জাপানিছ গাৰ্ডেন, পুনে--ৰ'জলীনা কলিতা (Japanese Garden, Pune)

 
 

  
    প্ৰকৃতিৰ মনোমোহা ৰূপত সকলো ভোল যায়I গছ, ফুল, নৈ সকলোৰে প্ৰিয়I হৰ্ষ হঁওক বা বিষাদ আমি প্ৰকৃতিকে আলিংগন কৰো I গাঁৱত আমি চাৰিওফালে সেউজীয়া দেখিবলৈ পাঁও কিন্তু চহৰ-নগৰত ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ বাবে তেনে পৰিৱেশ নাথাকেI চহৰ-নগৰত উদ্যান বা পাৰ্ক থাকে য'ত প্ৰাকৃতিক পৰিৱেশত খোজ কাঢ়িব পৰা যায়, সময় কটাব পৰা যায় I এই উদ্যান বা পাৰ্কত বিভিন্ন গছ, ফুল, শিলত খোদিত স্তম্ভ আদি থাকেI কিছুমান পাৰ্কত সৰু ল'ৰা-ছোৱালীৰ বাবে খেলাৰ সুবিধাও থাকে I


    মহাৰাষ্ট্ৰ ৰাজ্যৰ পুনে নগৰৰ এখন আশ্চাৰ্যকৰ পাৰ্ক হৈছে Pune Okayama Friendship Garden I জাপান দেশৰ Okayama নগৰৰ ৩০০ বছৰীয়া পুৰণি Koraku-en Gardenৰ আৰ্হিত বনোৱা বাবেই এই পাৰ্কখনক জাপানিছ গাৰ্ডেন বুলিও জনা যায়I পুনে নগৰৰ চিনহাগাদ ৰোদত এই পাৰ্কখন অৱস্হিত I এই পাৰ্কখন পুনে নগৰৰ সবাটোতকৈ ডাঙৰ পাৰ্কI

    জাপানিছ গাৰ্ডেনখনক পু. লা দেশপাণ্ডে গাৰ্ডেন বুলিও জনা যায়I পুৰুষোত্তম লক্ষ্মন দেশপাণ্ডে এগৰাকী মাৰাথী লিখকI লগতে তেঁও এগৰাকী গীতিকাৰ, পৰিচালক, প্ৰযোজক আছিল I তেঁওৰ স্মৃতিত এই পাৰ্কখনক পু লা দেশপাণ্ডে বুলি নামাকৰণ কৰা হয় I

    এই জাপানিছ গাৰ্ডেনখনত প্ৰাকৃতিকভাৱে বৈ অহা জুৰি আছেI ডাঙৰ ডাঙৰ শিলৰ ফাকেৰে বৈ অহা পানীৰ কুলু কুলু শব্দই মনবোৰ শান্ত কৰি পেলায় I গোটেই পাৰ্কখনত বৈ যাব পৰাকৈ ইয়াৰ ব্যৱস্হা কৰা আছে I জুৰিৰ পানীত বিভিন্ন ধৰণৰ ৰং-বিৰঙৰ মাছ দেখিবলৈ পোৱা যায় I জুৰিৰ ওপৰত সৰু সৰু সাঁকো আছে য'ত থিয় হৈ পানীত থকা ৰং-বিৰঙৰ মাছবোৰ চাব পৰা যায় I ১০ একৰ মাটিত এই পাৰ্কখন বনোৱা হৈছেI এই পাৰ্কখনত বিভিন্ন ধৰণৰ ফুল আৰু গছ আছেI বিশেষকৈ আকৰ্ষণ কৰে বাঁহ গছ কেইজোপাইI ইয়াত খোজ কাঢ়ি থাকিলে পাহৰি যোৱা যায় নগৰৰ কৃতিমতা I



    নিজ দেশতেই ক'ত যে কিমান আচৰিত, ধুনীয়া ঠাই আছেI কিন্তু দুখৰ বিষয় এই যে ক'ৰণা ভাইৰাছৰ বাবে এতিয়া লক ডাউন গোটেই পৃথিৱীI মহাৰাষ্ট্ৰত ক'ৰণা ভয়ানক ভাৱে বিয়পিব ধৰিছে I তথাপি আমি আশাবাদীI এদিন নিশ্চয় সকলো ঠিক হ'বI আগৰ দৰেই আমি মুক্ত মনে ঘুৰিব পাৰিম, ফুৰিব পাৰিমI ঘৰতে থাকক, সুৰক্ষিত থাকক I


                                                           


Post a Comment

2 Comments