
প্ৰেমৰ সংজ্ঞা সকলোৰে বাবে বেলেগ৷ কাৰোবাৰ বাবে আৱেগ, অনুভৱ৷ কাৰোবাৰ বাবে ত্যাগ৷ সকলোৰে জীৱনলৈ প্ৰেম আহে৷ কিন্ত প্ৰেম মানেই প্ৰাপ্তি নহয়৷ ফাগুনে ছতিয়াই দিয়া প্ৰেমৰ আৱিৰত সকলোৱে ফাকু খেলে৷ প্রেমৰ কোনো নিৰ্দিষ্ট দিন নাইI কোনো সুকীয়া সময় নাই উদ্যাপনৰI তথাপি ফাগুন বুলি কলে প্ৰেমৰ এটি বিশেষ দিন উদ্যাপন কৰিবলৈ মন ব্যাকুল হৈ পৰেI ব্যস্ততা ভৰা জীৱনত এদিন ভালপোৱাজনৰ বাবে এটি দিন উপহাৰ দিবলৈ মন যায়I ভাবি থকা কথাবোৰ ব্যক্ত কৰিবলৈ মন যায়I কি উপহাৰ দিম, কি দৰে সজাই তুলিম সেই বিশেষ দিনটি তাৰেই অপেক্ষাত থাকেI সেই বিশেষ দিনটোৱেই হৈছে ভেলেন্টাইন দে'I যুৱ প্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় এই দিনটোI প্ৰেমিকে প্ৰেমিকাৰ বাবে আৰু প্ৰেমিকাই প্ৰেমিকৰ বাবে বুকুত সাঁচি ৰাখে অযুত মৰম, ভালপোৱাI সেই দিনটোত যেন উপচাই পেলাব হৃদয়ৰ সমস্ত ভালপোৱা! প্ৰেম সাগৰৰ দৰে গভীৰ, আকাশৰ দৰে বিশালI প্ৰেম নদীৰ দৰে চিৰপ্ৰৱাহমানI প্ৰেমত নাথাকে কোনো চৰ্ত, নাথাকে কোনো সন্দেহ, নাথাকে কান্দোন, নাথাকে কামনাৰ উত্তেজনাI প্ৰকৃত প্ৰেমত থাকে মাথো বিশ্বাস, নিস্বাৰ্থ ভাৱ, প্ৰেৰণা, সাহস আৰু এটোপোলা হাঁহিৰ উপহাৰI
কিন্তু এচামে এই প্ৰেম নামৰ পৱিত্ৰ শব্দটো দূষিত কৰি পেলাইছেI সময় কটাবলৈ, যৌন উত্তেজনাৰ ক্ষুধা পুৰণ কৰিবলৈহে যেন প্ৰেমত পৰেI বিলাসী বাইক বা গাড়ীত ঘুৰি ফুৰিবলৈ, মদ্যপান কৰিবলৈহে ভেলেন্টাইন দে' উদযাপন কৰেI তাত কোনো আৱেগ, অনুভূতি নাথাকেI ক্ষন্তেকীয়া আকৰ্ষণ মাত্ৰI ভাল লগা কাৰণবোৰ নাইকিয়া হ'লে এৰা এৰি হয়I প্ৰেমাস্পদ সলনি হয়I কোনোবাই সহ্য কৰিব নোৱাৰিলে আত্মহত্যা কৰে আন কোনোবাই লয় প্ৰতিশোধI পঢ়া-শুনা, কেৰিয়াৰ ধ্বংস কৰাৰ লগতে ঘৰৰ সন্মানো ধূলিসাৎ কৰি পেলায়I এনেবোৰ ঘটনা নিয়মিত হৈ পৰিছেI যিসকলে প্ৰেমক বিশ্বাস কৰে, সন্মান দিয়ে তেঁওলোকৰ বাবে প্ৰেম হৈছে সাহস, প্ৰেৰণাI অসন্মান কৰাজনে ধ্বংসৰ মুখলৈকে খোজ দিয়েI ঠেক মনোভাৱেৰে কোনো কামত আগবাঢ়িলে সফল কেতিয়াও হোৱা নাযায়I
পশ্চিমীয়া দেশত ১৪ ফেব্ৰুৱাৰী দিনটো ভেলেন্টাইন দে' হিচাপে পালন কৰেI চেইন্ট ভেলেন্টাইনৰ সোঁৱৰণত সমগ্ৰ বিশ্বই পালন কৰি আহিছে এই বিশেষ দিনটিI অসমৰ সংস্কৃতি নহয় যদিও ইয়াতো যুৱ প্ৰজন্মৰ মাজত খুৱেই জনপ্ৰিয়I নীলা খামৰ চিঠিৰ ভাজত পঠোৱা মৰমবোৰৰ আমেজ এতিয়া Whatsappৰ মেচেজত পোৱা নাযায়I এখন চিঠিৰ বাবে কিমান দিন যে অপেক্ষা কৰিব লগা হৈছিলI এতিয়া চেকেণ্ডতেই খবৰ পোৱা যায়I কিন্তু সেইবুলি এইটো ক'ব নোৱাৰি যে সঁচা প্ৰেম নোহোৱা হৈ গ'লI মাধ্যম যিয়েই নহঁওক, প্ৰকৃত প্ৰেমে সঁচা অন্তৰৰ আপোনজন কৰবাত নহয় কৰবাত বিচাৰি নিশ্চয় পায়I প্রকৃত প্ৰেমে বিচাৰি পায় নিস্বাৰ্থ হৃদয়ৰ ঠিকনাI
3 Comments
Very good
ReplyDeleteপঢ়ি ভাল লাগিছে ৷
ReplyDeleteপঢ়ি ভাল লাগিছে ৷
ReplyDelete