৭ ফেব্ৰুৱাৰী দিনটো ৰ'জ ডে হিচাপে উদ্যাপন কৰা হয়I ভেলেন্টাইন ডে'ৰ সপ্তাহটোৰ প্ৰথম দিনটো হৈছে ৰ'জ ডে'I চেইন্ট ভেলেন্টাইনক সুঁৱৰি ১৪ ফেব্ৰুৱাৰী দিনটো ভেলেন্টাইন ডে হিচাপে পালন কৰা হয়I কিন্তু ৭ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী লৈ বিভিন্ন নামৰে দিনকেইটা পালন কৰা হয়I ৰ'জ ডে, প্ৰপজ ডে, চকলেট ডে, টেডী ডে, প্ৰমিজ ডে, হাগ ডে, কিছ ডেI এই সপ্তাহটোক 'ৰোমাঞ্চ উইক' বুলিও জনা যায়I 'ৰোমাঞ্চ উইক'ৰ প্ৰথম দিনটো ৰ'জ ডে হিচাপে পালন কৰা যায়I এই দিনটোত প্ৰেমাস্পদে ইজনে সিজনক গোলাপ ফুল উপহাৰ হিচাপে দিয়েI আকৌ কিছুমানে সেইদিনাখন প্ৰেম প্ৰকাশ কৰে প্ৰিয়জনৰ আগত এপাহি গোলাপ ফুলৰ জড়িয়তেI সঁচাকৈয়ে গোলাপ ফুল পাহিৰ কথাই সুকীয়াI গোলাপ ফুল পাহিৰ দৰেই প্ৰেম কোমল, স্পৰ্শকাতৰI
প্ৰেমৰ কোনো সুকীয়া দিন নাই উদ্যাপনৰI প্ৰেম আকাশে, বতাহে সকলোতে আছে সদায় আছেI তথাপি ব্যস্ততা ভৰা জীৱনত প্ৰিয়জনৰ বাবে কোনোবা এটি দিনত বিশেষ কিবা এটি কৰিব পালে মনটো নিশ্চয় আনন্দত নাচি উঠিবI সেয়ে আহকচোন, ৰ'জ ডেত প্ৰিয়জনক উপহাৰ দিঁও এপাহি গোলাপI ক'ব খুজি থকা বহু কথা 'ৰোমাঞ্চ উইক'ৰ প্ৰথম দিনটোতেই প্ৰকাশ কৰোI

Photography by-Gaurav Verma
1 Comments
খুৱ ভাল হৈছে ৷
ReplyDelete