৰ মূহুৰ্ত্তবোৰ উপভোগ কৰিব নোৱাৰে বা নাজানে। বহু মানুহে মুখখন গোমোঠা মাৰি ৰাখে। এইটো শাৰিৰীক আৰু মানসিক ভাৱে বেয়া প্রভাৱ পেলায়। এটি হাঁহিয়ে জীৱনলৈ সৌভাগ্যৰ দুৱাৰ মুকলি কৰি দিব পাৰে। আমাৰ কৰ্মক্ষেত্রৰ জগতখনতো হাঁহিয়ে বহুতো সুযোগ কঢ়িয়াই আনে। বহু বেছি কথা কৈ নিজৰ পৰিচয় দিয়াতকৈ এটি মিচিকিয়া হাঁহিতেই আমাৰ পৰিচয় প্রকাশ পায়।
হাঁহিও এক ধৰণৰ ব্যয়াম। আমি হঁহাৰ লগে লগে শৰীৰৰ গ্রন্হিবোৰত প্রভাৱ পৰে। দেহৰ কোষবোৰ সজীৱ হৈ উঠে। যেতিয়া বেছিকৈ হঁহা যায় তেতিয়া বুকুত জোৰ পৰে আৰু ঘনকৈ উশাহ-নিশাহ ল’ব লগা হয়। ঘনকৈ উশাহ-নিশাহ লোৱাৰ ফলত শৰীৰত অক্সিজেন বেছি পৰিমাণে প্রৱেশ কৰে আৰু কাৰ্ৱন ডাই-অক্সাইড ওলাই যায়। এই প্রক্ৰিয়াই শৰীৰ তজবজীয়া আৰু কাৰ্য্যক্ষণ কৰি ৰাখে। মনলৈ প্রশান্তি আহে। গোমোঠা ভাৱ দূৰ হয়। যেনেকৈ বৰষুণ দিয়াৰ পিছত বতৰ ফৰকাল হয়।
চিন্তাৰ ৰেখা কপালৰ পৰা আঁতৰ কৰক আৰু এটি ধুনীয়া হাঁহিৰে জীৱনটো উপভোগ কৰক।
@Published in Assamese Daily Newspaper' আমি অসমৰ জনগন'
___________________________________________________________________________________
Translated:
Every pursuit of life carries a variety of problems, sorrows, and calamities. Laughter empowers us to suppress these negative forces. This is the first time I've ever seen a squirrel snuggle up to a squirrel in a cage. If an acquaintance is on the street, greet them with a smile. The baby is introduced to the world by a duck in front of its head. With a human or a plaything, a child expresses his feelings with a smile. But slowly we seem to be laughing. You've been busy racing ahead of time. Now I am busy with myself. There is no time for laughter. You have lost the rhythm of life. Success is in the midst of laughter.
Under the influence of modernity we have become instruments. From Whatsapp, Facebook, Instagram, Twitter, etc., we have transformed our feelings into Sticker packs. It's been a long time since I've been in the village, and I'm glad I did. It's been a long time since I've been in the village. Whatsapp group is all over now. In this age of competition, we are running, running and running to get ahead of others. Our laughter, joy, friendship have all been wiped out.
Get in the habit of laughing if you have lost your temper. This is because people who do not know how to laugh cannot or do not enjoy the moments of life. Many people keep their mouths shut. This has a detrimental effect on the body and mind. A smile can open the door to good luck in life. The world of our workplace also brings a lot of opportunities. It's not that we don't know how to do it, it's that we don't know how to do it, it's that we don't know how to do it.
Laughter is also a form of exercise. As soon as we laugh, the glands of the body are affected. The cells of the body become alive. This is because of the fact that when you laugh a lot, you have to take a deep breath and breathe deeply. Excessive inhalation causes more oxygen to enter the body and more carbon dioxide to be released. This process keeps the body active and functioning. Peace of mind. For example, after the rains, the wind blows.
Keep the line of thought away from your forehead and enjoy life with a smoky smile
2 Comments
Bhal lagil
ReplyDeleteThank u
ReplyDelete